অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি

মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি (United Nations Development Fund for Women (UNIFEM)) ১৯৭৬ চনৰ ডিচেম্বৰত আন্তৰ্জাতিক মহিলা বৰ্ষত ৰাষ্ট্ৰসংঘৰ মহিলাৰ বাবে দশকৰ বাবে স্বেচ্ছামূলক পুঁজি হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰথম সঞ্চালক মাৰ্গাৰেট চি. স্নাইডাৰ আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭৫৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি (United Nations Development Fund for Women (UNIFEM)) ১৯৭৬ চনৰ ডিচেম্বৰত আন্তৰ্জাতিক মহিলা বৰ্ষত ৰাষ্ট্ৰসংঘৰ মহিলাৰ বাবে দশকৰ বাবে স্বেচ্ছামূলক পুঁজি হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰথম সঞ্চালক মাৰ্গাৰেট চি. স্নাইডাৰ আছিল। এই পুঁজিয়ে মহিলাৰ মানৱ অধিকাৰ, ৰাজনৈতিক অংশগ্ৰহণ আৰু অৰ্থনৈতিক সুৰক্ষাক প্ৰচাৰ কৰা উদ্ভাৱনী কাৰ্যসূচী আৰু ৰণনীতিত বিত্তীয় আৰু কাৰিকৰী সহায় আগবঢ়াইছিল। ১৯৭৬ চনৰ পৰা ই ইয়াৰ কাৰ্যসূচী কাৰ্যালয় আৰু বিশ্বৰ মুখ্য অঞ্চলসমূহৰ মহিলা সংগঠনসমূহৰ সৈতে সম্পৰ্কৰ জৰিয়তে মহিলাৰ সৱলীকৰণ আৰু লিংগ সমতাক আৰ্থিক সাহায্য আগবঢ়াইছিল। লিংগ প্ৰতিক্ৰিয়াশীল বাজেটৰ ওপৰত ইয়াৰ কাম ১৯৯৬ চনত দক্ষিণ আফ্ৰিকাত আৰম্ভ হৈছিল আৰু পূৱ আফ্ৰিকা, দক্ষিণ-পূব এছিয়া, দক্ষিণ এছিয়া, মধ্য আমেৰিকা আৰু এণ্ডিয়ান অঞ্চল অন্তৰ্ভুক্ত কৰিবলৈ সম্প্ৰসাৰিত হৈছিল। ই সকলো দেশতে অৰ্থনৈতিক শাসন শক্তিশালী কৰাৰ এক সঁজুলি হিচাপে লিংগ প্ৰতিক্ৰিয়াশীল বাজেটৰ ৰাষ্ট্ৰসংঘৰ সমগ্ৰ প্ৰণালীত সজাগতা বৃদ্ধিৰ বাবে কাম কৰিছিল। ২০১১ চনত ইয়াক ইউএন ৱমেনৰ সৈতে একত্ৰিত কৰা হয়।

বিৱৰণ

মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ (ইউএনডিপি) সৈতে ঘনিষ্ঠভাৱে কাম কৰা এক স্বায়ত্তশাসিত সংগঠন। অৱশ্যে গৃহীত প্ৰস্তাৱটোত এইটোও উল্লেখ কৰা হৈছিল যে পুঁজিৰ সম্পদবোৰে ৰাষ্ট্ৰসংঘৰ অন্যান্য উন্নয়ন সহযোগিতা সংস্থাৰ দায়িত্বৰ পৰিপূৰক হ'ব লাগে কিন্তু বিকল্প নহয়।১২ এই সংগঠনে মহিলা আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰা প্ৰকল্পসমূহৰ বাবে পুঁজি যোগান ধৰাত সহায় কৰিছিল। ই মহিলাসকলক তেওঁলোকৰ "দান প্ৰাপ্তকৰ্তাৰ সলনি পৰিৱৰ্তনৰ বাবে নিজৰ এজেণ্ট" হোৱাত সহায় কৰাৰ এক কৌশল বিকশিত কৰিছিল। ৩ ইয়াৰ লগতে ই মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ সন্মিলনৰ দ্বাৰা বিকশিত নিৰ্দেশনা অনুসৰণ কৰাটো নিশ্চিত কৰাত সহায় কৰিছিল।৪ মহিলাৰ অধিকাৰক মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়াতো এই সংগঠন জড়িত আছিল।৫ ই সমগ্ৰ বিশ্বতে লিংগ সমতাৰ পোষকতা কৰিছিল। তদুপৰি মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজিয়ে মহিলাৰ অধিকাৰক শান্তি আৰু নিৰাপত্তাৰ বিষয় হিচাপেও উপস্থাপন কৰিছিল। ৬

