চুঙাত দিয়া (cooked in bamboo tube) হৈছে ভাৰত, চীন, ভিয়েটনাম আদি এছিয়াৰ বিভিন্ন দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী।১২ এই পদ্ধতিত বাঁহৰ চুঙাত বিভিন্ন খাদ্য সামগ্ৰী ভৰাই জুইত পুৰি প্ৰস্তুত কৰা হয়।৩ সাধাৰণতে, ইয়াক পাহাৰীয়া অঞ্চলত বাস কৰা লোকসকলে প্ৰস্তুত কৰে। মূলতঃ এই ধৰণৰ খাদ্য য়ুন্নান প্ৰদেশৰ দাই, হানি, লাহু, বুলাং, জিনু আৰু জিংপো আদি কিছুমান সংখ্যালঘু জাতিৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। বিশেষ সোৱাদৰ বাবে বাঁহৰ চুঙাত ৰন্ধা চাউল অন্যান্য জনগোষ্ঠী, বিশেষকৈ গুয়াংছিৰ ঝুয়াং আৰু য়াওসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছে। এই অঞ্চলবোৰৰ বহুতো খাদ্যৰ বিপণীত ইয়াক সহজে বিচাৰি পোৱা যায়।১ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত চুঙাত দিয়া খাদ্যৰ বহুল প্ৰচলন আছে।
প্ৰণালী

চুঙাত দিয়া মুখ্য উপাদানবোৰ হৈছে চাউল আৰু মাংস। এই উপাদানসমূহ পৰ্যাপ্ত পানীৰে সতেজ বাঁহৰ চুঙা এটাত ৰখা হয় আৰু কলপাতেৰে ইয়াৰ মুখত ঠিলা দি বন্ধ কৰা হয়। ইয়াৰ পিছত বাঁহৰ চুঙাটো ক'লা নোহোৱালৈকে কাঠ বা কয়লাৰ জুইত পোৰা হয়।১
উত্তৰ-পূব ভাৰতত পৰম্পৰাগতভাৱে কুমলীয়া বাঁহৰ ফোঁপোলা অংশত টুকুৰিয়াই শব্দৰ ভিত্তিত চুঙা এটা বাছনি কৰা হয়। এই চুঙাসমূহ পৰিধিত অত্যধিক বহল নহয়। বাছনি কৰাৰ পিছত সেইবোৰ প্ৰয়োজনীয় আকাৰত (প্ৰায় ২০ ইঞ্চি দৈৰ্ঘ্যৰ) পৰিধিৰ সৈতে এটা গাঁঠি অক্ষত ৰাখি টুকুৰা কৰা হয়। এই গাঁঠিটো খাদ্য ধৰি ৰখাৰ বাবে প্ৰয়োজনীয়। ৰান্ধিবলৈ ব্যৱহাৰ কৰাৰ আগতে বাঁহৰ চুঙাটো ধুই পৰিষ্কাৰ কৰি লোৱা হয়। তাৰ পিছত ইয়াক পানীৰে ভৰ্তি কৰি কেইঘণ্টামান বা ৰাতিটোৰ বাবে ৰখা হয়। এয়া চুঙাটোৱে অতিৰিক্ত আৰ্দ্ৰতা শোষণ কৰিবলৈ কৰা হয়। বাঁহৰ ভিতৰত কুকুৰা আৰু গাহৰিৰ মাংস ৰন্ধাটো উত্তৰ-পূবৰ এক নৈমিত্তিক বিষয়। বাঁহৰ চুঙাত ৰন্ধা আঠাযুক্ত চাউল (চুঙা চাউল) মাঘ বিহুৰ সময়ত এক অপৰিহাৰ্য খাদ্য। অসমত নতুনকৈ চপোৱা আঠাযুক্ত বৰা (ৰঙা বা বগা) চাউল উচ্চ গ্লুটেনযুক্ত হোৱাৰ বাবে বাছনি কৰা হয়।২
ভিয়েটনামত আঠাজাতীয় চাউল বাঁহৰ চুঙাত ৰান্ধি নিমখ দি ভজা তিল, খৰিকাত দিয়া গাহৰি বা কুকুৰাৰ সৈতে পৰিৱেশন কৰা হয়। ইয়াক কোৱা হয় কম লাম। ইয়াৰ বাবে বাছনি কৰা বাঁহডাল সতেজ আৰু সৰু হয় যাতে চুঙাৰ ভিতৰত থকা নতুন আৱৰণে চাউলখিনি মেৰিয়াই ধৰি ইয়াক এক বিশেষ সোৱাদ আৰু সুবাস প্ৰদান কৰিব পাৰে। কম লাম প্ৰস্তুত কৰিবলৈ প্ৰথমে চুঙাটো প্ৰায় ৮০% চাউল আৰু ১০% পানীৰে ভৰ্তি কৰা হয়। ইয়াৰ পিছত অলপ নাৰিকল পানী যোগ কৰি চুঙাটো কলপাতেৰে মেৰিয়াই দি জুইত সুগন্ধি নোলোৱালৈকে পুৰি ৰন্ধা হয়।৪
তথ্যসূত্ৰ
- ↑ (26 January 2022). Rice Cooked in Bamboo Tubes, Bamboo Stuffed Rice. chinahighlights.com
- ↑ Prabalika M. Borah. (24 July 2020). Why food cooked in bamboo hollows are a delicacy. thehindu.com
- ↑ Sungat Diya Maas or Bamboo Fish. assaminfo.com
- ↑ Com lam (rice in bamboo tube). vietnamonline.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুঙাত দিয়া” প্ৰবন্ধৰ সংশোধন ৫৩৮৭৩৪ (১৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।