প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি ধৰিত্ৰী দিৱস (Earth Day) পালন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। বৰ্তমান ইয়াক আৰ্থ ডে' নেটৱৰ্কে ১৯২ খনতকৈও অধিক দেশত সমন্বিত কৰে।১২
১৯৬৯ চনত চান ফ্ৰান্সিস্ক'ত হোৱা ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ (UNESCO) এক আলোচনাচক্ৰত শান্তি উদ্যোগী (peace activist) জন মেককনেলে শান্তিৰ ভাব আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটোৰ বাবে প্ৰস্তাৱ দিয়ে। ১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয়। প্ৰকৃতিৰ এই সন্তুুলনৰ দিনটো (বিষুব সংক্ৰান্তি) মেককনেলে লিখা আৰু চেক্ৰেটেৰী জেনেৰেল ইউ থাণ্ট (U Thant)-এ চহী কৰা এখন চনদৰ যোগেদি অনুমোদন কৰা হয়। এমাহ পাছত ২২ এপ্ৰিল ১৯৭৭ চনৰ দিনা আমেৰিকান চিনেটৰ গে'লৰ্ড নেলচনৰ উদ্যোগত অন্য এক ধৰিত্ৰী দিৱস পালন কৰা হয়। পাচত নেলচনক তেওঁৰ কামৰ বাবে প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰিডম বঁটা প্ৰদান কৰা হয়৷৩ ডেনিচ হেইচৰ উদ্যোগত ১৯৯০ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু ১৪১খন দেশত ইয়াক পালন কৰা হয়৷৪৫ অনেক সংগঠনে এই সময়তে পৰিৱেশ সংৰক্ষণৰ বিষয়ক ধৰিত্ৰী সপ্তাহ পালন কৰে।
বাহ্যিক সংযোগ
- Earth Day Network – Coordinating worldwide events for Earth Day.
- Earth Day Event Calendar at the EnviroLink Network
- Celebrate Earth Day How to Celebrate Earth Day from WikiHow
- Earth Day 2009 Special Coverage on China Development Gateway.
- United States Earth Day – The U.S. government's Earth Day site.
- Who Started Earth Day – The Origins of the equinox Earth Day.
- Billion Acts of Green (Beta) – Official Earth Day Network's "Billion Acts of Green" website for students and young adults
তথ্যসূত্ৰ
- ↑ Earth Day Network. Earthday.net
- ↑ Earth Day International
- ↑ Earth Day | Care2 Healthy Living. Care2.com
- ↑ Staff — The Bullitt Foundation. Bullitt.org
- ↑ The Rumpus Interview With Earth Day Organizer Denis Hayes. The Rumpus.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰিত্ৰী দিৱস” প্ৰবন্ধৰ সংশোধন ৪২১৫৫৮ (২৪ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।