অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী নাম: Girijananda Chowdhury Institute of Management and Technology; চমুকৈ জি আই এম টি, কেতিয়াবা জি চি আই এম টি) হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান।

হালনাগাদ: ১৫ জুলাই ২০২২ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী নাম: Girijananda Chowdhury Institute of Management and Technology; চমুকৈ জি আই এম টি, কেতিয়াবা জি চি আই এম টি) হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান। শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ আধিনত ২০০৬ চনত স্থাপিত ই হৈছে অসমৰ প্ৰথম ব্যক্তিগতখণ্ডৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান।

পাঠ্যক্ৰম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনত এই প্ৰতিষ্ঠানখনে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত পাঠ্যক্ৰম আগবঢ়ায়।

অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা বিভাগসমূহ হৈছে:

  • বিদ্যুত পাৰমাণৱিক আৰু দূৰসংযোগ বিভাগ (Electronics and Telecommunication Engineering)
  • কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Computer Science and Engineering)
  • তথ্য প্ৰযুক্তিবিদ্যা বিভাগ (Information Technology)
  • প্ৰায়োগিক বিদ্যুত পাৰমাণৱিক আৰু যন্ত্ৰায়ক বিভাগ (Applied Electronics and Instrumentation Engineering)
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Electrical Engineering)
  • যান্তিক অভিযান্ত্ৰিক বিভাগ (Mechanical Engineering)

স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:

  • দুবছৰীয়া স্নাতকোত্তৰ ব্যৱাসায়িক প্ৰশাসন (Master of Business Administration)
  • তিনিবছৰীয়া স্নাতকোত্তৰ প্ৰায়োগিক কম্পিউটাৰ (Master of Computer Application)

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী” প্ৰবন্ধৰ সংশোধন ৩২৭৯১০ (১৫ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।