শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত স্থাপিত বিশ্ববিদ্যালয়। বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদতে আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে। বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে।
প্ৰতিষ্ঠা
সংঘৰ আবেদন মৰ্মে অসম চৰকাৰে "Assam Private Universities Act, 2007"ৰ অধীনত অসম বিধান সভাত ‘The Mahapurusha Srimanta Sankaradeva Viswavidyalaya Act, 2013’ বিলখন গৃহীত কৰি ২০১৩ চনত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হয়। ১
বিভাগ সমূহ
নগাঁও চৌহদঃ
- অৰ্থনীতি
- অসমীয়া
- ইংৰাজী
- কম্পিউটাৰ এপ্লিকেশ্বন
- দৰ্শন
- শংকৰদেৱ অধ্যয়ন
- শিক্ষাতত্ত্ব
- সমাজতত্ত্ব
গুৱাহাটী চৌহদঃ
- আইন অধ্যয়ন
- ইংৰাজী
- পৰিবেশ্য কলা (সংগীত/নৃত্য/নাটক)
- সামাজিক কৰ্ম
- যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪২১০৫৫ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।