ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই.) হ'ল ১৯৫৯ চনৰ সংসদীয় আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত এটি উচ্চশিক্ষা প্ৰতিষ্ঠান।১কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা গৱেষণাগৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ তত্ত্বাৱধানত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল। ১৯৩১ চনত স্থাপিত ভাৰতৰ অন্যতম ঐতিয্যপূৰ্ণ এই চৰকাৰী বিশ্ববিদ্যালয়খন]] পৰিসংখ্যীয় গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম মৰ্যাদাপূৰ্ণ প্ৰতিষ্ঠানবোৰৰ ভিতৰত লেখত ল'বলগীয়া। এই প্ৰতিষ্ঠানৰ প্ৰাৰম্ভিক খ্যাতিৰ বাবে ইয়াক মডেল হিচাপে লৈ নৰ্থ কেৰ'লিনাত প্ৰথমখন US institute of Statistics স্থাপন কৰা হৈছিল।২
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় কলকাতাৰ বৰানগৰত আছে। দিল্লী, বেংগালুৰু, চেন্নাই আৰু তেজপুৰত এই প্ৰতিষ্ঠানৰ চাৰিটা শাখা আছে। ইয়াৰ লগতে মুম্বাই, হাইদৰাবাদ, পুনে, গিৰিড, বদোদৰা আৰু কইম্বটুৰত ইয়াৰ কাৰ্যালয় আছে।৩
তথ্যসূত্ৰ
- ↑ UNSD Document – The Indian Statistical Institute Act 1959. United Nations Statistics Division
- ↑ Ghosh, JK. (1994). Mahalanobis and the Art and Science of Statistics: The Early Days. Indian Journal of History of Science. পৃ. 90
- ↑ www.isical.ac.in/campus.php
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৬১২৯৩৬ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।