অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কটন কলেজিয়েট স্কুল গুৱাহাটীৰ পানবজাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত ঔপনিবেশিক অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স ডাঙৰীয়ায়ে ১৮৩৫ চনত এই বিদ্যালয় "গৌহাটী গভমেণ্ট চেমিনাৰী" নামেৰে স্থাপন কৰিছিল।

হালনাগাদ: ২০ নৱেম্বৰ ২০১৯ ৩৩০ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কটন কলেজিয়েট স্কুল গুৱাহাটীৰ পানবজাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত ঔপনিবেশিক অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স ডাঙৰীয়ায়ে ১৮৩৫ চনত এই বিদ্যালয় "গৌহাটী গভমেণ্ট চেমিনাৰী" নামেৰে স্থাপন কৰিছিল। এইখন উত্তৰ-পূব ভাৰতৰ প্ৰথমখন আধুনিক শিক্ষা প্ৰদান কৰা বিদ্যালয়।১ বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।

ইতিহাস

১৮৩৪ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনৰ অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স (১৮৩৪-৬১) ডাঙৰীয়ায়ে অসমীয়া যুৱচামক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰিবলৈ চাৰিখন সদৰ গৌহাটী, দৰং, নগাঁও আৰু বিশ্বনাথত ইংৰাজী শিক্ষাৰ বিদ্যালয় স্থাপনৰ বাবে চৰকাৰলৈ আবেদন জনাইছিল। ইয়াৰ লগতে তেওঁ বিদ্যালয়ৰ স্থাপনৰ বাবে গুৱাহাটীৰ স্থানীয় বাসিন্দাৰ পৰা ১,৭৪০ টকা বৰঙণি লাভ কৰিছিল। সেই সময়ত গুৱাহাটী অঞ্চলৰ মুঠ জনসংখ্যা ৫,৮০০ জন আছিল। ১৮৩৫ চনত ভাৰত চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ পিছত একে বছৰে ৫৮ গৰাকী ছাত্ৰৰে "গৌহাটী স্কুল" নামেৰে বিদ্যালয়খনৰ আৰম্ভ কৰা হয়। মাহিলী ১৫০ টকা বেতনৰে মিষ্টাৰ চিংগাৰক বিদ্যালয় খনৰ প্ৰথম প্ৰথম শিক্ষকৰ নিযুক্তি দিয়া হয়।

১৮৩৮ চনত মিষ্টাৰ ৰবিনছনে গৌহাটী স্কুলৰ নতুন প্ৰধান শিক্ষক হিচাপে মাহিলী ৩০০ টকা বেতনত দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ লগতে বিদ্যালয় খনক "গৌহাটী গভমেণ্ট চেমিনাৰী" নামেৰে নামাকৰণ কৰা হয়। লাহে লাহে বিদ্যালয়ত ছাত্ৰৰ সংখ্যা ৩৪০ লৈ বৃদ্ধি পোৱাত ১৮৪০ চনত দান বৰঙণি তুলি বিদ্যালয়খনৰ পৰিসৰ বৃদ্ধি কৰা হয়। ১৮৬৫ চনত চৰকাৰে বিদ্যালয় খনক কলেজিয়েট পৰ্যায়লৈ উন্নীত কৰে।২

অৱস্থান

কটন কলেজিয়েট স্কুল অসমৰ কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীৰ পানবজাৰত অৱস্থিত।

শিক্ষা

বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।

নামভৰ্তি

ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তিৰ বাবে বাচনি পৰীক্ষা অনুষ্ঠিত কৰা হয়। একাদশ শ্ৰেণীৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ নামভৰ্তি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হয়।

উল্লেখযোগ্য ছাত্ৰসমূহ

তথ্যসূত্ৰ

  1. ↑ (April 2008). Revival blueprint for Assam’s oldest school. The Telegraph
  2. ↑ About Us:
  3. ↑ A tale of the first torchbearer of higher education in Northeast - Heritage / Cotton Collegiate School. www.telegraphindia.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ২১০১১০ (২০ নৱেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।