অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হৰিজন সেৱক সংঘ

হৰিজন সেৱক সংঘ হৈছে ১৯৩২ চনত মহাত্মা গান্ধীৰ দ্বাৰা গঠিত এটি অলাভজনক সামাজিক সংস্থা। ই ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণ, হৰিজন বা দলিত লোকসকলৰ বাবে তথা হতাশাগ্ৰস্ত সকলৰ উন্নতিৰ হকে কাম কৰে। দিল্লীৰ কিংচ্‌ৱে কেম্পত ইয়াৰ মুখ্য কাৰ্য্যালয় আৰু ভাৰতৰ ২৬খন ৰাজ্যত ইয়াৰ শাখা কাৰ্য্যালয় আছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হৰিজন সেৱক সংঘ হৈছে ১৯৩২ চনত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা গঠিত এটি অলাভজনক সামাজিক সংস্থা।১ ই ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণ, হৰিজন বা দলিত লোকসকলৰ বাবে তথা হতাশাগ্ৰস্ত সকলৰ উন্নতিৰ হকে কাম কৰে। দিল্লীৰ কিংচ্‌ৱে কেম্পত ইয়াৰ মুখ্য কাৰ্য্যালয় আৰু ভাৰতৰ ২৬খন ৰাজ্যত ইয়াৰ শাখা কাৰ্য্যালয় আছে।২

ইতিহাস

দ্বিতীয় ঘূৰণীয়া মেজমেলৰ পাছত ভীমৰাও ৰামজী আম্বেদকাৰৰ অনুৰোধত ব্ৰিটিছ চৰকাৰে হতাশাগ্ৰস্ত সকলক সাম্প্ৰদায়িক বঁটা দিবলৈ থিৰাং কৰে। গান্ধীয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে কাৰণ ই হিন্দু সমাজখনক বিভক্ত কৰিব বুলি তেওঁ আশংকা কৰিছিল। তেওঁ য়ৰবদা ফাটেকত অনিৰ্দিষ্ট কাললৈ অনশনত বহে আৰু ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে আম্বেদকাৰৰ সৈতে পুনা চুক্তি ত চহী কৰি অনশন ভংগ কৰে। সমাজৰপৰা অস্পৃশ্যতা নিবাৰণৰ বাবে ৩০ ছেপ্টেম্বৰত গান্ধীয়ে অল ইণ্ডিয়া এণ্টি আনটাচেবিলিটি লীগ গঠন কৰে, যাক পিছলৈ হৰিজন সেৱক সংঘ নাম দিয়া হয়।৩ সেইসময়ত উদ্যোগপতি ঘনশ্যাম দাস বিৰলা এই সংঘৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অমৃতলাল টক্কৰ সম্পাদক আছিল।৪

গতিবিধি

সংঘই দলিত বৰ্গক মন্দিৰ, বিদ্যালয়, বাট-পথ, পানীৰ উৎস আদি সমজুৱা স্থানত প্ৰৱেশত সহায় কৰে আৰু আন্তঃ ভোজন আৰু বৰ্ণবৈষম্য মূলক বিবাহ আয়োজিত কৰে।৫ সমগ্ৰ দেশতে সংঘই বহুতো স্কুল আৰু ছাত্ৰাবাস নিৰ্মাণ কৰিছে।৬

১৯৩৯ চনত, তামিলনাডুৰ হৰিজন সেৱক সংঘই উচ্চবৰ্গীয় হিন্দুৰ বাধা সত্ত্বেও দলিত বৰ্গৰ কিছু সদস্যক লৈ মীনাক্ষী আম্মা মন্দিৰত প্ৰৱেশ কৰে। দলিত বৰ্গৰ মাজত পি কক্কনো আছিল। আয়াৰৰ নেতৃত্বত সংঘই তামিলনাডুৰ অন্যান্য ঠাই আৰু ত্ৰভানকৰত অৱস্থিত মন্দিৰত প্ৰৱেশৰ বিভিন্ন আন্দোলন পৰিচালনা কৰিছিল।৭৮ তেওঁলোকৰ আন্দোলনৰ জৰিড়তে ১০০ত কৈও অধিক মন্দিৰৰ দুৱাৰ সমাজৰ সকলো স্তৰৰ লোকৰ বাবে খুলি দিয়া হৈছিল।৯

অসমৰ যোৰহাট জিলাৰ সৰ্বাইবন্ধা নিবাসী দেশপ্ৰাণ কৃষ্ণনাথ শৰ্মাৰ ঘৰৰ নামঘৰো দলিত লোকসকলৰ বাবে খুলি দিয়া হৈছিল। মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত নিজে এই নামঘৰৰ দুৱাৰ মুকলি কৰিছিল। যোৰহাটৰ এটি ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল। ১০

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ (10 February 2007). Harijan Sevak Sangh to publicise activities. The Hindu
  2. ↑ Organisation. Harijan Sevak Sangh
  3. ↑ (24 May 2018). Naming the reality
  4. ↑ Ratna G. Revankar. (1 January 1971). The Indian Constitution: A Case Study of Backward Classes. Fairleigh Dickinson Univ Press. পৃ. 124. ISBN 978-0-8386-7670-7
  5. ↑ Raj Kumar. (1 January 2003). Essays on Dalits. Discovery Publishing House. পৃ. 67. ISBN 978-81-7141-708-7
  6. ↑ Bindeshwar Pathak. (1 September 1999). Road to Freedom: A Sociological Study on the Abolition of Scavenging in India. Motilal Banarsidass. পৃ. 70. ISBN 978-81-208-1258-1
  7. ↑ (12 March 2013). Man who led Harijans into the temple. The Hindu
  8. ↑ (9 July 2013). Reliving the historic temple entry. The Hindu
  9. ↑ Rajendra Kumar Sharma. (1997). Rural Sociology. Atlantic Publishers & Dist. পৃ. 172. ISBN 978-81-7156-671-6
  10. ↑ Tora Agarwala. (3 October, 2019). This Naamghar in Assam’s Jorhat marked an epochal moment in Mahatma Gandhi’s fight against untouchability. indianexpress.com/

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিজন সেৱক সংঘ” প্ৰবন্ধৰ সংশোধন ৩৮৩৩৪৩ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।