তুৰস্কৰ নাৰী হ’ল তুৰস্কত বাস কৰা বা তুৰস্কৰ পৰা অহা মহিলা। ১৯৩০ চনত (১৯৩৪ চনত দেশজুৰি) স্থানীয়ভাৱে নিৰ্বাচিত আৰু নিৰ্বাচিত হোৱাৰ অধিকাৰকে ধৰি তুৰস্কই মহিলাসকলক সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰে। তুৰ্কীৰ সংবিধানৰ দশম অনুচ্ছেদত লিংগৰ ভিত্তিত ৰাজ্যিক বা ব্যক্তিগত যিকোনো বৈষম্য নিষিদ্ধ কৰা হৈছে। সাংবিধানিক আদালতৰ সভাপতি পদত মহিলা অধিষ্ঠিত হোৱা তুৰস্ক হৈছে প্ৰথমখন দেশ। তুৰ্কীৰ সংবিধানৰ ৪১ নং অনুচ্ছেদৰ মতে, পৰিয়ালবোৰ দম্পতীৰ সমতাৰ ভিত্তিত গঢ় লৈ উঠিছে।
১৯ শতিকাত অট্টোমান সাম্ৰাজ্যৰ অৱনতিৰ ক্ষণত ১৯০৮ চনত অট্টোমান ৱেলফেয়াৰ অৰ্গেনাইজেচন অৱ উইমেন প্ৰতিষ্ঠা হোৱাৰ সময়ত তুৰ্কী নাৰীবাদী আন্দোলন আৰম্ভ হৈছিল। মুস্তাফা কেমাল আটাতুৰ্কৰ প্ৰশাসনে তুৰস্ক গণৰাজ্য ঘোষণা কৰাৰ পিছত লিংগ সমতাৰ আদৰ্শ গ্ৰহণ কৰিছিল, যাৰ সংস্কাৰৰ ভিতৰত বহুবিবাহ নিষিদ্ধকৰণ আৰু ১৯৩০ চনৰ ভিতৰত তুৰ্কী মহিলাসকলক সম্পূৰ্ণ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা আদি অন্তৰ্ভুক্ত আছিল।
বিশেষকৈ তুৰ্কী কুৰ্দিস্তানত তুৰ্কী মহিলা ধৰ্ষণ আৰু সন্মানজনক হত্যাৰ (Honor Killing) বলি হৈয়েই আছে, য'ত মহিলাৰ বিৰুদ্ধেই বেছিভাগ অপৰাধ সংঘটিত হয়।১গৱেষক-পণ্ডিত২৩ আৰু চৰকাৰী সংস্থাসমূহৰ৪গৱেষণাই তুৰস্কৰ জনসাধাৰণৰ লগতে তুৰ্কীৰ প্ৰব্ৰজনকাৰীসকলৰ মাজতো ব্যাপক ঘৰুৱা হিংসাৰ কথা সূচায়। তুৰস্ক পিতৃতান্ত্ৰিক সমাজ হোৱাৰ পাছতো ৰাজহুৱা জীৱন আৰু সক্ৰিয়তাৰ ক্ষেত্ৰত তুৰ্কী মহিলাৰ বহু ঐতিহাসিক উদাহৰণ পোৱা যায়।
তুৰস্কৰ মহিলাসকলে নিয়োগৰ ক্ষেত্ৰত আৰু কিছুমান অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বৈষম্যৰ সন্মুখীন হৈছে। শ্ৰমিক খণ্ডত তুৰ্কী মহিলাৰ অংশগ্ৰহণ ইউৰোপিয়ান ইউনিয়নৰ গড়ৰ আধাতকৈও কম। নাৰীৰ সাক্ষৰতাক প্ৰসাৰিত কৰাৰ বাবে কেইবাটাও অভিযান সফলতাৰে গ্ৰহণ কৰা হৈছে যদিও মাধ্যমিক শিক্ষাত এতিয়াও লিংগৰ ব্যৱধান দৃষ্টিগোচৰ হয়। তুৰস্কত বাল্য-বিবাহৰ প্ৰচলন দেখা যায়, বিশেষকৈ দেশৰ পূব আৰু মধ্য অংশত এই প্ৰথা ব্যাপকভাৱে বিস্তৃতত।
বিশ্ব অৰ্থনৈতিক মঞ্চৰ লিংগ ব্যৱধান সূচকাংকত ২০১৮ চনত তুৰস্কই ১৪৯খন দেশৰ ভিতৰত ১৩০ নম্বৰ স্থান লাভ কৰিছিল।
তুৰ্কী নাৰীবাদৰ প্ৰথমটো ঢৌ কুৰি শতিকাৰ আৰম্ভণিতে দেখিবলৈ পোৱা হৈছিল-যেতিয়া নাৰী সংগঠনসমূহে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত সমতাৰ দাবীৰ ক্ষেত্ৰত মাত মাতিবলৈ আৰম্ভ কৰিছিল। মহিলাৰ এটা গুৰুত্বপূৰ্ণ সংগঠন আছিল ওছমানলি মুদাফা-ই হুকুক-ই নিছভান চেমিয়েটি৷ এই সংগঠনটো আৰু ইয়াৰ এক বিশিষ্ট অংশ কাডিনলাৰ ডুনিয়াছি (মহিলাৰ জগত)নামৰ আলোচনীখন ১৯১৩ চনত প্ৰতিষ্ঠিত আৰু প্ৰকাশিত হৈছিল৷ ৫
গণৰাজ্য প্ৰতিষ্ঠা হোৱাৰ পিছত মহিলা আন্দোলন মহিলা পিপল পাৰ্টিৰ লগত একত্ৰিত হৈ পৰে৷ ১৯২৪ চনত এই দলটো তুৰ্ক কাডিনলাৰ বিৰ্লিগিলৈ ৰূপান্তৰিত হয়৷ তেওঁলোকে আধুনিক ৰাষ্ট্ৰ এখনত মহিলাৰ ভোটাধিকাৰৰ পক্ষত কাম কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ (5 February 2010). Turkish girl was 'buried alive'
- ↑ Sallan Gül, Songül. (May–June 2013). The role of the State in protecting women against domestic violence and women's shelters in Turkey. Women's Studies International Forum. পৃ. 107–116
- ↑ Henneke, J. (2008). Combating domestic violence in Turkey. Goeteborgs University
- ↑ West Yorkshire, Police. Kadin ve kizlara yönelik şiddetten kaçmanin üç adimi. Home Office; this document is in Turkish, use a translator such as Google, if you cannot read Turkish
- ↑ Çakır, Serpil. (2006). Osmanlı Kadın Hareketi. Metis Yayınları. পৃ. 407
- ↑ Cagla Diner And Sule Toktas. Waves of feminism in Turkey: Kemalist, Islamist andKurdish women's movements in an era of globalization
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তুৰস্কৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৩৮১২৬৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।