গুৱাহাটী মহাবিদ্যালয় (Guwahati College) অসমৰ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৪ চনত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।১
ইতিহাস
গুৱাহাটী মহাবিদ্যালয় ১৯৬৪ চনত স্থাপন কৰা হৈছিল। প্ৰথমে ইয়াৰ কোনো স্থায়ী ভৱন নাছিল। গুৱাহাটী চহৰৰ বামুণীমৈদামত স্থানত মাত্ৰ ৭৫ গৰাকী শিক্ষাৰ্থীৰ সৈতে মোহাৰিছ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাংগনত অস্থায়ী ভাবে শ্ৰেণীসমূহ অনুষ্ঠিত কৰা হৈছিল। পিছলৈ ইয়াক বৰ্তমান স্থানলৈ স্থানান্তৰ কৰা হয়। ২০১৫ চনত মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ মুল্যাংকনত "বি" শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে স্বীকৃতি লাভ কৰে।
পাঠ্যক্ৰম
মহাবিদ্যালয় খনে কলা আৰু বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও মহাবিদ্যালয় খনত আন কিছুমান বৃত্তিমুখী পাঠ্যক্ৰমৰো ব্যৱস্থা আছে। বৰ্তমান মহাবিদ্যালয়খনত তলত দিয়া পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়:
- উচ্চতৰ মাধ্যমিক (কলা, বাণিজ্য আৰু বিজ্ঞান)
- স্নাতক (কলা, বাণিজ্য আৰু বিজ্ঞান)
- অলংকাৰিক মীনপালন আৰু একুৰিয়াম ব্যৱস্থাপনাৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰম
- খুচুৰা আৰু বিক্ৰী ব্যৱস্থাপনা
- কথিত আৰু যোগাযোগমূলক ইংৰাজীত প্ৰমাণপত্ৰ পাঠ্যক্ৰম
বিভাগ
কলা
- অসমীয়া
- ইংৰাজী
- শিক্ষা
- অৰ্থনীতি বিজ্ঞান
- ভূগোল
- ইতিহাস
- ৰাজনীতি বিজ্ঞান
বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিজ্ঞান
- ভূগোল
- গণিত
- পদাৰ্থ বিজ্ঞান
- প্ৰাণীবিজ্ঞান
বাণিজ্য
- বাণিজ্য২
তথ্যসূত্ৰ
- ↑ Affiliated College of Gauhati University
- ↑ Courses. Guwahati College
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮০৬৯৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।