ইউএনআইএফইএম সংগঠনটোলৈ স্বেচ্ছামূলক অৱদানৰ বাজেটত পৰিচালিত হৈছিল।৭ ইয়াৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত আছিল।৮ ইউএনআইএফইএমৰ ভিতৰত বিভিন্ন দেশ আৰু অঞ্চলৰ নিজা সমিতি আছিল।৯ কানাডিয়ান ৰাজনীতিবিদ ষ্টিফেন লুইছৰ মতে ইউএনআইএফইএম ৰাষ্ট্ৰসংঘৰ সৰু সংস্থাসমূহৰ ভিতৰত এটা আছিল আৰু ৰাষ্ট্ৰসংঘৰ পদানুক্ৰমত নিম্ন স্থানত অৱস্থিত আছিল।১০

ইতিহাস

১৯৭৫ চনত মহিলাৰ বিষয়ে প্ৰথম বিশ্ব সন্মিলনে ইউএনআইএফইএম সৃষ্টিত প্ৰভাৱ পেলায়। বিশ্বৰ বিভিন্ন চৰকাৰসমূহে প্ৰথম সন্মিলনৰ পিছত মহিলাৰ সমস্যাৰ মোকাবিলা কৰিবলৈ পুঁজি গঠনৰ প্ৰয়োজনীয়তা আহি পৰিছিল। সন্মিলনৰ ঠিক পিছতে ১৯৭৬ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মহিলাৰ দশকৰ বাবে ৰাষ্ট্ৰসংঘৰ স্বেচ্ছামূলক পুঁজি (ইউএনভিএফডিডব্লিউ) গঠন কৰিছিল।৫ মাৰ্গাৰেট স্নাইডাৰে ১৯৭৮ চনত সংগঠনটোৰ মুৰব্বী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১১

১৯৮০ৰ দশক

ইউএনভিএফডিডব্লিউক ১৯৮৫ চনৰ ফেব্ৰুৱাৰীত সাধাৰণ সভাৰ দ্বাৰা সম্প্ৰসাৰিত আদেশ প্ৰদান কৰা হৈছিল আৰু মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি (ইউএনআইএফইএম) গঠন কৰা হৈছিল। সংকল্প ৩৯/১২৫ৰ অধীনত, উন্নয়নশীল বিশ্বৰ মহিলাসকলক অভিব্যক্তি আৰু দৃশ্যমানতা প্ৰদান কৰা উদ্ভাৱনী মূলক আৰু অনুঘটক কাৰ্যকলাপৰ বাবে সমৰ্থন আৰু ওকালতি কৰিবলৈ নতুন পুঁজিৰ আহ্বান জনোৱা হৈছিল। ১৯৮৫ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত ইউএনআইএফইএম প্ৰকল্পৰ বাবে পুঁজিৰ আকাৰ দুগুণ হৈছিল। ১২

১৯৯০ৰ দশক

১৯৯০ৰ দশকত ইউএনআইএফইএম ইয়াৰ পৰিসৰ বহল কৰাত জড়িত হৈ পৰে। ১৩ সংগঠনটোৱে "মহিলাৰ অধিকাৰক মানৱ অধিকাৰ" হিচাপে সংজ্ঞায়িত কৰিবলৈ এটা অভিযান আৰম্ভ কৰিছিল আৰু মহিলাৰ বিৰুদ্ধে হিংসাও অৰ্থনৈতিক বিকাশৰ বিষয় হিচাপে উপস্থাপন কৰিছিল। ইউএনআইএফইএমএ ৰক্সানা কেৰিলোৰ দৰে গৱেষকসকলক মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা হিংসাৰ সৈতে মহিলাৰ অৰ্থনৈতিক সুযোগৰ অভাৱৰ সৈতে কেনেদৰে সম্পৰ্কিত তাক প্ৰদৰ্শন কৰিবলৈ নিয়োগ কৰিছিল। "মানৱ অধিকাৰ হিচাপে নাৰীৰ অধিকাৰ"ৰ অভিযান বিশেষভাৱে কাৰ্যকৰী আছিল। ১৪ ইউএনআইএফইএমে লিংগ ভিত্তিক হিংসা হ্ৰাস কৰিবলৈ আৰু সমস্যাটোৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে প্ৰকল্পত কাম কৰা আৰম্ভ কৰে। ১৫

