অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আপং

মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং। মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈৱেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে।

হালনাগাদ: ৫ ফেব্ৰুৱাৰী ২০২৬ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং। মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈৱেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে।

ইতিহাস

উত্তৰ-পূব অঞ্চলত আপং ঐতিহ্যৰ উৎসৰ ওপৰত ঐতিহাসিক জ্ঞান লিপিবদ্ধ কৰা হোৱা নাই, কিন্তু, এই ঐতিহ্যটো চীনা আৰু মঙ্গোলয়ড বংশৰ সৈতে আহে বুলি বিশ্বাস কৰা হয়।১ বিশ্বাস কৰা হয় যে পাৰম্পৰিক চাউলৰ আপংটো প্ৰথমে অসমত মিছিং সম্প্ৰদায়ৰ লোকসকলে বিকশিত কৰিছিল।২ বিভিন্ন জনগোটৰ বিভিন্ন প্ৰান্তত, নিৰ্মাণ পদ্ধতিৰ কিছুমান পাৰ্থক্য আছে, কিন্তু ফাৰ্মেণ্টেচনৰ বাবে ব্যৱহৃত পদ্ধতি একেই।

প্ৰকাৰ

আপং ঘাইকৈ দুবিধ:

  • নগজিন বা নগিন আপং (বগা মদ)
  • পঃৰৱ আপং (ছাই মদ)

প্ৰস্তুত প্ৰণালী

আপং মূলত চাউলৰ পৰা প্ৰস্তুত কৰা হয়। বৰা, জহা, বাও আদি চাউলৰ পৰা তৈয়াৰী আপং অতি উৎকৃষ্ট হয়। কোনো কোনোৱে পৰা কঁঠাল, কণীধান, ভীমকল আদিৰ পৰাও আপং প্ৰস্তুত নকৰা নহয়। আপং তৈয়াৰ কৰিবলৈ পোনতে চাউল ভাতৰ দৰে সিজাই ডলা এখনত ঠাণ্ডা হ’বলৈ মেলি দি হাবিৰ পৰা সংগ্ৰহ কৰা ঔষধি গুণসম্পন্ন বনপাত আনি গুড়ি কৰি ৰ’দত শুকুৱাই পিঠা গুড়িত পানী মিহলাই তৈয়াৰ কৰা অৗপপ (বাখৰ) সিদ্ধ কৰি থোৱা ভাতৰ সৈতে মিহলাই শুকান কলহত ধান খেৰেৰে সোপা দি ৰখাৰ তিনি চাৰি দিনৰ পিছত সেইখিনি পকি উঠে। নিৰ্দিষ্ট দিনত পকি উঠা ভাতখিনি কলহৰ পৰা উলিয়াই পৰিমাণ মতে পানী ঢালি চেকিলে যি বগা পাতল গুলপীয়া ৰস নিসৃত হয় সেয়ে নগিন আপং।

পঃৰৱ আপঙৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ- পোনতে চাউলখিনি পানীত সিজাই কিছুসময় ডলাত মেলি দি ধানখেৰ আৰু তুঁহ গুড়িৰ ছাইৰে ভাতখিনি সানি পুনৰবাৰ ঔষধিযুক্ত অৗপপৰ গুড়িৰে মিহলাই পোৰা কলহত কেঁচা কলপাতৰ মেৰণি দি দহ-পোন্ধৰ দিন ভালকৈ বান্ধি ৰাখি পকি উঠাৰ পিছত ভাতখিনি (আৰুগ) উলিয়াই বাঁহৰ জুলকিত (তাঃচুগা) ভৰাই অলপ অলপকৈ পানী ঢালি চেকিলে যি ক’লা-কজলা-ৰঙা ৰঙৰ ৰস নিসৃত হয় সেয়ে পঃৰৱ আপং বা ছাই মদ।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Tanti, Bhaben; Gurung, Lisha; Sarma, Hridip Kumar. (1 July 2010). Ethnobotany of starter cultures used in alcohol fermentation by a few ethnic tribes of Northeast India. Indian Journal of Traditional Knowledge. পৃ. 463–466
  2. ↑ Barman, Rini. Assam: How tribal communities brew apong, their drink, reveals a lot about gender and tradition. Scroll

সম্পৰ্কিত শ্ৰেণী

সুৰাঅসমৰ খাদ্যমিচিং জনগোষ্ঠীমিচিং খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আপং” প্ৰবন্ধৰ সংশোধন ৫৭৪২৫১ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।