ভাৰতৰ চৰকাৰী সংস্থা
৩৭ প্ৰবন্ধ
-
সাহিত্য অকাডেমি
সাহিত্য অকাডেমি (Sahitya Akademi) হৈছে ভাৰতীয় সাহিত্যৰ উন্নয়ন আৰু সমন্বয় সাধনৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা অনুষ্ঠান। স্বাধীনতাৰ পূৰ্বেই সাহিত্যৰ উন্নয়নৰ বাবে এক ৰাষ্ট্ৰীয় সংস্থা গঠনৰ চিন্তা-চৰ্চা চলি আছিল যদিও ১৯৫২ চনতহে চৰকাৰে সাহিত্য অকাডেমি গঠন কৰাৰ সিদ্ধান্ত লয় আৰু ১৯৫৪ চনৰ…
-
সংগীত নাটক একাডেমী
সংগীত নাটক একাডেমী বা ৰাষ্ট্ৰীয় সংগীত, নৃত্য আৰু নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।
-
আকাশবাণী
আকাশবাণী (All India Radio; आकाशवाणी) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰসাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত, প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত।
-
বিশ্ববিদ্যালয় অনুদান আয়োগ
বিশ্ববিদ্যালয় অনুদান আয়োগ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা এটি বিধিবদ্ধ সংস্থা। ১৯৫৬ চনত বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰা হয়। ভাৰতৰ বিশ্ববিদ্যালয সমূহৰ মাজত সংহতি স্থাপন, মান নিৰ্ণয় আৰু পৰিচৰ্যা ইয়াৰ কাম।
-
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation), চমুকৈ ইছৰো ভাৰতৰ প্ৰধান মহাকাশ গৱেষণা সংস্থা। ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণাধীন এই সংস্থাটি বিশ্বৰ অগ্ৰণী মহাকাশ গৱেষণা সংস্থাসমূহৰ অন্যতম। অতীতৰ বহুতো সুসংহত প্ৰচেষ্টাৰ ফলস্ৰুতিত ১৯৬৯ চনত ইছৰোৱে বৰ্তমানৰ ৰূপত প্ৰতিষ্ঠিত হয়।
-
দূৰদৰ্শন (চেনেল)
দূৰদৰ্শন (চমুকৈ DD) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনস্থ এটা স্বশাসিত ৰাজহুৱা সেৱা সম্প্ৰচাৰক আৰু প্ৰসাৰ ভাৰতীৰ এটা শাখা। ষ্টুডিঅ' আৰু প্ৰেৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক বৃহৎ সম্প্ৰচাৰ উদ্যোগ, যি ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে স্থাপিত হৈছিল।
-
ভাৰতীয় ৰে’ল
ভাৰতীয় ৰে’ল (Indian Railways, চমুকৈ IR) ভাৰত চৰকাৰৰ মালিকানাধীন আৰু ভাৰত চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত এটা উদ্যোগ। ই ১,১৫,০০০ কিলোমিটাৰ ৰে’লপথ আৰু ৭,৫০০টা ষ্টেশ্যনৰে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল জালিকা (networks)।
-
ভাৰতীয় প্ৰশাসনিক সেৱা
ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ (Indian Administrative Service, IAS) সৰ্বভাৰতীয় সেৱাৰ প্ৰশাসনিক বিভাগ। ই ভাৰতৰ প্ৰতিষ্ঠিত অসমৰিক সেৱাসমূহৰ ভিতৰত অন্যতম। ভাৰতীয় পুলিচ সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱা সৰ্বভাৰতীয় সেৱাৰ মুখ্য তিনিটা বিভাগ।
-
ৰাষ্ট্ৰীয় মহিলা আয়োগ
ৰাষ্ট্ৰীয় মহিলা আয়োগ ভাৰত চৰকাৰে স্থাপন কৰা এক সাংবিধানিক আয়োগ। ই মহিলাক প্ৰভাৱিত কৰা নীতি সমূহৰ বিষয়ে ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে ই মহিলাৰ সাংবিধানিক অধিকাৰৰ হকে কাম কৰে আৰু আইনী সাহায্য প্ৰদান কৰে।
-
ভাৰতীয় ষ্টেট বেংক
ভাৰতীয় ষ্টেট বেংক (চমুকৈ এছ বি আই) দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভাৰতৰ সৰ্ববৃহৎ বেংক।
-
কেন্দ্ৰীয় অনুসন্ধান সংস্থা
কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআই ভাৰতৰ অন্যতম প্ৰধান অনুসন্ধানকাৰী সংস্থা। এই সংস্থা কৰ্মচাৰী, জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। এই সংস্থা দেশৰ বহুতো অৰ্থনৈতিক অপৰাধ, বিশেষ অপৰাধ, দুৰ্নীতি আৰু উচ্চ পৰ্যায়ৰ অপৰাধৰ অনুসন্ধানৰ বাবে বিখ্যাত।
-
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ
ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাক (NAAC) ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু প্ৰত্যায়নৰ লগত জড়িত অনুষ্ঠান। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত এই অনুষ্ঠানটো সম্পূৰ্ণ স্বায়ত্ত্বশাসিত।
-
সংঘ লোক সেৱা আয়োগ
সংঘ লোক সেৱা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত কেন্দ্ৰীয় সংস্থা যি অসামৰিক সেৱা পৰীক্ষা, অভিযান্ত্ৰিক সেৱা পৰীক্ষা, চিকিৎসা সেৱা পৰীক্ষা, ৰাষ্ট্ৰীয় সামৰিক একাডেমী পৰীক্ষা (এন ডি এ) আদি গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰে।
-
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (Indian Council of Medical Research; চমুকৈ ICMR) হৈছে ভাৰতৰ জৈৱ-চিকিৎসা সংক্ৰান্তিয় গৱেষণাৰ প্ৰস্তুতি, সহযোগিতা আৰু প্ৰসাৰৰ এক শীৰ্ষ সংস্থা। পৃথিৱীৰ পুৰণি আৰু বৃহৎ গৱেষণা সংস্থাৰ ভিতৰত আইচিএমআৰ অন্যতম।
-
ভাৰতীয় ডাক
ভাৰতীয় ডাক বিভাগ, যি ভাৰতীয় ডাক হিচাপে ব্যৱসায় কৰি আছে, হৈছে ভাৰতৰ চৰকাৰ চালিত ডাক প্ৰণালী যাক সাধাৰণতে ডাক ঘৰ হিচাপে জনা যায়।
-
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ বা নিয়া ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অনুসন্ধান কৰা কেন্দ্ৰীয় সংস্থা। ই কেন্দ্ৰীয় সন্ত্ৰাসবাদ বিৰোধী আইন প্ৰণয়ন সংস্থা হিচাপে কাম কৰে।
-
নীতি আয়োগ
ৰাষ্ট্ৰীয় আয়োগ সংস্থা, ভাৰত, চমুকৈ নীতি আয়োগ (National Institution for Transforming India) ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোজনা আয়োগৰ সলনি গঠন কৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্থা।
-
ভাৰতীয় আৰক্ষী সেৱা
ভাৰতীয় আৰক্ষী সেৱা (Indian Police Service) সৰ্বভাৰতীয় সেৱাৰ অধীনত এক অসামৰিক সেৱা। ইংৰাজ সাম্ৰাজ্যৰ পৰা ভাৰত স্বাধীন হোৱাৰ এবছৰৰ পাছত ১৯৪৮ চনত ভাৰতীয় সাম্ৰাজ্যিক পুলিচৰ (Indian Imperial Police ) ঠাইত এই সেৱাক প্ৰৱৰ্তন কৰা হয়।
-
কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ
কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ পৰিষদ (Central Board of Film Certification, CBFC) বা কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰামাণীকৰণ পৰিষদ হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক বিধিগত চলচ্চিত্ৰ প্ৰমাণীকৰণ সংস্থা।
-
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन) হ'ল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থিত।
-
ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং
ৰিচাৰ্চ এণ্ড এনালাইছিচ উইং (Research and Analysis Wing সংক্ষেপে RAW বা R&AW) হৈছে ভাৰত গণৰাজ্যৰ বাহ্যিক চোৰাংচোৱা সংস্থা। ১৯৬৮ চনত ইয়াৰ প্ৰথম সঞ্চালক ৰামেশ্বৰ নাথ কাওৰ নেতৃত্বত ইয়াক গঠন কৰা হয়।
