অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়

বিশ্বভাৰতী বিশ্ববিদ্যালয়, ভাৰতৰ পশ্চিম বংগৰ শান্তিনিকেতনত অৱস্থিত এখন ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু তেৱেঁই বিশ্ববিদ্যালয়খনক ‘বিশ্বভাৰতী’ বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ হৈছে বিশ্বৰ ভাৰতৰ সৈতে মিলন।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৯১৫ শব্দ · ৫ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বিশ্বভাৰতী বিশ্ববিদ্যালয়, ভাৰতৰ পশ্চিম বংগৰ শান্তিনিকেতনত অৱস্থিত এখন ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু তেৱেঁই বিশ্ববিদ্যালয়খনক ‘বিশ্বভাৰতী’ বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ হৈছে বিশ্বৰ ভাৰতৰ সৈতে মিলন। ভাৰতৰ স্বাধীনতালৈকে এই বিশ্ববিদ্যালয়খন আছিল এখন মহাবিদ্যালয়। স্বাধীনতাৰ কিছু বছৰৰ পাছত ভাৰতৰ সংসদৰ এক আইনৰ দ্বাৰা ১৯৫১ চনত এই শিক্ষানুষ্ঠানখনক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰা হয়। ১৯২১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্ব-ভাৰতী প্ৰতিষ্ঠা কৰে। ১

পশ্চিমবংগৰ বীৰভূম জিলাৰ শান্তিনিকেতন আৰু শ্ৰীনিকেতনৰ মাজত এই বিশ্ববিদ্যালয়খন অৱস্থিত।২ বহিঃৰাজ্যৰ পৰা বহু ছাত্ৰ-ছাত্ৰী এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহে। এই বিশ্ববিদ্যালয়ৰ বিখ্যাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত নোবেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেন, অস্কাৰ বিজয়ী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়, জয়পুৰৰ ৰাণী আৰু কুচ বিহাৰৰ ৰাজকুমাৰী গায়ত্ৰী দেৱী, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আদি বিশেষভাৱে উল্লেখযোগ্য।৩

ইতিহাস

১৯০১ চনৰ ডিচেম্বৰ মাহত ৰবীন্দ্ৰনাথ ঠাকুৰে বলপুৰৰ সমীপৰ শান্তিনিকেতন আশ্ৰমত "ব্ৰহ্মচাৰ্যশ্ৰম" নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰে। এই বিদ্যালয়ৰ উদ্দেশ্য আছিল গতানুগতিক, বৃত্তিমুখীহীন অসম্পূৰ্ণ শিক্ষাৰ পৰিৱৰ্তে ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ মানসিক বিকাশৰ সুযোগ দিয়া। প্ৰাচীন ভাৰতৰ তপোৱন বিদ্যালয়ৰ পৰাই এই বিদ্যালয়ৰ মতাদৰ্শ গ্ৰহণ কৰিছিল ৰবীন্দ্ৰনাথে। বিদ্যালয়খন প্ৰতিষ্ঠা কৰিবলৈ ৰবীন্দ্ৰনাথে পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰৰ অনুমতি আৰু আশীৰ্বাদ লাভ কৰিছিল। বিদ্যালয়খনৰ প্ৰথম পাঁচজন ছাত্ৰৰ ভিতৰত এজন আছিল কবি ৰথিন্দ্ৰনাথ ঠাকুৰ। ১৯১৮ চনৰ ২৩ ডিচেম্বৰত ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্ব ভাৰতীৰ আধাৰশিলা স্থাপন কৰে। তাৰ পিছত ১৯২১ চনৰ ২৩ ডিচেম্বৰত আচাৰ্য ব্ৰজেন্দ্ৰনাথ শীলে ৰবীন্দ্ৰনাথৰ উপস্থিতিত বিশ্ব ভাৰতী শিক্ষাপ্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।৪

