অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

লোকসভাৰ সমষ্টিৰ তালিকা

ভাৰতৰ সংসদ নিম্ন সদন লোকসভা সংসদৰ সদস্যসকল দ্বাৰা গঠিত। সংসদৰ প্ৰতিজন সদস্যই এটা ভৌগোলিক সমষ্টিৰ প্ৰতিনিধিত্ব কৰে। ভাৰতৰ সংবিধান উল্লেখ কৰা অনুসৰি লোকসভাৰ সৰ্বাধিক আকাৰ হৈছে ৫৫০ জন সদস্য, যি ২৮খন ৰাজ্য লোকসকলক প্ৰতিনিধিত্ব কৰা ৫৩০ জন সদস্য আৰু জনসংখ্যাৰ ভিত্তিত ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল লোকসকলক…

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ সংসদ নিম্ন সদন লোকসভা সংসদৰ সদস্যসকল দ্বাৰা গঠিত। সংসদৰ প্ৰতিজন সদস্যই এটা ভৌগোলিক সমষ্টিৰ প্ৰতিনিধিত্ব কৰে।

ভাৰতৰ সংবিধান উল্লেখ কৰা অনুসৰি লোকসভাৰ সৰ্বাধিক আকাৰ হৈছে ৫৫০ জন সদস্য, যি ২৮খন ৰাজ্য লোকসকলক প্ৰতিনিধিত্ব কৰা ৫৩০ জন সদস্য আৰু জনসংখ্যাৰ ভিত্তিত ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল লোকসকলক প্ৰতিনিধিত্ব কৰি ২০ জন সদস্যক লৈ গঠিত। বৰ্তমান লোকসভাত ৫৪৩টা সমষ্টি আছে।১

সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ

২০০২ চনৰ সীমা নিৰ্ধাৰণ আইনৰ অধীনত ভাৰতৰ সীমা নিৰ্ধাৰণ আয়োগে সংসদীয় সমষ্টিসমূহৰ তালিকা, ইয়াৰ সংবিধান সভা খণ্ড আৰু সংৰক্ষণৰ মৰ্যাদা (অনুসূচিত জাতি (SC) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হওক বা অনুসূচিত জনজাতি (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হওক বা অসংৰক্ষিত) পুনৰ সংজ্ঞায়িত কৰিছে। ২০০৮ চনৰ মে' মাহত অনুষ্ঠিত হোৱা কৰ্ণাটক বিধানসভা নিৰ্বাচনত নতুনকৈ সীমা নিৰ্ধাৰণ কৰা বিধানসভা সমষ্টি ব্যৱহাৰ কৰা প্ৰথম ৰাজ্যিক নিৰ্বাচন আছিল।২ফলস্বৰূপে ২০০৮ চনত নিৰ্ধাৰিত সকলো বিধানসভা নিৰ্বাচন, অৰ্থাৎ ছত্তীশগড়, মধ্যপ্ৰদেশ, দিল্লীৰ এনচিটি, মিজোৰাম আৰু ৰাজস্থান ৰাজ্যত নতুনকৈ নিৰ্ধাৰিত বিধানসভা সমষ্টিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। ৩

সাৰাংশ

২০০১ চনৰ লোকপিয়লত নিৰ্ণয় কৰা জনসংখ্যাৰ ওপৰত ভিত্তি কৰি জম্মু-কাশ্মীৰ ৰাজ্যৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যতে দেশৰ সকলো সংসদীয় আৰু বিধানসভা সমষ্টিৰ পুনৰ সালসলনি কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল সীমা নিৰ্ধাৰণ আয়োগৰ অধীনত। ভাৰত চৰকাৰে সীমা নিৰ্ধাৰণ আইন সংশোধন কৰি এখন অধ্যাদেশ জাৰি কৰিছিল, ২০০২ চনৰ ঝাৰখণ্ড ৰাজ্যৰ বাবে সীমা নিৰ্ধাৰণ আয়োগৰ চূড়ান্ত আদেশ বাতিল কৰা হৈছে। পৰৱৰ্তী সময়ত চৰকাৰে সীমা নিৰ্ধাৰণ আইন, ২০০২ৰ ১০ এ ধাৰাত চাৰিটা পৃথক আদেশ গৃহীত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত সীমা নিৰ্ধাৰণৰ অনুশীলন স্থগিত ৰাখিছিল। তলৰ তালিকাখনত ৰাজ্য অনুসৰি মুঠ আসনৰ সংখ্যা আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা উল্লেখ কৰা হৈছে।৪১৯৫২ চনৰ পৰা ২০২০ চনৰ ভিতৰত লোকসভাত দুখন আসন এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ সদস্যৰ বাবে সংৰক্ষিত কৰা হৈছিল। ভাৰত চৰকাৰৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁলোকক মনোনীত কৰে। ২০২০ চনত ১০৪ সংখ্যক সাংবিধানিক সংশোধনী আইন, ২০১৯ৰ অধীনত ইয়াক বাতিল কৰা হয়।৫৬