-
ভাৰতীয় জীৱন বীমা নিগম
ভাৰতীয় জীৱন বীম নিগম (Life Insurance Corporation of India চমুকৈ LIC) ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ বীমা আৰু বিনিয়োগকাৰী সংস্থা। সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনস্থ ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে। বৰ্তমান এই সংস্থাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩.২৫ ট্ৰিলিয়ন টকা হ'ব।
-
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (National Medical Commission) এক ভাৰতীয় নিয়ন্ত্ৰক সংস্থা যিয়ে চিকিৎসা সম্পৰ্কীয় বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। ২০২০ চনৰ ২৫ ছেপ্টেম্বৰত ই পূৰ্বৰ ভাৰতীয় চিকিৎসা পৰিষদৰ ঠাইত নতুনকৈ গঠন কৰা হয়।
-
ভাৰত বতৰ বিজ্ঞান বিভাগ
ভাৰত বতৰ বিজ্ঞান বিভাগ (India Meterological Department, IMD) ভাৰত চৰকাৰৰ ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ অধীনস্থ এটা ভাৰতীয় সংস্থা। বতৰ বিজ্ঞান পৰ্যবেক্ষণ, বতৰ পূৰ্বাভাস আৰু ভূমিকম্প বিজ্ঞানৰ বাবে ই প্ৰধান সংস্থা। আই এম ডিৰ মুখ্য কাৰ্যালয় দিল্লীত আছে।
-
উত্তৰ পূব পৰিষদ
উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ (NEC)-ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন কৰা হৈছিল।
-
নীপকো
উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসীমিত চমুকৈ নীপকো (North Eastern Electric Power Corporation Limited, NEEPCO) হৈছে ভাৰত চৰকাৰ মহাৰত্ন প্ৰতিষ্ঠান NTPC Ltdৰ অধীনৰ ৰাজহুৱা খণ্ডৰ এটা Schedule “A” miniratna category 1 প্ৰতিষ্ঠান। বৰ্ত্তমান উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্যত নীপকোৰ উপস্থিতি আছে।
-
ভাৰতীয় দন্ত পৰিষদ
ভাৰতীয় দন্ত পৰিষদ (ইংৰাজীত: Dental Council of India) চমুকৈ DCI ভাৰতীয় সদনৰ এক্ট ১৯৪৮ (XVI অৱ ১৯৪৮) দ্বাৰা স্থাপন কৰা হয়। DCI ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল উন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা স্বীকিৃতিপ্ৰাপ্ত।
-
সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ
সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ উচ্চশিক্ষা বিভাগৰ অধীনত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তি শিক্ষাৰ পৰিষদ। ১৯৪৫ চনৰ নৱেম্বৰ মাহত এই পৰিষদ চৰকাৰৰ উপদেষ্টা পৰিষদ হিচাপে গঠন কৰা হৈছিল।
-
চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া
চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া (চমুকৈ ছেবি) বা ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড হৈছে ভাৰতৰ চিকিউৰিটি অৰ্থাৎ ঋণপত্ৰৰ বজাৰখনৰ নিয়ন্ত্ৰণকাৰী এক প্ৰতিষ্ঠান।
-
কৰ্মচাৰী চয়ন আয়োগ
কৰ্মচাৰী চয়ন আয়োগ চমুকৈ এছএছচি ভাৰত চৰকাৰৰ অধীনস্থ বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগৰ কৰ্মচাৰীৰ ভৰ্তি কৰা এক সংস্থা। ই ভাৰত চৰকাৰৰ কৰ্মচাৰী,জন অভিযোগ আৰু পেঞ্চন মন্ত্ৰণালয়ৰ অধীনত। ইয়াৰ এজন অধ্যক্ষ, দুজন সদস্য আৰু এজন সচিব তথা পৰীক্ষা নিয়ন্ত্ৰক আছে।