হানবক কোৰিয়ান জনসাধাৰণৰ পৰম্পৰাগত সাজ-পোছাক। হানবক শব্দটো মূলতঃ দক্ষিণ কোৰিয়াৰ লোকে ব্যৱহাৰ কৰে; উত্তৰ কোৰিয়াৰ লোকসকলে কাপোৰক chosŏn-ot (কোৰিয়ান কাপোৰ) বুলি কয়। কোৰিয়াৰ প্ৰব্ৰজনকাৰীসকলেও এই কাপোৰ পিন্ধে, বিশেষকৈ চীনৰ কোৰিয়ানসকলে। ১২৩
কোৰিয়ানসকলে প্ৰাচীন কালৰ পৰাই হানবক পিন্ধি আহিছে। হানবকৰ অতি পুৰণি চিত্ৰগত প্ৰমাণ কোৰিয়াৰ তিনিওটা ৰাজবংশীয় যুগৰ (খ্ৰীষ্টপূৰ্ব ৫৭ৰ পৰা ৬৬৮ খ্ৰীষ্টাব্দলৈকে)ৰ পৰাই পোৱা যায়, যাৰ শিপা বৰ্তমানৰ উত্তৰ কোৰিয়া আৰু মানচুৰিয়াৰ আদি-কোৰিয়ান জনগোষ্ঠীৰ মাজত দেখা পোৱা যায়। গ’গুৰীয়েও যুগৰ (খ্ৰীষ্টীয় চতুৰ্থৰ পৰা ষষ্ঠ শতিকা) সমাধিৰ প্ৰাচীৰ চিত্ৰসমূহতো এই কাপোৰসমূহ অংকন কৰা আছে আৰু অনুমান কৰা হয় এই সময়ৰ পৰাই “হানবক’’ৰ মৌলিক গঠনে থিতাপি লয়।৪ প্ৰাচীন “হানবক’’ত মুঠ চাৰিটা উপাদান জেওগৰী(ওপৰ), বাজী(পেণ্ট), চিমা(স্কাৰ্ট), আৰু প'(কোট) আছিল। হানবকৰ মূল গঠনটো পৰিৱৰ্তনৰ বাবে সহজকৈ ডিজাইন কৰা হৈছিল আৰু ইয়াত মু-ইজমৰ বহুতো উদ্দেশ্যসম্বলিত আৰ্হি একত্ৰিত কৰা হৈছিল।৫ হাজাৰ হাজাৰ বছৰ ধৰি কোৰিয়াত বেছিভাগ মানুহে বগা কাপোৰ পিন্ধিছিল আৰু কোনো অলংকাৰ পিন্ধা নাছিল। জাকজমকীয়া হানবক পিন্ধাটো সাধাৰণতে বিয়াৰ দৰে বিশেষ অনুষ্ঠানৰ বাবে সংৰক্ষিত আছিল। কিছু সময়ৰ বাবে সাধাৰণ কোৰিয়াৰ লোকসকলক আনকি নিয়মিতভাৱে ৰঙীন হানবক পিন্ধাটোও নিষিদ্ধ কৰা হৈছিল।৬৭৮ কিন্তু আন কিছুমান সময়ত যেনে, জাপান অধিকৃত কোৰিয়াত সাধাৰণ মানুহক বগা কাপোৰ পিন্ধিবলৈ দিয়া হোৱা নাছিল। আধুনিক হানবক সাধাৰণতে জোচেন বংশত পিন্ধা হানবকৰ আৰ্হিৰ,৫ বিশেষকৈ আভিজাত্য আৰু ৰাজকীয় লোকে পিন্ধাবোৰ।৬৭ ২০ শতিকাৰ শেষৰ ফালে কোৰিয়ানসকলে ইজনে সিজনৰ পৰা আপেক্ষিকভাৱে পৃথক হোৱাৰ ফলত দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া আৰু চীনৰ কোৰিয়ানসকলৰ মাজত হানবকৰ ডিজাইনৰ কিছু আঞ্চলিক তাৰতম্য দেখা গৈছে।৯১০ অৱশ্যে ইয়াৰ পিছতো নব্বৈৰ দশকৰ পৰা হানবকৰ আৰ্হি কিছু পৰিমাণে পুনৰ একত্ৰিত হৈছে,১১ বিশেষকৈ চীনৰ অৰ্থনৈতিক সংস্কাৰৰ পিছত আন দেশৰ সৈতে বৃদ্ধি পোৱা সাংস্কৃতিক আৰু অৰ্থনৈতিক বিনিময়ৰ বাবে।১২৯ আজিকালি সমসাময়িক কোৰিয়ানসকলে আনুষ্ঠানিক বা অৰ্ধ-আনুষ্ঠানিক অনুষ্ঠান আৰু বিয়া, উৎসৱ, অন্যান্য উদযাপন অনুষ্ঠানৰ বাবে হানবক পিন্ধে। ১৯৯৬ চনত দক্ষিণ কোৰিয়াৰ “সংস্কৃতি, ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰালয়’’এ দক্ষিণ কোৰিয়াৰ নাগৰিকসকলক হানবক পিন্ধিবলৈ উৎসাহিত কৰিবলৈ হানবক দিৱস প্ৰতিষ্ঠা কৰিছিল।১৩
ব্যুৎপত্তিবিজ্ঞান
হানবক শব্দটো তুলনামূলকভাৱে শেহতীয়াকৈ সম্মুখলৈ আহিছে আৰু ইয়াৰ লগত ঐতিহাসিক প্ৰেক্ষাপটৰ সৈতে এক সম্পৰ্ক আছে। এই শব্দটোৰ উন্মেষ ঘটিছিল জো’চেন যুগৰ শেষৰ ফালে, যেতিয়া জাপানী সাম্ৰাজ্য আৰু অন্যান্য পশ্চিমীয়া দেশসমূহে কোৰিয়াক নিজৰ নিজৰ প্ৰভাৱেৰে অধীনলৈ আনিবলৈ প্ৰতিযোগিতাত নামিছিল। এই শব্দটোৰ প্ৰথম ব্যৱহাৰ ১৮৮১ চনৰ জো’চেন যুগৰ শেষৰ ফালে Chŏngch'iilgi শীৰ্ষক এখন নথিত পোৱা গৈছে।১৪১৫ তাত কোৰিয়ান কাপোৰক জাপানী আৰু পশ্চিমীয়া শৈলীৰ কাপোৰৰ পৰা পৃথক কৰিবলৈ হানবক শব্দটো ব্যৱহাৰ কৰা হৈছিল। কোৰিয়ান আৰু জাপানীজ কাপোৰৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিবলৈ ১৮৯৫ চনৰ আন এখন নথিত পুনৰ হানবক শব্দ ব্যৱহাৰ কৰা হৈছিল।
