খাও ৰুম বা হু-ৰুম হল আহোমসকলৰ একপ্ৰকাৰৰ পৰম্পৰাগত জলপান। ইয়াৰ নাম টাই আহোম ভাষাৰ পৰা আহিছে। নামৰ অৰ্থ হল ঢকা ধান অৰ্থাৎ খাও মানে ধান আৰু ৰুম মানে ঢাকি থোৱা।১ খাও ৰুমক কিছু লোকে হু ৰুম বুলিও কয় যি খাও ৰুমৰ অপভ্ৰংশ।
খাও ৰুম প্ৰস্তুত কৰিবলৈ তিতাকচি বৰা ধানৰ প্ৰয়োজন হয়।২ অন্য যিকোনো বৰা ধানৰ পৰাই বনাব পৰা যায় যদিও তিতাকচি বৰা ধানৰ পৰা ই বেছি সুস্বাদু হয়। প্ৰথমে ধানখিনি ৫০ ৰ পৰা ৬০ ঘণ্টা পৰ্যন্ত তিয়াই থব লাগে। তাৰ পিছত সেই পানীখিনি আঁতৰাই পৰিষ্কাৰ কৰি পুনৰ নতুন পানী দি গৰম দিনত ৩ দিন আৰু ঠাণ্ডা দিনত ৭ দিন পৰ্যন্ত তিয়াই থৈ দিয়া হয়।৩ আৰু তাৰ পিছত খাও ৰুম প্ৰস্তুত কৰা হয়। খাও ৰুম সাধাৰণতে গাখীৰ বা ঘিঁউ সৈতেও খোৱা হয়। ই বৰ্তমান সময়ত আহোমৰ উপৰিও অইন খিলঞ্জীয়া জনগোষ্ঠীৰ মাজতো প্ৰচলিত হৈছেম তথাপি অইন অসমৰ পৰম্পৰাগত জলপানত যেনে চিৰা, মুড়ি আদিতকৈ খাও ৰুম কম প্ৰচলিত।
লগতে চাওক
উৎস প্ৰসংগ
- হাজৰিকা, নগেন. অবৌৰঞ্জীক. পৃথিৱী প্ৰকাশন,বেলতলা বজাৰ,গুৱাহাটী-২৮
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাও ৰুম” প্ৰবন্ধৰ সংশোধন ৪৫১৭৬০ (৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।