বৰপেটা চিকিৎসা মহাবিদ্যালয় (Barpeta Medical College & Hospital) অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয়খন শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে বৰপেটা চিকিৎসা মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ৰাইজে বাবে মুকলি কৰি দিয়ে। এই শিক্ষানুষ্ঠানত এম.বি.বিএছ. পঢ়াৰ ব্যৱস্থা আছে, লগতে পেৰামেডিকেল বিভাগৰ লেব'ৰেটৰী টেক্নিচিয়ান, ফিজিঅ'থেৰাপি আদিৰ ডিপ্লোমা পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। এম.বি.বি.এছ. পাঠ্যক্ৰমৰ আসনৰ সংখ্যা ১২৫।১
বহিঃ বিভাগ (OPD)
বৰ্তমান নিম্নোক্ত বিভাগসমূহত বহিঃ সেৱা আগবঢ়াই থকা হৈছে:
- মেডিচিন
- অস্ত্ৰোপ্ৰচাৰ
- স্ত্ৰী আৰু প্ৰসূতি বিভাগ
- শিশুৰোগৰ বিভাগ
- অৰ্থ'পেডিকছ (হাড় আৰু জোৰাৰ ৰোগ সম্বন্ধীয় বিভাগ)
- চকু
- কাণ, নাক আৰু ডিঙি
- চৰ্ম আৰু যৌন ৰোগ
- মানসিক ৰোগ বিভাগ (ছাইকাইএ'ট্ৰী)
- দন্তৰোগ বিভাগ (ডেণ্টিষ্ট্ৰী)
অন্ত: বিভাগ
দন্তৰোগ বিভাগৰ বাহিৰে আন কেউটা বিভাগৰে অন্ত: চিকিৎসা আগবঢ়োৱা হয়।২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ The Assam Tribune Online. www.assamtribune.com
- ↑ Classes start in Barpeta medical college. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰপেটা চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৮৭৩৯৭ (১২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।