চকলেট হৈছে ভজা আৰু গুৰি কৰা কেকাও (cacao) গছৰ বীজৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ খাদ্য সামগ্ৰী। চকলেট তৰল, কঠিন বা পেষ্ট হিচাপে উপলব্ধ। অন্য খাদ্যৰ স্বাদগন্ধ বৃদ্ধিকাৰী দ্ৰব্য (ফ্লেভাৰিং এজেণ্ট) হিচাপেও চকলেট ব্যৱহাৰ কৰা হয়। অ'লমেক সভ্যতা (খ্ৰীষ্টপূৰ্ব ১৯-১১ শতিকাৰ)ৰ সময়তে খাদ্য হিচাপে কেকাও ব্যৱহাৰ কৰিছিল, ১২ আৰু মায়া আৰু এজটেকসহ মেছোআমেৰিকান লোকৰ বেছিভাগেই চকলেট পানীয় তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল।৩
কেকাও গছৰ বীজবোৰৰ এক তীব্ৰ তিতা সোৱাদ থাকে আৰু কিণ্বন কৰি ইয়াৰ সোৱাদ বিকশিত কৰা হয়। কিণ্বনৰ পিছত, বীজবোৰ শুকুৱাই, পৰিষ্কাৰ কৰা হয় আৰু ভজা হয়। তাৰ পিছত বীজৰ ওপৰৰ আৱৰণ আঁতৰ কৰি নিৰ্ভেজাল কোকোভৰ (cocoa mass) প্ৰস্তুত কৰা হয়। এই কোকোভৰ গৰম কৰি তৰলীকৃত হোৱাৰ পিছত, ইয়াক চকলেট পানীয় (chocolate liquor) বুলি কোৱা হয়। এই পানীয় ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ পৰা দুটা উপাদান প্ৰস্তুত কৰা হয়: গোটা কোকো (cocoa solids) আৰু কোকো মাখন (cocoa butter)। চেনি মিহলি নকৰাকৈ বিভিন্ন অনুপাতত গোটা কোকো আৰু কোকো মাখনৰ পৰা বেকিং চকলেট বা তিতা চকলেটত প্ৰস্তুত কৰা হয়। পাউডাৰড বেকিং কোকো (Powdered baking cocoa), ই কোকো মাখনতকৈ অধিক আঁহযুক্ত হয়। ডাচ্চ কোকো (dutch cocoa) উৎপাদন কৰিবলৈ ইয়াক ক্ষাৰৰ সৈতে সংমিশ্ৰণ কৰা হয়। বৰ্তমান খোৱা চকলেটৰ বেছিভাগ হৈছে মিঠা চকলেট (sweet chocolate)। গোটা কোকো, কোকো মাখন বা বনস্পতি তেল, আৰু চেনীৰ সংমিশ্ৰণ কৰি মিঠা চকলেট প্ৰস্তুত কৰা হয়। গাখীৰ চকলেট (Milk chocolate) হৈছে এক প্ৰকাৰৰ মিঠা চকলেট য'ত অতিৰিক্তভাৱে গাখীৰ পাউডাৰ বা ঘনীভূত গাখীৰ থাকে। বগা চকলেটত (White chocolate) কোকো বাটাৰ, চেনী আৰু গাখীৰ থাকে, কিন্তু কোনো গোটা কোকো নাথাকে।
চকলেট হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় খাদ্য আৰু ফ্লেভাৰ। চকলেট হৈছে বহুতো খাদ্য সামগ্ৰী বিশেষকৈ মিঠাই, যাৰ ভিতৰত আছে কেক, পুডিং, মুচ, চকলেট ব্ৰাউনি, আৰু চকলেট চিপ কুকিজ আদিৰ এটা মূখ্য উপাদান। বহুতো কেণ্ডি মিঠাইৰ ভিতৰত চকলেট থাকে নাইবা চকলেটৰ প্ৰলেপ দিয়া হয়। চকলেট বাৰত কঠিন চকলেট বা চকলেটত প্ৰলেপ দিয়া অন্যান্য উপাদানেৰে তৈয়াৰ কৰা হয়। ইয়াক স্নেক্স হিচাপে খোৱা হয়। ‘খ্ৰীষ্টমাছ’, ‘ইষ্টাৰ’, ‘ভেলেণ্টাইন দে’ৰ দৰে কিছুমান পশ্চিমীয়া বন্ধৰ দিনত বিভিন্ন আকৃতিত সজ্জিত চকলেটৰ উপহাৰ (যেনে কণী, হৃদযন্ত্ৰ, মুদ্ৰা) দিয়াৰ পৰম্পৰা পালন কৰা হয়। “চকলেট গাখীৰ” আৰু “হট চকলেট”ৰ দৰে কিছুমান ঠাণ্ডা আৰু গৰম পানীয়ত আৰু ক্ৰীম ডি কেকাও (creme de cacao)ৰ দৰে কিছুমান সুৰাযুক্ত পানীয়তো চকলেট ব্যৱহাৰ কৰা হয়।
কোকো আমেৰিকাত উৎপন্ন হৈছিল যদিও একবিংশ শতিকাত কোকোৰ শীৰ্ষস্থানৰ উৎপাদক হৈছে পশ্চিম আফ্ৰিকাৰ দেশবোৰ, বিশেষকৈ ক'টে ডি'আইভ'ৰ (Côte d'Ivoire) আৰু ঘানাই বিশ্বৰ প্ৰায় ৬০% কোকোৰ যোগান ধৰে।
পশ্চিম আফ্ৰিকাত কোকো খেতিৰ সৈতে প্ৰায় দুই নিযুত শিশু জড়িত থকাৰ বাবে, ২০১৮ চনত শিশু দাসত্ব আৰু সৰবৰাহৰ সৈতে জড়িত উদ্বেগৰ এটা মুখ্য কাৰণ আছিল,৪৫ আৰু এতিয়াও আছে। এই ক্ষেত্ৰত শিশুসকলৰ পৰিস্থিতি উন্নত কৰাৰ আন্তৰ্জাতিক প্ৰচেষ্টা বিফল হোৱাৰ প্ৰধান কাৰণ হৈছে নিৰন্তৰ দৰিদ্ৰতা, বিদ্যালয়ৰ অনুপস্থিতি, বিশ্বৰ কোকোৰ চাহিদা বৃদ্ধি, কোকোৰ অধিক গভীৰ কৃষি, আৰু শিশু শ্ৰমিকৰ নিৰন্তৰ শোষণ।৪
তথ্যসূত্ৰ
- ↑ Powis, Terry G.; Cyphers, Ann; Gaikwad, Nilesh W. (24 May 2011). Cacao use and the San Lorenzo Olmec. Proceedings of the National Academy of Sciences. পৃ. 8595–8600
- ↑ (29 July 2008). Consumían olmecas chocolate hace 3000 años. El Universal
- ↑ Chocolate: A Mesoamerican Luxury 1200–1521 – Obtaining Cacao. Field Museum
- ↑ Oliver Balch. (20 June 2018). Child labour: the true cost of chocolate production. Raconteur
- ↑ Kieran Guilbert. (12 June 2017). Falling cocoa prices threaten child labor spike in Ghana, Ivory Coast. Reuters
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চকলেট” প্ৰবন্ধৰ সংশোধন ৩৮৪১১৩ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।