ভাৰতৰ চৰকাৰী যোজনা আৰু নীতি
১৯ প্ৰবন্ধ
-
বেটি বচাও, বেটি পঢ়াও
বেটি বচাও, বেটি পঢ়াও অভিযান (অনুবাদ: কন্যা শিশু ৰক্ষা কৰক, কন্যা শিশুক শিক্ষা দিয়ক) ই ভাৰতৰ এটি সামাজিক প্ৰচাৰ অভিযান, যাৰ লক্ষ্য হ'ল কন্যা সন্তানৰ বাবে কল্যাণমূলক সেৱা প্ৰদানৰে দক্ষতা বৃদ্ধি তথা সচেতনতা সৃষ্টি।
-
স্বচ্ছ ভাৰত অভিযান
স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান যাৰ উদ্দেশ্য সকলোকে দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আবশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলা।
-
সৰ্বশিক্ষা অভিযান
সৰ্বশিক্ষা অভিযান হৈছে ভাৰতত প্ৰচলিত এক শৈক্ষিক আঁচনি। নিৰ্দিষ্ট "সময়সীমাৰ ভিতৰত" প্ৰাথমিক শিক্ষাৰ সৰ্বজনীনকৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছিল।
-
অংগনবাদী
অংগনবাদী (Anganwadi) হৈছে ভাৰতৰ এক প্ৰকাৰৰ গ্ৰাম্য শিশু যত্ন কেন্দ্ৰ। শিশুৰ ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজিবলৈ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচেছ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰত চৰকাৰে ১৯৭৫ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। হিন্দী ভাষাত অংগনবাদী বা অংগনৱাড়ীৰ অৰ্থ হৈছে ‘চোতালৰ আশ্ৰয়’।
-
মে'ক ইন ইণ্ডিয়া
মেক ইন ইণ্ডিয়া ভাৰত চৰকাৰৰ এক অভিলাষী কাৰ্যক্ৰম আৰু ইয়াৰ জৰিয়তে কোম্পানীসমূহক ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ ভাৰতত নিৰ্মাণ কৰিবলৈ প্ৰেৰিত কৰা হয়। ২০১৪ চনৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক ইন ইণ্ডিয়া কাৰ্যক্ৰমৰ উদ্বোধন কৰে।
-
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (Kasturba Gandhi Balika Vidyalaya) ভাৰতৰ পিছপৰা শ্ৰেণীৰ বাবে ভাৰত চৰকাৰে স্থাপন আৰু পৰিচালনা কৰা আৱাসিক ছোৱালী মাধ্যমিক বিদ্যালয়।
-
প্ৰধান মন্ত্ৰী উজ্জ্বলা যোজনা
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হ'ল ভাৰতৰ দুখীয়া পৰিয়ালৰ মহিলাসমূহৰ মুখত হাঁহি অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ২০১৬ চনৰ ১ মে'ত আৰম্ভ কৰা এটা যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলাবোৰক বিনামুলীয়াকৈ এল.পি.জি. সংযোগ যোগান ধৰা হয়।
-
সুকন্যা সমৃদ্ধি যোজনা
সুকন্যা সমৃদ্ধি ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত এক যোজনা। এই যোজনাত ছোৱালী সন্তানৰ পিতৃ-মাতৃক লক্ষ্য কৰা হৈছে। ভৱিষ্যতে ছোৱালী সন্তানটিৰ শিক্ষা আৰু বিবাহৰ খৰছৰ বাবে এক পুঁজি নিৰ্মাণ কৰাই এই যোজনাৰ উদ্দেশ্য।
-
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (National Mission for Secondary Education) হৈছে সমগ্ৰ ভাৰতৰ ৰাজহুৱা বিদ্যালয়সমূহত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতাৰ এখন আঁচনি (centrally sponsored scheme)।
-
আয়ুষ্মান ভাৰত যোজনা
আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এ বি পি এম-জে এ ৱাই)Ayushmaan Bharat Pradhanmantri Jan Aarogy Yojna(AB PM-JAY)হৈছে ভাৰত চৰকাৰ এক ৰাষ্ট্ৰীয় জনস্বাস্থ্য বীমা আঁচনি যাৰ লক্ষ্য হৈছে দেশৰ নিম্ন আয়ৰ লোকসকলৰ বাবে স্বাস্থ্য বীমাৰ সুবিধা বিনামূলীয়াভাৱে প্ৰদান কৰা।
