১৮৮৮ চনৰ পৰা ১৯৬৩ চনলৈকে কেনিয়া ব্ৰিটিছৰ উপনিৱেশ আছিল।১ ঔপনিৱেশিক শাসনৰ আগতে সন্তানৰ লালন-পালনৰ পৰা আৰম্ভ কৰি খেতিপথাৰ আৰু বজাৰত কাম কৰালৈকে কেনিয়াৰ মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঔপনিৱেশিক শাসনৰ অধীনত অৰ্থনৈতিক ব্যৱস্থাৰ বাবে নাৰী ক্ৰমান্বয়ে গুৰুত্বহীন হৈ পৰিল আৰু অতি সোনকালেই তেওঁলোকৰ ক্ষমতা তথা প্ৰভাৱ ৰাজহুৱা ক্ষেত্ৰৰ পৰা ম্লান হৈ পৰিল।২ ইয়াৰ পিছতো মেকাটিলিলি ৱা মেন্জা আৰু মাউ মাউ বিদ্ৰোহৰ অংশ হিচাপে থকা মুথোনি ৱা কিৰিমাকে ধৰি কিছুমান মহিলাই স্বাধীনতাৰ প্ৰচাৰৰ সময়ত পুৰুষৰ সৈতে যুঁজিছিল আৰু তেওঁলোকৰ অৱদানৰ বাবে দেশৰ দীৰ্ঘ ইতিহাসত স্বীকৃতি লাভ কৰিছিল।৩
১৯৬৩ চনত কেনিয়াই স্বাধীনতা লাভ কৰাৰ পিছতো মহিলাসকলে যৌনতাবাদৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈছে আৰু কম সংখ্যক যুৱতীৰ বাহিৰে শিক্ষাৰ দৰে খণ্ডত বহু সুযোগ দিয়া হোৱা নাই।৪ মহিলাসকলে এতিয়াও বহু সমস্যাৰ সন্মুখীন হয়। যেনেঃ বাল্যবিবাহ, ব্যৱস্থাগত বিবাহ, মহিলাৰ যৌনাংগ বিকৃত কৰা, এইডছ মহামাৰী আৰু শিক্ষাৰ অভাৱ।২ কেনিয়াত মহিলাৰ দুৰ্দশা অন্তহীন যদিও শেহতীয়াকৈ আলোচনা, নীতি ৰূপায়ণ, প্ৰতিনিধিত্ব আদিৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত দেশখনত আৰ্থিক, সামাজিক আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিৰ উন্নতি অব্যাহত আছে।৫
কেনিয়াত ২০১০ চনৰ সংবিধানত লিংগ নিয়ম থকাৰ পিছতো মহিলাসকলে চৰকাৰত সিদ্ধান্ত গ্ৰহণৰ ভূমিকা লাভ কৰাৰ সুযোগ কমকৈ পাইছে। এই ক্ষেত্ৰত কেনিয়া পিছ পৰি আছে যদিও কেনিয়াৰ সংসদত কেইগৰাকীমান প্ৰভাৱশালী মহিলাই স্থান লাভ কৰিছে।৬
২০১৪ চনৰ মাৰ্চ মাহত কেনিয়াৰ সংসদে পুৰুষক একাধিক পত্নীক বিয়া কৰাব পৰাকৈ এখন বিধেয়ক গৃহীত কৰে।৭ কেনিয়াৰ গ্ৰাম্য সম্প্ৰদায়ৰ লগতে দেশখনৰ মুছলমান সম্প্ৰদায়ৰ মাজতো বহুবিবাহ সাধাৰণ।৭
২০১৪ চনৰ প্ৰস্তাৱিত বহুবিবাহ বিধেয়কখনে প্ৰথমতে পত্নীক নতুন কইনাৰ সৈতে স্বামীৰ বিবাহক ভেটো দিয়াৰ অধিকাৰ প্ৰদান কৰিছিল যদিও সংসদৰ পুৰুষ সদস্যসকলে ৰাজনৈতিক বিভাজন অতিক্ৰম কৰি এই দফাটো বাদ দিয়া এটা পাঠ্যলৈ পৰ্যবসিত কৰিছিল।৭ বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ক্ষুব্ধ মহিলা সদস্যসকলে বহুবিবাহ আইনখনৰ বিৰুদ্ধে গভীৰ নিশা প্ৰতিবাদ সাব্যস্ত কৰে।৭
কেনিয়াৰ মহিলাসকলৰ সম্পত্তিৰ মালিকীস্বত্ব আৰু উত্তৰাধিকাৰীত্বৰ অধিকাৰক ৰীতি-নীতি, আইন, আৰু চৰকাৰী বিষয়াৰ দৰে ব্যক্তিৰ দ্বাৰা প্ৰত্যাহ্বান, ভাবুকি আৰু দমন কৰা হয়। জাতি আৰু ব্যক্তিগত পৰিয়ালৰ বহু নেতাই নাৰীক মাটি পৰিচালনা কৰাত অযোগ্য বুলি বিবেচনা কৰে। ইয়াৰ এটা পাৰ্শ্বক্ৰিয়া এইটোৱেই যেঃ আফ্ৰিকাত কৃষি শ্ৰমিক শক্তিৰ ৭০–৯০ শতাংশ মহিলাই গঠন কৰে। অৰ্থাৎ তেওঁলোকে ইতিমধ্যে বেছিভাগ মাটি পৰিচালনা কৰে, কিন্তু কোনেও মাটিৰ মালিক হ’ব নোৱাৰে। ইয়াৰ উপৰি আফ্ৰিকান মহিলাসকলে কৃষি সম্প্ৰসাৰণ সেৱাৰ প্ৰায় ৭% আৰু ক্ষুদ্ৰ কৃষকৰ বাবে ১০% ঋণ লাভ কৰে।৮
তথ্যসূত্ৰ
- ↑ Bates, Francesca. (19 January 2015). British Rule in Kenya. Washington State University
- ↑ Gatwiri Kariuki, Claris. (22 December 2010). WOMEN PARTICIPATION IN THE KENYAN SOCIETY. The African Executive
- ↑ Muthoni Kirima, The Only Female Mau Mau Field Marshal
- ↑ Karani, Florida. (1987). The Situation and Roles of Women in Kenya. The Journal of Negro Education. পৃ. 422–434
- ↑ Women Rights in Kenya
- ↑ Kamau, Nyokabi. (2010). Women and Political Leadership in Kenya. East and Horn of Africa
- ↑ "Kenya's parliament passes bill allowing polygamy", The Guardian, 22 March 2014.
- ↑ (2012). The unfinished revolution: Voices from the global fight for women's rights. Bristol University Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেনিয়াৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৮০৫৩৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।