অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুকি জনগোষ্ঠী

কুকি জনগোষ্ঠী (Kuki Tribe) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ লগতে চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ এটা জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।।।

হালনাগাদ: ১৬ অক্টোবৰ ২০২৪ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কুকি জনগোষ্ঠী (Kuki Tribe) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ লগতে চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ এটা জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।।১। ভাৰত, বাংলাদেশ আৰু ম্যানমাৰৰ ভিতৰত থকা কেইবাটাও পাহাৰীয়া জনগোষ্ঠীৰ ভিতৰত কুকিসকল অন্যতম। উত্তৰ-পূব ভাৰতত অৰুণাচল প্ৰদেশৰ বাহিৰে সকলো ৰাজ্যতে তেওঁলোকৰ উপস্থিতি পৰিলক্ষিত হয়।

পৰম্পৰাগতভাৱে কুকি লোকসকলে বসবাস কৰা অঞ্চলটোৰ আনুমানিক সম্প্ৰসাৰণ।
পৰম্পৰাগতভাৱে কুকি লোকসকলে বসবাস কৰা অঞ্চলটোৰ আনুমানিক সম্প্ৰসাৰণ।ছবি: Xufanc · CC BY-SA 4.0

ভাৰতৰ কুকি জনগোষ্ঠীৰ প্ৰায় পঞ্চাশটা জনগোষ্ঠীক অনুসূচিত জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হৈছে, সেই বিশেষ কুকি জনগোষ্ঠীয়ে কোৱা উপভাষাৰ লগতে তেওঁলোকৰ উৎপত্তিস্থল অঞ্চলৰ ওপৰত ভিত্তি কৰি।

ম্যানমাৰৰ চিন জনগোষ্ঠী আৰু মিজোৰামৰ মিজো জনগোষ্ঠী কুকিসকলৰ আত্মীয় জনগোষ্ঠী। সামূহিকভাৱে তেওঁলোকক জো-জনগোষ্ঠী বুলি কোৱা হয়।

লগতে চাওক

  • জালে'ন-গাম
  • ১৯৯৭–১৯৯৮ চনৰ কুকি–পাইটে জাতিগত সংঘৰ্ষ
  • ১৯৯২ চনৰ কুকি–তামিল জাতিগত সংঘৰ্ষ

তথ্যসূত্ৰ

  1. ↑ LaPollo, Randy J. (ed.). Sino-Tibetan languages. Routledge. ISBN 9781135797171

সম্পৰ্কিত শ্ৰেণী

উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুকি জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৪৩৮৩৯২ (১৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।