-
কিশোৰী শক্তি যোজনা
কিশোৰী শক্তি যোজনা হৈছে (Adolescent Girl Empowerment Scheme)ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আৰম্ভ কৰা এক আঁচনি, যিখন উড়িশা চৰকাৰে সংহত শিশু উন্নয়ন সেৱা (আই চি ডি এছ) চৰকাৰী কাৰ্যসূচীৰ অধীনত ১১ৰ পৰা ১৮ বছৰ বয়সৰ নাবালক ছোৱালীৰ বাবে ৰূপায়ণ কৰে।
-
নিষ্ঠা (চৰকাৰী আঁচনি)
নিষ্ঠা (National Initiative for School Heads' and Teachers' Holistic Advancement, NISHTHA) হৈছে ভাৰত চৰকাৰৰ এখন আঁচনি। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে নিষ্ঠা নামৰ এই সংহত শিক্ষক প্ৰশিক্ষণ ব্যৱস্থাপনা এটিৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত শিকন ফলাফল উন্নীতকৰণৰ বাবে ৰাষ্টীয় আঁচনি এখন হাতত লৈছে।
-
নিৰ্ভয়া নিধি
নিৰ্ভয়া নিধি (Nirbhaya Fund) ২০১৩ চনৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে ঘোষণা কৰা ১০০০ কোটি ভাৰতীয় টকাৰ পুঁজি। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰমে আশা কৰিছিল যে এই পুঁজিয়ে ভাৰতত মহিলাসকলৰ সন্মান আৰু সুৰক্ষা নিশ্চিত কৰা কাৰ্যসূচীক সমৰ্থন কৰিব।
-
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি(Pradhan Mantri Kisan Samman Nidhi Or PM-KISAN) হৈছে ভাৰত চৰকাৰ এক যুগান্তকাৰী পদক্ষেপ যি কৃষকসকলক ন্যূনতম আৰ্থিক সাহায্য হিচাপে প্ৰতি বছৰে ৬,০০০ টকা পৰ্যন্ত প্ৰদান কৰে।
-
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (Pradhan Mantri Matri Vandana Yojana) ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা এক মাতৃত্বকালীন লাভালাভ কাৰ্যসূচী। ২০১০ চনত এই যোজনা প্ৰৱৰ্তন কৰা হৈছিল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক ৰূপায়ণ কৰে।
-
ভাৰতৰ পূবলৈ চোৱা নীতি
ভাৰতৰ পূবলৈ চোৱা নীতি বা লুক ইষ্ট পলিচী (ইংৰাজী: Look East policy) হৈছে এনে এক নীত যাৰ জৰিয়তে দক্ষিণ-পূব এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে দেশৰ অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক মজবুত কৰি নিজকে এক স্থানীয় শক্তিৰূপত গঢ় দিয়াৰ প্ৰচেষ্টা কৰা হৈছে।
-
মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা
মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা (Mahila Kisan Sashaktikaran Pariyojana, MKSP) বা এমকেএছপি ভাৰত চৰকাৰৰ মহিলা কৃষকসকলৰ প্ৰতি সমৰ্পিত এক প্ৰকল্প বা পৰিযোজনা।
-
ৰাজীৱ গান্ধী কিশোৰী সবলীকৰণ আঁচনি
ৰাজীৱ গান্ধী কিশোৰী সবলীকৰণ আঁচনি চমুকৈ সবলা আঁচনি ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা কিশোৰী সবলীকৰণ বাবে আঁচনি। ২০১১ চনত এই যোজনা প্ৰৱৰ্তন কৰা হৈছিল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক ৰূপায়ণ কৰে। উক্ত আঁচনিৰ অধীনত ১১-১৮ বছৰৰ বয়সৰ কিশোৰীসকলক সাঙুৰি লোৱা হৈছে।
-
ৰাষ্ট্ৰীয় পোষণ মাহ
ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্য্যসূচী। ভাৰতত পোষণ অভিযানক গতি প্ৰদান কৰিবলৈ ২০১৮ চনৰ ২৪ জুলাই তাৰিখে 'ভাৰতৰ পুষ্টি প্ৰত্যাহ্বানৰ ওপৰত ৰাষ্ট্ৰীয় পৰিষদে' ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়।