গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমাৱস্থাত কটন বিশ্ববিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণীকোঠাত মহাবিদ্যালয়খনৰ পাঠদান কৰা হৈছিল১ আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩০০ গৰাকী। ২০১১ চনত গৌহাটী বাণিজ্য মহাবিদ্যালয়ে বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে। মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
অধ্যক্ষৰ তালিকা
| ক্ৰ. নং | অধ্যক্ষৰ নাম | কাৰ্যকাল |
|---|---|---|
| ১ | ভগৱান লহকৰ | ১৯৬২- |
পাঠ্যক্ৰম
মহাবিদ্যালয়খনত বাণিজ্যৰ উচ্চতৰ মাধ্যমিক, বাণিজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ লগতে ব্যৱসায় পৰিচালনাৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।
পুথিভঁৰাল
মহাবিদ্যালয়ৰ পুথিভঁৰালৰ নাম ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম অনুসৰি ৰখা হৈছে।
উল্লেখনীয় প্ৰাক্তন বিদ্যাৰ্থী
- ভূপেন উজিৰ
- গোপাল বড়ো
তথ্যসূত্ৰ
- ↑ (18 August 2011). Commerce college crosses milestone. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌহাটী বাণিজ্য মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৭৩০৩৩ (২ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।