চম্পাৱতী ( Champavati) অসমীয়া সমাজ জীৱনৰ এটি চিনাকি নাম৷ সাধুকথা, নাটক, কবিতা, মালিতা, কথাছবি সকলোতে চম্পাৱতী নামৰ এক চৰিত্ৰই স্থান লাভ কৰি আহিছে৷ চম্পাৱতী লোককথাৰ নায়িকা৷ চম্পাৱতীৰ প্ৰকৃত অৱস্থিতি কোনেও নাজানে৷ অসমীয়া লোককথাৰ নাৰী “চম্পাৱতী’’ক পোনতে লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি ছপাৰূপত প্ৰকাশ কৰে৷ অসমীয়া লোককথাত চম্পাৱতী এক সাউদৰ জীয়েক৷ সাউদৰ দুজনী পত্নী আছিল৷ দুয়োৰে দুজনী ছোৱালী আছিল৷ সাউদৰ লাগী ঘৈণীয়েকৰ কুমন্ত্ৰণাত চম্পাৱতী আৰু মাকক ঘৰৰ বাজ কৰি বাৰীচুকতে এটা ঘৰ সাজি থাকিবলৈ দিছিল৷ মাহীমাকৰ অত্যাচাৰত চম্পাৱতী আৰু মাকে বৰ কষ্টেৰে জীৱন যাপন কৰিছিল৷ মাক-জীয়েক দুয়ো আছিল সৎ প্ৰকৃতিৰ৷
এবাৰ পিতৃ সাউদে চম্পাৱতীক পথাৰত ধান ৰখিবলৈ পঠিয়ালে৷ বতা চৰায়ে পকা ধান খাই অনিষ্ট কৰিছিল৷ চম্পাৱতী পথাৰলৈ গ’ল আৰু বতা চৰাইবোৰ খেদিবলৈ কাকূতি কৰি গাবলৈ ধৰিলে;
হুৰ হুৰ বতা চৰাই, মোৰে ধান নাখাবি, তোক দিম গোটেকৰাই৷
তাইৰ গীত শুনি ধাননিৰ মাজৰ পৰা কোনো মধুৰ কণ্ঠই উত্তৰ দিলে,
ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰাই ঘৰলৈ যাম৷
আৰু চাওক
- চম্পাৱতী (সাধু)
- সৰ্প ৰাজকুমাৰ (পঞ্জাবী সাধুকথা)
- সৰ্প ৰাজকুমাৰ (হাংগেৰিয়ান লোককথা)
- সৰ্প ৰাজকুমাৰৰ টোপনি যোৱা মূৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চম্পাৱতী” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৭৫ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।