+ Lok Sabha constituencies per state/union territory#ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলআসন
সাধাৰণঅনুসূচীত জাতিঅনুসূচীত জনজাতিমুঠমুঠ (%)
১অন্ধ্ৰপ্ৰদেশ২০৪১২৫৪.৬০%
২অৰুণাচল প্ৰদেশ২--২০.৩৭%
৩অসম১১১২২৪২.৫৮%
৪বিহাৰ৩৪৬-৪০৭.৩৭%
৫ছত্তীসগঢ়৬১৪১১২.০৩%
৬গোৱা২--২০.৩৭%
৭গুজৰাট২০২৪২৬৪.৭৯%
৮হাৰিয়ানা৮২-১০১.৮৪%
৯হিমাচল প্ৰদেশ৩১-৪০.৭৯%
১০ঝাৰখণ্ড৮১৫১৪২.৫৮%
১১কৰ্ণাটক২১৫২২৮৫.১৬%
১২কেৰালা১৮২-২০৩.৬৮%
১৩মধ্য প্ৰদেশ১৯৪৬২৯৫.৩৪%
১৪মহাৰাষ্ট্ৰ৩৯৫৪৪৮৮.৮৪%
১৫মণিপুৰ১-১২০.৩৭%
১৬মেঘালয়--২২০.৩৭%
১৭মিজোৰাম--১১০.১৮%
১৮নাগালেণ্ড১--১০.১৮%
১৯ওড়িশা১৩৩৫২১৩.৮৭%
২০ পাঞ্জাব৯৪-১৩২.৩৯%
২১ৰাজস্থান১৮৪৩২৫৪.৬০%
২২ছিক্কিম১--১০.১৮%
২৩তামিলনাডু৩২৭-৩৯৭.১৮%
২৪তেলংগানা১২৩২১৭৩.১৩%
২৫ত্ৰিপুৰা১-১২০.৩৭%
২৬উত্তৰ প্ৰদেশ৬৩১৭-৮০১৪.৭৩%
২৭উত্তৰাখণ্ড৪১-৫০.৯২%
২৮পশ্চিমবংগ৩০১০২৪২৭.৭৪%
২৯আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ১--১০.১৮%
৩০চণ্ডীগড়১--১০.১৮%
৩১দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ১-১২০.৩৭%
৩২জম্মু আৰু কাশ্মীৰ৫--৫০.৯২%
৩৩লাডাখ১--১০.১৮%
৩৪লাক্ষাদ্বীপ--১১০.১৮%
৩৫দিল্লী৬১-৭১.২৯%
৩৬পুডুছেৰী১--১০.১৮%
মুঠ৪১২৮৪৪৭৫৪৩১০০%

তথ্যসূত্ৰ

  1. ↑ Members of Parliament
  2. ↑ Karnataka Assembly Election Results in 2008
  3. ↑ (2008-10-14). Press Note (Subject: Schedule for General Election to the Legislative Assemblies of Chhattisgarh, Madhya Pradesh, Mizoram, Rajasthan and NCT of Delhi). Election Commission of India
  4. ↑ (20 March 2019). The Representation of the People (Amendment) Bill, 2008. PRS India
  5. ↑ (23 January 2020). Anglo Indian Representation To Lok Sabha, State Assemblies Done Away; SC-ST Reservation Extended For 10 Years: Constitution (104th Amendment) Act To Come Into Force On 25th Jan. www.livelaw.in
  6. ↑ Anglo Indian Members of Parliament (MPs) of India - Powers, Salary, Eligibility, Term. www.elections.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকসভাৰ সমষ্টিৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৮৩১৪ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।