লগতে ১৯৯০ৰ দশকত আফ্ৰিকান ৱমেন ইন ক্ৰাইছিছ ইউএনআইএফইএম-ৰ দ্বাৰা আফ্ৰিকাৰ লোকসকলৰ সন্মুখীন হোৱা সমস্যাবোৰৰ ওপৰত গুৰুত্ব দিবলৈ সৃষ্টি কৰা হৈছিল। ১৬ এএফডব্লিউআইচিয়ে তেওঁলোকৰ নিজৰ দেশত হিংসা বা জৰুৰী কালীন অৱস্থাৰ বাবে স্থানচ্যুত হোৱা মহিলাসকলক সহায় কৰিছিল। পূব আফ্ৰিকাৰ লেকেটচ দিৰাছে আৰম্ভ কৰা কামৰ ওপৰত এএফডব্লিউআইচি সম্প্ৰসাৰিত হৈছিল। ১৭

ইউএনআইএফইএমৰ কামে ১৯৯৫ চনত মহিলাৰ বিষয়ে চতুৰ্থ বিশ্ব সন্মিলনত সম্বোধন কৰা সমস্যাবোৰক আকাৰ দিয়াত সহায় কৰিছিল। ১৮ সন্মিলনত মহিলাসকলে সিদ্ধান্ত লয় যে তেওঁলোকে "ৰাজহুৱা নীতিক পোনপটীয়াকৈ গঢ় দিয়াৰ আনুষ্ঠানিক ক্ষমতা দাবী কৰাটো গুৰুত্বপূৰ্ণ।" ১৯

ইউএনআইএফইএমে লিংগ-আধাৰিত হিংসা আৰু মহিলাৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ বাইশটা প্ৰকল্পত সহায় কৰিবলৈ এক ট্ৰাষ্ট ফাণ্ড সৃষ্টি কৰিছিল।২০২১ এই পুঁজিয়ে ১৯৯৭ চনত প্ৰকল্পসমূহৰ বাবে পুঁজি যোগান ধৰা কাম আৰম্ভ কৰিছিল। ২২

২০০০ৰ দশক

ইউএনআইএফইএমক ২০০০ চনত ইউএনডিপিৰ দ্বাৰা "কাৰ্যকৰী সংস্থাৰ মৰ্যাদা" প্ৰদান কৰা হৈছিল। ইয়াৰ দ্বাৰা সংগঠনটোৱে মহিলাৰ অধিকাৰ আৰু লিংগ সমতাৰ সৈতে সম্পৰ্কিত ইউএনডিপিৰ প্ৰকল্পসমূহ সম্পূৰ্ণ আৰু কাম কৰিবলৈ অনুমতি লাভ কৰে। ইউএনআইএফইএমে ২০০১ চনত 'প্ৰগ্ৰেছ অফ দ্য ৱৰ্ল্ডছ ৱমেন' নামেৰে এক নতুন দ্বিবাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনখনত ইউএনআইএফইএম-এ আগৰ দশকবোৰত কি অৰ্জন কৰিছিল তাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল। লগতে ২০০১ চনত আন্তৰ্জাতিক সতৰ্কতাৰ সৈতে মিলি ইউএনআইএফইএমে মহিলাৰ বাবে সহস্ৰাব্দ শান্তি বঁটা মুকলি কৰে।২৩ ইউএনআইএফইএমৰ মুৰব্বী নোৱেলিন হেইজাৰে মহিলাৰ বিৰুদ্ধে হিংসাৰ ওপৰত এক আন্তৰ্জাতিক আয়োগ গঠন কৰিবলৈ আহ্বান জনাইছিল।২৪ ২০০৬ চনৰ ২৬ জানুৱাৰী তাৰিখে ইউএনআইএফইএমে নিকোল কিডমেনক ইয়াৰ শুভেচ্ছা দূত হিচাপে মনোনীত কৰে।২৫ ইউএনআইএফইএমৰ অন্তিম কাৰ্যবাহী সঞ্চালক আছিল ইনচেছ আলবেৰ্ডি।২৬