উপাচাৰ্য

  • ৰথীন্দ্ৰনাথ ঠাকুৰ ১৯৫১-১৯৫৩
  • ক্ষিতিমোহন সেন ১৯৫৩-১৯৫৪ (অস্থায়ী)
  • প্ৰবোধচন্দ্ৰ বাগচী ১৯৫৪-১৯৫৬
  • ইন্দিৰা দেবী চৌধুৰাণী ১৯৫৬ (অস্থায়ী)
  • সত্যেন্দ্ৰনাথ বসু ১৯৫৬-১৯৫৮
  • ক্ষিতীশচন্দ্ৰ চৌধুৰী ১৯৫৮-১৯৫৯ (অস্থায়ী)
  • সুধীৰঞ্জন দাস ১৯৫৯-১৯৬৫
  • কালিদাস ভট্টাচাৰ্য ১৯৬৬-১৯৭০
  • প্ৰতুলচন্দ্ৰ গুপ্ত ১৯৭০-১৯৭৫
  • সুৰজিৎ চন্দ্ৰ সিংহ ১৯৭৫-১৯৮০
  • অম্লান দত্ত ১৯৮০-১৯৮৪
  • নিমাইসাধন বসু ১৯৮৪-১৯৮৯
  • অজিতকুমাৰ চক্ৰবৰ্তী ১৯৮৯-১৯৯০ (উপাচাৰ্যৰ দায়িত্ব পালন কৰে)
  • অশীন দাশগুপ্ত ১৯৯০-১৯৯১
  • শিশিৰ মুখোপাধ্যায় ১৯৯১ (উপাচাৰ্যৰ দায়িত্ব পালন কৰে)
  • সব্যসাচী ভট্টাচাৰ্য ১৯৯১-১৯৯৫
  • শিশিৰ মুখোপাধ্যায় ১৯৯৫ (উপাচাৰ্যৰ দায়িত্ব পালন কৰে)
  • আৰ. আৰ. ৰাও ১৯৯৫ (উপাচাৰ্যৰ দায়িত্ব পালন কৰে)
  • দিলীপকুমাৰ সিংহ ১৯৯৫-২০০১
  • সুজিত বসু ২০০১-২০০৬
  • ৰজতকান্ত ৰায় ২০০৬
  • সবুজকলি সেন
  • বিদ্যুৎ চক্ৰবৰ্তী ২০১৮-বৰ্তমান

বিশ্বভাৰতীৰ ভৱন বা স্কুল

ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বিশ্বভাৰতীৰ বিভিন্ন ভৱন বা স্কুলসমূহ আছিল এনেধৰণৰ— পাঠ্যভবন, উত্তৰশিক্ষা সদন, মৃণালিনী আনন্দ পাঠশালা, শিক্ষাসত্ৰ, সন্তোষ পাঠশালা, পদ্ম ভবন, ভাষা ভবন, শিক্ষা ভবন, বিদ্যা ভবন, ৰবীন্দ্ৰ ভবন, চিনা ভবন, নিপ্পন ভবন, কলা ভবন, সংগীত ভবন, শিল্প সদন, হিন্দি ভবন, বিনয় ভবন, শিক্ষা চৰ্চা, পল্লী সংঘটন বিভাগ, পল্লী শিক্ষা ভবন, ৰথীন্দ্ৰ কৃষি বিজ্ঞান কেন্দ্ৰ, বাংলাদেশ ভবন, ইন্দো তিব্বত ভবন আদি৷

শিক্ষা ভৱন

ইয়াক ‘বিজ্ঞান প্ৰতিষ্ঠান’ বুলি কোৱা হয়। ইয়াত প্ৰধানকৈ বিজ্ঞান শিকোৱা হয়। যেনে- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত ইত্যাদি। শিক্ষা-ভৱন (বিজ্ঞান প্ৰতিষ্ঠান) প্ৰথমে মানৱ বিজ্ঞানৰ পাঠদানৰ বাবে স্নাতকোত্তৰ মহাবিদ্যালয় হিচাপে নিৰ্মাণ কৰা হৈছিল, য’ত উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান আদিৰ পাঠদান আৰম্ভ কৰা হৈছিল। আৰু গণিত বিষয়টো ১৯৬৩ চনত আৰু অন্যান্য বিষয়বোৰ বাবে ১৯৬৮ চনত আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৭২ চনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সকলো বিজ্ঞান বিভাগ ‘শিক্ষা ভৱন’ৰ অধীনলৈ অনা হয়, যিটো বৰ্তমান বিজ্ঞান প্ৰতিষ্ঠান নামেৰে জনাজাত। বৰ্তমান এই ভৱনত দহটা বিভাগত আছে। বিভাগসমূহ হ’ল- জৈৱ প্ৰযুক্তি, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কম্পিউটাৰ আৰু ব্যৱস্থা বিজ্ঞান, পৰিৱেশ অধ্যয়ন, সংহত বিজ্ঞান শিক্ষা আৰু গৱেষণা, গণিত, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা আৰু প্ৰাণীবিজ্ঞান। তদুপৰি ইয়াত গণিত শিক্ষা কেন্দ্ৰ এটি আছে, য’ত পাঠদান আৰু গৱেষণা দুয়োটা পাঠ্যক্ৰম চলি আছে। এই বিভাগসমূহত বি.এছ.চি (অনাৰ্ছ), এম.এছ.চি., ইণ্টিগ্ৰেটেড এম.এছ.চি. আৰু পিএইচ.ডি ডিগ্ৰী প্ৰদান কৰা হয়।

