অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কামৰূপ অনুসন্ধান সমিতি

কামৰূপ অনুসন্ধান সমিতি (অসম গৱেষণা সমিতি) হৈছে অসমৰ এক প্ৰত্নতাত্বিক আৰু সমাজ বিজ্ঞান গৱেষণা সংস্থা। অসমৰ অতীত, বুৰঞ্জী, সভ্যতা, সংস্কৃতিৰ অধ্যয়নৰ লক্ষ্য আগত ৰাখি ১৯১২ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আলমতে অসম ৰাজ্যিক সংগ্ৰহালয় গঢ় লৈ উঠে।

হালনাগাদ: ২৬ জুন ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কামৰূপ অনুসন্ধান সমিতি (অসম গৱেষণা সমিতি) হৈছে অসমৰ এক প্ৰত্নতাত্বিক আৰু সমাজ বিজ্ঞান গৱেষণা সংস্থা। অসমৰ অতীত, বুৰঞ্জী, সভ্যতা, সংস্কৃতিৰ অধ্যয়নৰ লক্ষ্য আগত ৰাখি ১৯১২ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ আলমতে অসম ৰাজ্যিক সংগ্ৰহালয় গঢ় লৈ উঠে।

ইতিহাস

স্বদেশী আন্দোলনৰ ঢৌৰ সময়তে অধ্যাপক পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদে প্ৰাগজ্যোতিষপুৰ/কামৰূপ সমন্ধীয় প্ৰত্নতাত্বিক অধ্যয়ন তথা সংৰক্ষণৰ বাবে এক গৱেষণা সমিতিৰ ধাৰণা আগবঢ়ায়। এই ধাৰণাটোৱে ১৯১২ চনৰ এপ্ৰিল মাহত হোৱা উত্তৰ বংগীয় সাহিত্য পৰিষদৰ কামাখ্যা মন্দিৰ অধিবেশনত এক দৃঢ় ৰূপ পায়। ঐতিহাসিক প্ৰাগজ্যোতিষপুৰৰ প্ৰত্নতত্ব, নৃগোষ্ঠী বিজ্ঞান, ভাষা, ইতিহাস তথা কলা-সাহিত্য আৰু সংস্কৃতিৰ গৱেষণাৰ উন্নতিসাধনাৰ্থে এক গৱেষণা সংস্থা প্ৰতিষ্ঠাৰ বাবে এই অধিবেশনে এক সৰ্বসন্মত সিদ্ধান্ত লয়। ইয়াৰে আলমত কামৰূপ অনুসন্ধান সমিতি প্ৰতিষ্ঠা হয়। ইয়াক অসম গৱেষণা সমিতি নামৰ আন এটা নামেৰেও জনা যায়। .১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Barua, Kanaklal. (1990). Studies in Indian history and culture. Ramanand Vidya Bhawan. পৃ. xii. ISBN 9788185205496

সম্পৰ্কিত শ্ৰেণী

অসমৰ গৱেষণা প্ৰতিষ্ঠানসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামৰূপ অনুসন্ধান সমিতি” প্ৰবন্ধৰ সংশোধন ৫২১০২৩ (২৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।