বৰ্ণনা
মহিলাৰ বাবে পৰম্পৰাগত হানবক জেওগৰী(পোছাক) আৰু চিমা(স্কাৰ্ট)ৰে গঠিত। দুয়োটাৰে সমষ্টিক সাধাৰণতে ‘চিমা জেওগৰী’ বুলি জনা যায়। পুৰুষৰ বাবে হানবক জেওগৰী আৰু ঢিলা-ফিটিং বাজি(পায়জামা)ৰে গঠিত।১৬
তদুপৰি, আজিকালি হানবক গঠিত হয় বিভিন্ন ধৰণৰ ভেষ্ট, জেকেট আৰু কোটেৰে। মহিলাৰ বাবে জাংছাম, ডানছাম, ৱনছাম আৰু বহুতো আছে। পুৰুষৰ বাবে কিছুমান উদাহৰণ হ’ল দুৰুমাগী, দোপো, ডানৰিয়ং-উই, জং-চিমাক, ছ’চাং-উই, ডায়েচাং-উই ইত্যাদি।
তথ্যসূত্ৰ
- ↑ Zang, Yingchun. (2007). Zhongguo shao shu min zu fu shi. Wu zhou chuan bo chu ban she. ISBN 978-7-5085-0379-0
- ↑ Minority Ethnic Clothing: Korean (Chaoxianzu) Clothing. baoku.gmu.edu
- ↑ Korean Culture and Information Service, 2018, Ministry of Culture, Sports and Tourism of the Republic of Korea
- ↑ The Dreams of the Living and the Hopes of the Dead-Goguryeo Tomb Murals, 2007, Ho-Tae Jeon, Seoul National University Press
- ↑ (2021). Flags, color, and the legal narrative: public memory, identity, and critique. Springer. পৃ. 125. ISBN 978-3-030-32865-8
- ↑ (2009). Passport to Korean culture.. Korean Culture and Information Service. ISBN 978-89-7375-153-2
- ↑ Gwak, Sung Youn Sonya. (2006). Be(com)ing Korean in the United States: Exploring Ethnic Identity Formation Through Cultural Practices. Cambria Press. ISBN 9781621969723
- ↑ Lopez Velazquez, Laura. (2021). Hanbok during the Goryeo and Joseon dynasty. www.korea.net
- ↑ (2014). Women entrepreneurs: inspiring stories from emerging economies and developing countries. Routledge. ISBN 978-1-136-32459-8
- ↑ Lin, Huishun. (2020). A study on the Alteration of traditional costume of Korean Chinese (I) - Focused on the daily wear. 한국의상디자인학회지. পৃ. 63–78
- ↑ Chang, In-Woo. (2006). Change in Hanbok of South and North Korea after the Division and the Interexchange -Focusing on Women's Jeogori-. Journal of the Korean Society of Clothing and Textiles. পৃ. 106–114
- ↑ Jin, Wenlian. (2020). Chaoxianzu's Traditions of Dress: An Exploration of Identity Within Contemporary Fashion Contexts. Auckland University of Technology
- ↑ 쿠키뉴스. (15 September 2014). 한복데이, 전국 5개 도시서 펼쳐진다. 쿠키뉴스
- ↑ 역사 속의 우리 옷 변천사, 2009, Chonnam National University Press
- ↑ 김여경. (2010). 2000년 이후 인쇄매체에 나타난 한복의 조형미 연구. ScienceON
- ↑ Traditional clothing. KBS Global
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হানবক” প্ৰবন্ধৰ সংশোধন ৪০৭৭৫৭ (২৫ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।