অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ঠেঙ্গাল কছাৰী জনগোষ্ঠী

ঠেঙ্গাল কছাৰী (Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী শাখাৰ এটা জনগোষ্ঠী। ঠেঙ্গাল কছাৰী সকলে বৰ্তমান অসমীয়া ভাষা ব্যৱহাৰ কৰে। এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮৭৬ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ঠেঙ্গাল কছাৰী (Thengal Kachari) লোকসকল অসমীয়া জাতিৰ অন্যতম অংগ। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী শাখাৰ এটা জনগোষ্ঠী। ঠেঙ্গাল কছাৰী সকলে বৰ্তমান অসমীয়া ভাষা ব্যৱহাৰ কৰে।১ এই সম্প্ৰদায়টিৰ সাংস্কৃতিক জীৱন অসমীয়া জাতীয় সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে।২ উত্তৰ-পূব ভাৰতত মংগোলীয়সকল কোন সময়ত প্ৰৱেশ কৰিছিল সঠিককৈ কোৱা টান। আনুমানিক খৃ:পূ: ১০০০ বছৰৰ পূৰ্বে তেওঁলোকে এই অঞ্চলত প্ৰৱেশ কৰিছিল। ৩

ৰেভাৰেণ্ড ছিডনী এণ্ডলে বড়োগোষ্ঠীৰ লোকক দুটা ভাগত ভাগ কৰিছে, সেইদুটা হৈছে:-

  1. উত্তৰ গোষ্ঠী - বড়ো, ৰাভা, মেচ, ধিমাল, কোঁচ, ছলনিমীয়া, মহলীয়া, ফুলগৰীয়া, শৰণীয়া
  2. দক্ষিণ গোষ্ঠী - ডিমাছা, হোজাই, লালুং, গাৰো, হাজং, পৰ্বতীয়া তিপ্‌ৰা (ত্ৰিপুৰা) আদি।

কিছুসংখ্যক পণ্ডিতে বিশ্বাস কৰে যে ৰেভাৰেণ্ড ছিডনী এণ্ডলে উল্লেখ কৰা উত্তৰ গোষ্ঠীৰ শৰণীয়াসকলেই উজনিৰ ঠেঙ্গাল আৰু সোণোৱাল কছাৰীসকল।

'''ৰেভাৰেণ্ড ছিডনী এণ্ডলৰ "The Kacharis" গ্ৰন্থৰ আধাৰত পণ্ডিতসকলে অনুমান কৰা অনুসৰি ঠেঙ্গাল কছাৰীৰ অৱস্থান'''
ৰেভাৰেণ্ড ছিডনী এণ্ডলৰ "The Kacharis" গ্ৰন্থৰ আধাৰত পণ্ডিতসকলে অনুমান কৰা অনুসৰি ঠেঙ্গাল কছাৰীৰ অৱস্থানছবি: Antariksh1 · CC BY-SA 3.0

ড॰ ভুবনমোহন দাসে এই বিভাজনক অসমত প্ৰব্ৰজন অনুসৰি দুটা ভাগত ভাগ কৰিছে -

  1. পশ্চিম গোষ্ঠী - ৰাভা, মেচ, গাৰো, তি্‌পৰা ইত্যাদি।
  2. পূ্ব গোষ্ঠী - ডিমাছা, সোণোৱাল, ঠেঙ্গাল, জাৰুৱা ইত্যাদি।

এই পূব গোষ্ঠীতেই ঠেঙ্গাল কছাৰীক ড॰ দাসে অন্তৰ্ভুক্ত কৰিছে।

'''ড॰ ভুবনমোহন দাসৰ "The Peoples of Assam" গ্ৰন্থৰ মতে ঠেঙ্গাল কছাৰীৰ অৱস্থান'''
ড॰ ভুবনমোহন দাসৰ "The Peoples of Assam" গ্ৰন্থৰ মতে ঠেঙ্গাল কছাৰীৰ অৱস্থানছবি: Antariksh1 · CC BY-SA 3.0

নামৰ উৎপত্তি

বুৰঞ্জীবিদ আৰু পণ্ডিত সকলৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাত পৰ্বতৰ দাঁতি-কাষৰীয়া ঠাইত প্ৰথমে বাস কৰা মংগোলীয় বা কিৰাত সকলেই এসময়ত কছাৰী নাম পায় আৰু 'কছাৰী' নামকৰণ অসমৰ হিন্দু ওচৰ-চুবুৰীয়া সকলৰ সৃষ্টি। হেমকোষত ' ঠেঙ্গাল ' ৰ বিষয়ে অসমৰ এজাতি আদিমবাসী কছাৰী বুলি উল্লেখ কৰিছে।

কিছু লেখকৰ মতে ১৫২৬ খ্ৰীষ্টাব্দৰ কছাৰী-আহোমৰ যুদ্ধত কিছু কছাৰী সৈন্য পৰিয়ালৰ সৈতে দৈয়াং নদীৰ পাৰৰ কাছমাৰীত (গোলাঘাট) পৃথক কছাৰী ৰাজ্য স্থাপন কৰিবলৈ আহিছিল।৪ সেই সময়ত কছাৰী সৈন্যই ঠেঙ্গা পিন্ধি যুদ্ধ কৰিছিল। কিন্তু পিছলৈ তেওঁলোকে যুদ্ধৰ বাহিৰেও যিকোনো সময়ত ঠেঙ্গা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। সেয়ে এই গোষ্ঠীটোক আন মানুহে "ঠেঙ্গাল" বুলি অভিহিত কৰিছিল আৰু পিছলৈ তেওঁলোকক পৃথক ঠেঙ্গাল কছাৰী জনগোষ্ঠী নামেৰে জনা গৈছিল। আন কিছু লেখকৰ মতে, আহোম ৰজাই সাহসী আৰু যুদ্ধ বিদ্যাত পাকৈত কছাৰীসকলক যুদ্ধৰ বাবে সৈনিক হিচাপে ৰাখিছিল আৰু যুদ্ধৰ বাবে তেওঁলোকক ঠেঙ্গা (Pantloon) পিন্ধিবলৈ দিছিল। সেই ঠেঙ্গা পিন্ধাৰ বাবেই তেওঁলোকক ঠেঙ্গাল বুলি মাতিছিল। সময়ৰ লগে লগে সেই ঠেঙা পিন্ধা কছাৰীসকলেই ঠেঙ্গাল সম্প্ৰদায়ত পৰিণত হয়।৫

আন এটা মতামত হ’ল আহোম শাসনৰ সময়ত কছাৰী লোকসকলক সোণ আৰু ৰূপ আহৰণ কৰা কামৰ ভিত্তিত ‘সোণোৱাল’ আৰু ‘ৰূপোৱাল’ বা ‘ঠেঙ্গাল’ হিচাপে বিভক্ত কৰা হৈছিল।৬ কিন্তু এই মতামতটো ঠেঙ্গালকছাৰীলোকসকলৰ বাবে ভিত্তিহীন আৰু দুৰ্বল।৫

বৰ্তমান ঠেঙ্গাল কছাৰী সকল যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ জিলা, দৰং জিলা, শোণিতপুৰ জিলা, কাৰ্বি আংলং জিলা আদি জিলাত আৰু ডিমাপুৰত সিঁচৰতি হৈ আছে।৭

পৰম্পৰাগত সাজপাৰ

ঠেঙ্গাল কছাৰীসকলৰ পৰম্পৰাগত সাজপাৰৰ ভিতৰত পুৰুষসকলৰ প্ৰধান সাজ চুৰীয়া,চাদৰ, হাতৰ দীঘল চোলা। এৰী, মুগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা),পাট আৰু অনান্য সূতাৰে মহিলাসকলে ঘৰতে পুৰুষৰ বাবে তৈয়াৰ কৰি দিয়ে। বিয়া-বাৰুত পুৰুষে মুগাৰ চোলা-চুৰীয়া, চেলেং,অসমৰ গামোচা আৰু মূৰত মুগাৰ পাগ মাৰে। দৰাৰ বাবে আঢ়ৈকঠীয়া চেলেং কাপোৰ, দুকঠীয়া গামোচা বাধ্যতামূলক। তেনেদৰে মহিলা সকলে মেখেলা, বুকুত ৰিহাৰে বান্ধি মেথনি মাৰে, গাত চাদৰ আদি পৰম্পৰাগতভাৱে পৰিধান কৰে। গাভৰু ছোৱালীয়ে সাধাৰণভাৱে ৰিহা, চাদৰ মেখেলা পিন্ধে। মুগা, এৰি, পাটৰ গুণাকৰা, গাঁৰিদিয়া বা কেচবচা ৰিহা, মেখেলা চাদৰৰ প্ৰচলন থকাৰ উপৰিও কপাহী সূতাৰেও তৈয়াৰী সাজৰ প্ৰচলন আছে। ৰিহা-মেখেলাৰ পাতলিত গছ লতা, ফুল পাতৰ, জীৱ-জন্তু আৰু জ্যামিতিক ছবি বাচি লোৱাত ঠেঙ্গাল কছাৰী তিৰোতাসকল বৰ পাকৈত বুলি কোৱা হয়। এই ৰীতিৰ অনুৰূপ চিত্ৰ ডিমাপুৰ আৰু কাছমাৰি পথাৰৰ ভাস্কৰ্যত থকা বুলি ড° বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া ভাষা আৰু সংস্কৃতি নামৰ গ্ৰন্থত উল্লেখ কৰিছে। ঠেঙ্গাল জনগোষ্ঠীৰ দৰাৰ দৰে কইনাৰ সাজো সুকীয়া। আঢ়ৈকঠীয়া ফুলাম চেলেং,ৰঙীন ফুলাম মেখেলা,ৰিহা সুন্দৰকৈ কইনাৰ বাবে তৈয়াৰ কৰে। ৪ জনজাতীয় মহিলাৰ মাজত ওৰণি আৰু সেন্দূৰৰ ব্যৱহাৰ দেখা পোৱা নাযায় যদিও ঠেঙ্গাল কছাৰী তিৰোতাই ওৰণি লয় আৰু সেন্দূৰ ব্যৱহাৰ কৰে।

বংশসমূহ

প্ৰথম অৱস্থাত ঠেঙ্গাল কছাৰীসৈন্যসকলক কামৰ ওপৰত ভিত্তি কৰি ২২টা পৃথক গোটত ভাগ কৰা হৈছিল।৮ বৰ্তমানে এই গোটকেইটাই ২২টা বংশ হিচাপেহে আছে; জীৱিকাৰ বৃত্তিসমূহ বংশবোৰত নাই।

  1. হাজোৱাল: কৃষক
  2. মাণিকিয়াল: মাণিক সংগ্ৰহ কৰা লোকসকল
  3. মুক্তাল বা মুকুতিয়াল: মুকুতা সংগ্ৰহ কৰা লোকসকল
  4. ডুৰুঙ্গিয়াল: নাও নিৰ্মাণ কৰা লোকসকল বা নাও বাওঁতা
  5. দলঙ্গিয়াল: দলং নিৰ্মাণ কৰা লোকসকল
  6. সাঁকোৰিয়াল: নলাৰ ওপৰত বাঁহৰ দলং / সাঁকো নিৰ্মাণ কৰা লোকসকল
  7. হয়গিয়াল বা সৰগিয়াল: ঘোঁৰা পালন কৰা লোকসকল আৰু চলাওঁতা
  8. শুকৰিয়াল: গাহৰি পোহালোক
  9. সুগৰীয়াল বা হুগাল: সুগৰী পোহা লোক
  10. ব্যাঘ্ৰাল: বাঘ পোহা লোক
  11. কুমৰাল বা কুমাৰিয়াল: মাটিৰ পাত্ৰ গঢ়োতা
  12. কমাৰিয়াল: লোৰ কাম কৰা লোক
  13. ডেক্ৰাল বা ঢেঁকীয়াল: ঢেঁকী (বড়ো ডেঙ্কী) বনাওতা আৰু ধান বানোতা
  14. নাঙ্গাল: নাঙ্গলৰ যোগান ধৰোঁতা
  15. লাঠীয়াল: বাঁহ-কাঠৰ কাম কৰোঁতা
  16. মেখেলিয়াল: মেখেলাকে আদি কৰি অন্যান্য বস্ত্ৰ তৈয়াৰ কৰোঁতা
  17. নেগুৰিয়াল: ৰচি আদি তৈয়াৰ কৰা লোক
  18. ডিঙ্গিয়াল: ডিঙ্গি' মুচৰি জীৱ-জন্তু বধ কৰি পূজা-পাতল কৰা লোক
  19. ঢুলিয়াল: মাদল আৰু ঢোল তৈয়াৰ কৰোঁতা আৰু বজাওঁতা
  20. ফৰ্মাল: আহু খেতি কৰা লোক
  21. এজমাল: ৰজাৰ ঘৰত কাম কৰা, ৰাজ ভঁড়াললৈ সামগ্ৰী সংগ্ৰহ কৰা লোক
  22. বচা: ৰজাৰ ঘৰত সকলো সামগ্ৰীৰ বাচনি কৰাত সহায় কৰিছিল।

পালন কৰা উৎসৱসমূহ

অসমীয়া জাতিৰ অন্য জনগোষ্ঠীৰ দৰে ঠেঙ্গাল কছাৰীলোকসকলেও বিহু পালন কৰে।৫

ব’হাগ বিহু

মূল প্ৰবন্ধ: ব'হাগ বিহু

ব’হাগ বিহু ঠেঙ্গাল কছাৰীলোকসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় বিহু। ঠেঙ্গাল কছাৰীলোকসকলে বিহু আৰম্ভ কৰে চ’ত মাহৰ প্ৰথম দিনটোতে।৪ সেয়ে ইয়াক ‘চ’ত বিহু’ বুলি কোৱা হয়। চ’ত মাহৰ প্ৰথম দিনৰ পৰাই ঠেঙ্গাল কছাৰী ছোৱালীসকলে ৰাতি বটগছৰ তলত ‘ৰাতি বিহু’ পৰিবেশন কৰা আৰম্ভ কৰে। এই ৰাতি বিহু চ’তৰ সংক্ৰান্তি বা ব’হাগ বিহুৰ উৰুকালৈকে পৰিবেশন কৰা হয়। ব’হাগ মাহৰ প্ৰথম দিনৰ পৰা এই বিহু দিনত পৰিবেশন কৰা হয়। আজিকালি এই বিহুক মাইকী বিহু বা গাভৰু বিহু বুলিও কোৱা হয়।৫

‘তৰাছিৰা বিহু’ বা ‘বালি হুঁচৰি’ আৰু ‘নৰাছিগা বিহু’ ঠেঙ্গাল কছাৰীলোকসকলৰ দুটা উল্লেখযোগ্য বিহু।৪ গৰু বিহুৰ দিনা ঠেঙ্গাল কছাৰীলোকসকলে গৰুৰ ডিঙিত সন্ধিয়া নতুন তৰাগছৰ ৰছী বান্ধে। ইয়াৰ বাবে কিছুমান ডেকা ল’ৰাই বিহু গান গাই আৰু নৃত্য কৰি হাবিৰ পৰা তৰা গছ আনিবলৈ যায়। বয়সীয়াল লোকসকলে এই তৰা গছৰ পৰা গান গাই ৰছী প্ৰস্তুত কৰে। এই গান-নাচসমূহকে ‘তৰাছিৰা বিহু’ বোলা হয়।৫ যেতিয়া শস্য চপোৱা হয় তেতিয়াও ডেকা ল’ৰাবোৰে বিহু গান গাই নৰা কাটে। এই বিহুটোক ‘নৰাছিগা বিহু’ বোলে।৫

ঠেঙ্গাল কছাৰীলোকসকলৰ আন এটা উল্লেখযোগ্য বিহু হৈছে ‘বোকা বিহু’।৪ গৰু বিহুৰ দিনা সন্ধিয়া মেধিৰ ঘৰৰপৰা বিহুৰ হুঁচৰি আৰম্ভ কৰা হয়। সেইসময়ত বিহুৰ আৰম্ভণিতে চোতালত পানী ঢালি বোকাময় কৰি তোলা হয় আৰু তাৰ পিছত গাত বোকা লেপি গান গায় আৰু নাচে। এনে দৰে পালন কৰা বিহুক ‘বোকা বিহু’ বোলা হয়। বিহুৰ শেষত ঠেঙ্গাল কছাৰীলোকসকলৰ মাজত বিহু উৰুৱা পৰম্পৰা আছে।৫ গৰুবিহুৰ দিনা সন্ধিয়া কিছু কিছু ঠেঙ্গাল কছাৰীলোকে ‘মৃতকক দিয়া’ বুলি এটা অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানত পূৰ্বপুৰুষলৈ বিভিন্ন প্ৰকাৰৰ খাদ্য আগবঢ়োৱা হয়।৫

তথ্যসূত্ৰ

  1. ↑ Kachari, Dipika. (2023). INDIGENOUS RELIGION AND CULTURE OF THE THENGAL KACHARI TRIBE: A STUDY BASED ON JORHAT DISTRICT OFASSAM. Eur. Chem. Bull.. পৃ. 2653 – 2662
  2. ↑ DeLancey, Scott (2012). Hyslop, Gwendolyn; Morey, Stephen; w. Post, Mark (eds.). "On the Origin of Bodo-Garo". Northeast Indian Linguistics. 4: 3–20. doi:10.1017/UPO9789382264521.003. ISBN 9789382264521
  3. ↑ কিৰাত জন-কৃতি, লেখক: ড॰ সুনীতি কুমাৰ চট্টোপাধ্যায়, পৃষ্ঠা নং ২৬
  4. ↑ বৰা, নন্দ. (২০০০). অসমৰ ঠেঙ্গাল কছাৰীৰ ইতিবৃত্ত. গোলাঘাট জিলা সাহিত্য সভা
  5. ↑ Bora, Sangita. A REPORT ON SOCIO-ECONOMIC CONDITIONS OF THE TRIBAL PEOPLE OF ASSAM: A STUDY OF THENGAL KACHARI TRIBE IN JORHAT DISTRICT OF ASSAM
  6. ↑ Borboruah, Hiteswar. (1997). Ahomar Din
  7. ↑ অসমৰ ঠেঙ্গাল কছাৰীৰ ইতিবৃত্ত, লেখক:- ৺ নন্দ বৰা
  8. ↑ Borah, J. (2006). Thengal Darpan,. All Assam Thengal Kachari Organization and Thengal Kachari Autonomous Council

সম্পৰ্কিত শ্ৰেণী

অসমৰ অনুসূচিত জনজাতিকছাৰী জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠেঙ্গাল কছাৰী জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬৩১৯১৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।