তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical College & Hospital) হৈছে অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়। অসমৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনত এই মহাবিদ্যালয়খন উদ্বোধন কৰে। ভাৰতীয় চিকিৎসা পৰিষদৰ পৰিদৰ্শনৰ পিছত ২০১৪-১৫ বৰ্ষৰ পৰা ১০০ জন চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ অনুমতি দিয়া হৈছে।
অৱস্থান আৰু পৰিবহণ
তেজপুৰ চিকিৎসা মহাবিদ্যালয় অসমৰ শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ প্ৰায় ১৫ কি.মি. দূৰৰ বিহগুৰিত অৱস্থিত।
বিভিন্ন বিভাগ
অসম চিকিৎসা মহাবিদ্যালয়ত মুঠ ২২টা বিভাগ আছে। সেইকেইটা হৈছে:
- অৰ্থ’পেডিক্স্ বিভাগ
- ডিঙি,কাণ আৰু নাক বিভাগ
- এনাস্থেচিয়’ল’জি বিভাগ
- কমিউনিটি মেডিচিন বিভাগ
- চকু-চিকিৎসা বিভাগ
- চৰ্মৰোগ বিভাগ
- জৈৱ-ৰসায়ন বিভাগ
- যক্ষ্মাৰোগ বিভাগ
- দন্ত-চিকিৎসা বিভাগ
- ফাৰ্মাক’লজি বিভাগ
- ফিজিঅ’লজি বিভাগ
- ফৰেনচিক মেডিচিন বিভাগ
- মাইক্ৰ’বায়লজি বিভাগ
- মানসিক ৰোগ বিভাগ
- মেডিচিন বিভাগ
- ৰেডিঅ’ডায়েগন’চিচ বিভাগ
- ৰোগতত্ত্ব বিভাগ
- শিশু-চিকিৎসা বিভাগ
- শৈল্য-চিকিৎসা বিভাগ
- শৰীৰতত্ত্ব বিভাগ
- স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
- স্নায়ুৰোগ বিভাগ
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজপুৰ চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৭৩৩৩০ (৬ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।