ৰাজনৈতিক দল
১৫ প্ৰবন্ধ
-
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (All India United Democratic Front বা AIUDF) ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত এই দলৰ উৎপত্তি হৈছিল। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা।
-
সমাজবাদী পাৰ্টি
সমাজবাদী পাৰ্টি ভাৰতৰ এটা সমাজবাদী ৰাজনৈতিক দল। জনতা দলৰ প্ৰাক্তন ৰাজনীতিবিদ মুলায়াম সিং যাদৱে প্ৰতিষ্ঠা কৰা এইখনৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। বৰ্তমান সমাজবাদী পাৰ্টিৰ নেতৃত্বত আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ।
-
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট
বড়োলেণ্ড পিপলছ ফ্ৰন্ট (Bodoland Peoples Front (BPF)) (চমুকৈ বি পি এফ) ভাৰতৰ অসম ৰাজ্যৰ এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক ৰাজনৈতিক দল। দলটো বিশেষকৈ অসমৰ বি টি এ ডি (Bodoland Territorial Areas District) অঞ্চলত সক্ৰিয়।
-
ৰাজনৈতিক দল
ৰাজনৈতিক দল (Political party) হৈছে এনে এক সংগঠন যি এখন দেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীসকলক সমন্বয় কৰে। এক ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত ৰাজনীতিৰ বিষয়ে সচৰাচৰ একে ধৰণৰ ধাৰণা থকা আৰু দলবোৰে নিৰ্দিষ্ট আদৰ্শগত বা নীতিগত লক্ষ্যৰ প্ৰচাৰ কৰে।
-
বিজেপি মহিলা মৰ্চা
বিজেপি মহিলা মৰ্চা বা সৰলভাৱে মহিলা মৰ্চা (BJP Mahila Morcha) ভাৰতৰ ভাৰতীয় জনতা পাৰ্টি (BJP)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা শাখা। তামিলনাডু বিজেপি গোটৰ প্ৰাক্তন উপ-সভাপতি তথা কইম্বাটুৰ দক্ষিণ ৰাজ্যিক বিধানসভা সমষ্টিৰ তামিলনাডু বিধানসভাৰ বৰ্তমানৰ সদস্য ৱানথি শ্ৰীনিবাসন গোটটোৰ ৰাষ্ট্ৰীয় সভাপতি।
-
বাঁও-সোঁ ৰাজনৈতিক বৰ্ণালী
বাওঁ–সোঁ ৰাজনৈতিক বৰ্ণালী (Left–right political spectrum) মানে এক ৰাজনৈতিক অৱস্থান, মতাদৰ্শ আৰু দলসমূহৰ শ্ৰেণীবিভাজনৰ ব্যৱস্থা, য’ত সামাজিক সমতা আৰু সামাজিক স্তৰবৃত্তৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন
সৰ্বভাৰতীয় মজলিছে-ই-ইত্তেহাদুল মুছলিমীন বা এম আই এম হৈছে ভাৰতৰ স্বায়ত্তশাসিত ৰাজ্যৰ ৰাজধানী তেলেংগানা ৰ এটা আঞ্চলিক ভিত্তিত ৰাজনৈতিক দল। ইয়াৰ মুখ্য কাৰ্যালয় আঘাপুৰ হায়দৰাবাদ তেলেংগানাত।
-
ককৰোচ জনতা পাৰ্টি
ককৰোচ জনতা পাৰ্টি (CJP) আম আদমী পাৰ্টিৰ প্ৰাক্তন ছ’চিয়েল মিডিয়া কৌশলবিদ অভিজিত দীপকেই ২০২৬ চনৰ ১৬ মে'ত প্ৰতিষ্ঠা কৰা ভাৰতীয় সত্ৰবাদী ৰাজনৈতিক আন্দোলন।
-
ভাৰতীয় জনতা যুৱ মৰ্চা
ভাৰতীয় জনতা যুৱ মৰ্চা (Bharatiya Janata Yuva Morcha)ভাৰতৰ অন্যতম প্ৰধান ৰাজনৈতিক দলৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ শাখা আৰু পূৰ্বতে ভংগ হোৱা জনতা পাৰ্টিৰ যুৱ শাখা ( ১৯৭৮-১৯৮০ চন)। ১৯৭৮ চনত প্ৰতিষ্ঠিত এই দলৰ প্ৰথম ৰাষ্ট্ৰীয় সভাপতি আছিল কলৰাজ মিশ্ৰ। এই মৰ্চা বিশ্বৰ সৰ্ববৃহৎ যুৱ সংগঠন।
-
ইণ্ডিয়ান নেচনেল কাউন্সিল
ইণ্ডিয়ান নেচনেল কাউন্সিল বা ভাৰতীয় জাতীয় পৰিষদ ( Indian National Council) ভাৰতৰ জাতীয়তাবাদী নেতাসকলে থাইলেণ্ডত ১৯৪১ চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা কৰিছিল।
-
কৃষক বনুৱা পঞ্চায়ত
কৃষক বনুৱা পঞ্চায়ত (Assam Peasant and Labour Party) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক সংগঠন আছিল। এই সংগঠনটোৱে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (Revolutionary Communist Party of India)ৰ মুক্ত গণ সংগঠন হিচাপে কাৰ্যকলাপ চলাইছিল। ১৯৪০ চনৰ ২ মে' তাৰিখে গুৱাহাটীত হোৱা এক সমাৰোহত এই দলটো গঠিত হৈছিল।
-
গণ সুৰক্ষা পাৰ্টী
গণ সুৰক্ষা পাৰ্টী কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নব কুমাৰ শৰণীয়াৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। এই পাৰ্টী বড়োভুমি অঞ্চলৰ এক উল্লেখযোগ্য আঞ্চলিক ৰাজনৈতিক দল।
-
চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস
চীনা কমিউনিষ্ট পাৰ্টিৰ ইতিহাস ( History of the Chinese Communist Party) আৰম্ভ হয় ১৯২১ চনৰ জুলাই মাহত। পেকিং বিশ্ববিদ্যালয়ৰ অধ্যাপক চেন ডুছিউ আৰু লি ডাঝাও ৰ নেতৃত্বত মাৰ্ক্সবাদৰ বিষয়ে আলোচনা কৰিবলৈ গোট খোৱা এক অধ্যয়ন দলৰ আলোচনাৰ ফলত ১৯২১ চনৰ জুলাই মাহত আনুষ্ঠানিকভাৱে চীনা কমিউনিষ্ট পাৰ্টি (CCP)…
-
চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন
চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন (ইংৰাজী: Centre of Indian Trade Unions চমুকৈ, CITU) ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেড ইউনিয়ন। ই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ লগত জড়িত। ইয়াৰ উপস্থিতি বেছিভাগেই ভাৰতৰ ৰাজ্য ত্ৰিপুৰা, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, অসম আৰু অন্ধ্ৰপ্ৰদেশত।
-
মাৰ্ক্সিষ্ট মঞ্চ
মাৰ্ক্সিষ্ট মঞ্চ (Marxist Platform) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। এই দলটোয়ে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ বিভাজিত স্থানীয় গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই দলটোৰ ৰাতাবাৰী বিধানসভা সমষ্টিত কিছূ জনভিত্তি আছে আৰু এই সমষ্টিত দলটোৱে অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰিছিল।