অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা

সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা (All India Democratic Women's Association) গণতন্ত্ৰ, সমতা আৰু মহিলাৰ মুক্তি লাভৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মহিলা সংগঠন। ভাৰতৰ ২৩খন ৰাজ্যত ইয়াৰ সাংগঠনিক উপস্থিতি আছে৷ বৰ্তমান সংগঠনত সদস্য সংখ্যা ১ কোটি ১০ লাখতকৈ অধিক।

হালনাগাদ: ৪ জুলাই ২০২৬ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা (All India Democratic Women's Association) গণতন্ত্ৰ, সমতা আৰু মহিলাৰ মুক্তি লাভৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ মহিলা সংগঠন। ভাৰতৰ ২৩খন ৰাজ্যত ইয়াৰ সাংগঠনিক উপস্থিতি আছে৷ বৰ্তমান সংগঠনত সদস্য সংখ্যা ১ কোটি ১০ লাখতকৈ অধিক। সংগঠনটোৰ শক্তিৰ প্ৰায় দুই তৃতীয়াংশ শক্তি দৰিদ্ৰ গ্ৰাম্য আৰু চহৰীয়া মহিলাৰ পৰা আহৰণ কৰা হৈছে। ১৯৮১ চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাৰ গণ সংগঠন হিচাপে প্ৰতিষ্ঠা কৰা হয়। আৰম্ভণিৰে পৰাই এই সংস্থাটোৱে খাদ্য, কৰ্ম, স্বাস্থ্য, সুৰক্ষিত পৰিৱেশ আৰু শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ সম অধিকাৰ বিচাৰিছে১

পাপ্পা উমানাথে ১৯৭৩ চনত তামিলনাডুত গণতান্ত্ৰিক মহিলা সন্থা প্ৰতিষ্ঠা কৰে৷ সংগঠনে মহিলাৰ অধিকাৰ আৰু তেওঁলোকৰ শিক্ষা, নিয়োগ আৰু মৰ্যাদাৰ বাবে কাম কৰাৰ লগতে জাতিবাদ,২ সাম্প্ৰদায়িকতা, শিশু অধিকাৰ আৰু দুৰ্যোগ সাহায্য আদি বিষয়ৰ বাবে কাম কৰে।৩ আন কেইবাটাও সংযুক্ত ৰাজ্যভিত্তিক সংগঠনৰ বিকাশ ঘটে আৰু ১৯৮১ চনত ঐক্যবদ্ধ সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সংস্থা (All India Democratic Women's Association,AIDWA) প্ৰতিষ্ঠা কৰা হয়।৪৫

সংগঠনৰ বাৰ্ষিক সদস্যপদ মাচুল এক টকা, যাৰ ফলত ই দাতা সংস্থা আৰু চৰকাৰৰ পৰা নীতি-স্বাধীনতা লাভ কৰিব পাৰে।[3] ২০০৭ চনত ইয়াৰ ১ কোটিৰো অধিক সদস্য আছিল, যি ২৩ খন ৰাজ্যত বিস্তৃত আছিল।৩

সূক্ষ্ম সাংস্কৃতিক নীতি-নিয়ম সহজেই উলংঘা কৰিব পাৰি। ২০০২ চনত ব্যাপক প্ৰতিবাদৰ ফলত হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে (লণ্ডনস্থিত ইউনিলিভাৰৰ ভাৰতীয় সহযোগী প্ৰতিষ্ঠান) নিজৰ ফেয়াৰনেছ ক্ৰীমৰ বাবে টেলিভিছনৰ বিজ্ঞাপন অভিযান বাতিল কৰিবলৈ বাধ্য হয় কাৰণ ইয়াত মহিলাৰ বিতৰ্কিত আৰু প্ৰশ্নবোধক চিত্ৰণ কৰা হৈছে। ইয়াৰ প্ৰতিবাদকল্পে সংগঠনে নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত এজাহাৰ দাখিল কৰে। ইয়াত যুক্তি দিয়া হৈছিল যে পুত্ৰৰ প্ৰতি পৰম্পৰাগত পছন্দৰ সমৰ্থনে লিংগ বৈষম্যক শক্তিশালী কৰে, যিটো ভাৰতৰ এক ডাঙৰ সমস্যা। চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে AIDWAৰ পক্ষ লৈ ষ্টেচনসমূহক বিজ্ঞাপনসমূহ প্ৰচাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে কাৰণ ইয়াৰ দ্বাৰা ১৯৯৫ চনৰ কেবল আৰু টেলিভিছন নেটৱৰ্ক আইন উলংঘা কৰা হৈছে৷৬

তথ্যসূত্ৰ

  1. ↑ (2017-07-20). About Us. Aidwa
  2. ↑ The Hindu, 5 January 2003
  3. ↑ Women and Aid distribution AIDWA Meridians: feminism, race, transnationalism, June 2006
  4. ↑ CPI (M) leader Pappa Umanath passes away, 18 December 2010
  5. ↑ AIDWA profile
  6. ↑ Arundhati Parmar, "Objections to Indian ad not taken lightly" Marketing News (9 June 2003) 37#12 pp 4-9

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বভাৰতীয় গণতান্ত্ৰিক মহিলা সন্থা” প্ৰবন্ধৰ সংশোধন ৬১৫৭০৫ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।