ধেমাজি মহাবিদ্যালয় (ইংৰাজী ভাষা: Dhemaji College) ধেমাজি জিলাৰ আটাইতকৈ পুৰণি মহাবিদ্যালয়।
ইতিহাস
১৯৬৫ চনৰ ১ আগষ্ট তাৰিখে ধেমাজি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
স্বীকৃতি
২০১০ চনত ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ দ্বাৰা Centre with Potential Excellence (CPE) হিচাপে সন্মানিত কৰা হৈছিল।
বিভাগ আৰু কেন্দ্ৰসমূহ
শৈক্ষিক বিভাগ
- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- শিক্ষাতত্ত্ব বিভাগ
- ইংৰাজী বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- সমাজতত্ত্ব বিভাগ
- ৰসায়ন-বিজ্ঞান বিভাগ
- উদ্ভিদবিজ্ঞান বিভাগ
- প্ৰাণীবিজ্ঞান বিভাগ
- গণিত বিভাগ
- বিদ্যুৎ বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- কম্পিউটাৰ বিজ্ঞান
- দৰ্শন বিভাগ
কেন্দ্ৰ
- শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ (CECDC)
- স্বচলিত বতৰ তথ্য কেন্দ্ৰ (Automatic weather information centre )
পাঠ্যক্ৰম
মহাবিদ্যালয় খনত বৰ্তমান উপলব্ধ পাঠ্যক্ৰম সমূহ:--
- উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান শাখা)
- স্নাতক ডিগ্ৰী (কলা আৰু বিজ্ঞান শাখা)
- কম্পিউটাৰ বিজ্ঞান ডিগ্ৰী (Bachelor of Computer Application) (অনাগত)
- স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম
- উদ্ভিদ কলা-কৰ্ষণ
স্নাতকোত্তৰ ডিপ্লমা
- দুৰ্যোগ ব্যৱস্থাপনা স্নাতকোত্তৰ ডিপ্লমা
- স্নাতক ডিপ্লমা
- প্ৰমাণপত্ৰ
- কম্পিউটাৰ এপ্লিকেচন.
- মানৱ অধিকাৰ,
- ভ্ৰমণ আৰু পৰ্যটন পৰিচালনা,
- বন আৰু বন্যজীৱন পৰিচালনাৰ ওপৰত স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম ইত্যাদি..
মহাবিদ্যালয়খনে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভিন্ন পাঠ্যক্ৰম সমূহ প্ৰদান কৰে।
ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস
ধেমাজি মহাবিদ্যালয় ছাত্ৰাবাস
- মুঠ আসন= ৫২
- অধীক্ষক= কুমুদ বৰগোহাঁই
ৰত্নদীপা ছাত্ৰীনিবাস
- মুঠ আসন= ৩০
মনিদিপা ছাত্ৰীনিবাস
- মুঠ আসন= ৩০
জ্ঞানদীপা ছাত্ৰীনিবাস
- মুঠ আসন= ৩৫
- অধীক্ষক= দীপালী নেওগ,শৈলেন বৰকাকতী
স্বচলিত বতৰ তথ্য কেন্দ্ৰ
মহাবিদ্যালয় খনত স্বচলিত বতৰ তথ্য কেন্দ্ৰ ( Automatic Weather Information Centre) আছে যি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO), Bangalore and Assam Science, Technology and Environment Council (ASTEC), Guwahati ৰ অন্তৰ্গত। তদুপৰি অন্য এটা Automatic Weather Information Centre মহাবিদ্যালয়ত আছে যি ASTEC আৰু Department of Science and Technology, অসম চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধেমাজি মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২৯২২৫০ (২৪ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।