২০১০ৰ দশক

২০১১ চনৰ জানুৱাৰী মাহত ইউএনআইএফইএমক ইউএন ৱমেনৰ সৈতে একত্ৰিত কৰা হৈছিল। ২৭২৮ এয়া মহিলাৰ উন্নয়নৰ বাবে আন্তৰ্জাতিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, লিংগ সমস্যাৰ বিশেষ উপদেষ্টাৰ কাৰ্যালয় আৰু মহিলাৰ উন্নয়ন বিভাগৰ সৈতে ৰাষ্ট্ৰসংঘৰ এক মিশ্ৰিত সংস্থা।

কাৰ্যবাহী সঞ্চালকসকল

সংগঠনটোৰ কাৰ্যবাহী সঞ্চালকসকল হৈছে:২৯

সংখ্যাসঞ্চালকদেশকাৰ্যকাল
৪.ইনচেছ আলবেৰ্ডি২০০৭–২০১৪
৩.নোলিন হেইজাৰ]]১৯৯৪–২০০৭
২.শ্বাৰণ কেপলিং-আলাকিজা১৯৮৯–১৯৯৪
১.মাৰ্গাৰেট চি. স্নাইডাৰ১৯৭৮–১৯৮৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Service, UN-NGLS Non Governmental Liaison. UN-NGLS Publications: NGLS Handbook. www.un-ngls.org
  2. ↑ Jain 2005, পৃ. 127
  3. ↑ Jain 2005, পৃ. 128
  4. ↑ Hintjens, Helen. (November 2008). UNIFEM, CEDAW and the Human Rights-based Approach: Assessment: UNIFEM, CEDAW and the Human Rights-based Approach. Development and Change. পৃ. 1181–1192
  5. ↑ Stange, Mary Zeiss; Oyster, Carol K.; Sloan, Jane E. (2011-02-23). Encyclopedia of Women in Today's World. SAGE. পৃ. 1496. ISBN 978-1-4129-7685-5
  6. ↑ Hudson 2010, পৃ. 101-102
  7. ↑ Shahani, Leticia Ramos. (2004). Developing Power: How Women Transformed International Development. The Feminist Press. পৃ. 30–31. ISBN 1-55861-485-0
  8. ↑ (Summer 1998). UNIFEM--United Nations Development Fund for Women. Women's International Network News. পৃ. 3
  9. ↑ Stewart, Randa. (1994). UNIFEM Vows to Empower Women in Developing Countries. Herizons. পৃ. 11
  10. ↑ Heartfield, Kate. (2006-01-09). To Get Women's Voices Into the UN, Start at the Top. The Ottawa Citizen. পৃ. 12
  11. ↑ Snyder 2004, পৃ. 624
  12. ↑ Jain 2005, পৃ. 128
  13. ↑ Hudson 2010, পৃ. 99
  14. ↑ Snyder 2004, পৃ. 628
  15. ↑ Heyzer 1998, পৃ. 22
  16. ↑ Hudson 2010, পৃ. 99-100
  17. ↑ Jain 2005, পৃ. 128
  18. ↑ Hudson 2010, পৃ. 101
  19. ↑ Jain 2005, পৃ. 151
  20. ↑ (Spring 1998). UNIFEM Launches Trust Fund to Eliminate Violence against Women. Women's International Network News. পৃ. 35
  21. ↑ Heyzer 1998, পৃ. 20-21
  22. ↑ Heyzer 1998, পৃ. 20
  23. ↑ (Winter 2001). UNIFEM Biennial Report: Progress of the World's Women 2000. Women's International Network News. পৃ. 3
  24. ↑ Bell, Imogen. (2003). Central and South-Eastern Europe 2004. Regional Surveys of the World. Europa Publications. পৃ. 699. ISBN 9781857431865
  25. ↑ (Summer 2003). UNIFEM: Director Heyzer Calls for Commission on Violence. Women's International Network News. পৃ. 4
  26. ↑ BBC. (2006-01-26). Kidman becomes ambassador for UN. BBC
  27. ↑ Alberdi 2019, পৃ. 10
  28. ↑ Archived copy
  29. ↑ UNIFEM is now UN Women. www.unifem.org

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থাৰাষ্ট্ৰসংঘ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি” প্ৰবন্ধৰ সংশোধন ৩৮২৫১৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।