বিদ্যা ভৱন

এই ভৱনত প্ৰাচীন,আধুনিক আৰু অন্যান্য ভাষাৰ লগতে সাহিত্য আৰু দৰ্শন বিষয়ক যেনে সংস্কৃত, পালি, বাংলা, অসমীয়া, হিন্দী, উৰ্দু আৰু বৈদিক, বৌদ্ধ আৰু গুপ্ত যুগৰ অধ্যয়ন আছে; বিদেশী ভাষা যেনে আৰবী, পাৰ্চী আদি ভাষাও এই ভৱনৰ অন্তৰ্গত।

প্ৰাঙ্গণ

বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ দুটি প্ৰাঙ্গণ আছে। সেয়া হ’ল- শান্তিনিকেতন আৰু শ্ৰীনিকেতন।

শান্তিনিকেতন

১৮৬৩ চনত ঊনবিংশ শতিকাৰ মাজভাগত দেৱেন্দ্ৰনাথ ঠাকুৰে বোলপুৰৰ সমীপত এটুকুৰা অনুৰ্বৰ মাটি ক্ৰয় কৰি তাতেই ব্ৰহ্মচৰ্যাশ্ৰম নিৰ্মাণ কৰি সেই ঠাইৰ নাম শান্তিনিকেতন ৰাখিছিল। কালক্ৰমত ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ নামো শান্তিনিকেতন নামেৰে পৰিচিত হৈ পৰিল।

কলা ভৱন

এই বিভাগত চিত্ৰকলা, ভাস্কৰ্য্য, বস্ত্ৰশিল্প, প্ৰিণ্টমেকিং আৰু চিৰামিক ডিজাইন, শিল্প-সংস্কৃতিৰ ইতিহাসকে ধৰি সকলো ধৰণৰ শিল্প সম্পৰ্কীয় সৃষ্টিশীল কাম-কাজ শিকোৱা হয়।

হাউচ অৱ ইণ্ডাষ্ট্ৰী

কলা আৰু শিল্পকৰ্মৰ লগত জড়িত সকলোধৰণৰ কাম-কাজ এই বিভাগত শিকোৱা হয়।

সংগীত ভৱন

এই বিভাগত কণ্ঠ আৰু বাদ্যযন্ত্ৰ সংগীত, নৃত্য আৰু অভিনয় শিকোৱা হয়।

চীনা ভৱন

এই ভৱনত ছাত্ৰ-ছাত্ৰীসকলক চীনা ভাষা আৰু সাহিত্য, চীনা সংস্কৃতি আৰু চীনা সভ্যতা আদি শিকোৱা হয় আৰু চীনা ছাত্ৰ-ছাত্ৰীক ভাৰতীয় সংস্কৃতি, সংস্কৃত ভাষা আৰু সাহিত্য শিকোৱা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সপোন আছিল যে শেহতীয়া শতিকাবোৰত ভাৰত আৰু চীনৰ মাজত ক্ষয়িষ্ণু হৈ থকা গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক পুনৰুদ্ধাৰ কৰাৰ ভেটি শান্তিনিকেতন হওক। সেয়েহে তেওঁ এই ভৱনৰ আৰম্ভ কৰিছিল।

হিন্দী ভৱন

১৯৩৮ চনত হিন্দী ভৱনটো বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হয়। হাজৰি প্ৰসাদ দ্বিবেদী আছিল হিন্দী ভৱনৰ প্ৰথম অধ্যক্ষ।

ৰবীন্দ্ৰ ভৱন

ইয়াত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঘৰবোৰ সংৰক্ষিত হৈ আছে। বৰ্তমান সময়ত এই ঘৰবোৰ সংগ্ৰহালয় হিচাপে ব্যৱহাৰ কৰা হয়।

বিনয় ভৱন

১৯৪৮ চনত কলা, শিল্প আৰু সংগীত বিষয়ক ‘শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ’ হিচাপে প্ৰতিষ্ঠা হোৱা বিনয় ভৱনটি পিছলৈ ১৯৫১ চনত পূৰ্ণাংগ ‘শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়’লৈ পৰিণত হয়৷ ইয়াত ছাত্ৰ-ছাত্ৰীয়ে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা যেনে বি.এড, এমএড, এম.এ.পি.ডি আদি শিক্ষা গ্ৰহণ কৰিব পাৰে৷ শাৰীৰিক শিক্ষা বিষয়তো ইয়াত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰে।

পল্লী শিক্ষা ভৱন

বিশ্ব ভাৰতী আইন-১৯৮৪ অনুসৰি ১৯৬৩ চনৰ ১ ছেপ্টেম্বৰত স্থাপন কৰা "পল্লী শিক্ষা সদন" ভৱনটোৰ নাম সলনি কৰি "পল্লী শিক্ষা ভৱন" ৰখা হয়। ই শ্ৰীনিকেতনত অৱস্থিত। শ্ৰীনিকেতনৰ বহু উদ্দেশ্য আছিল, তাৰ ভিতৰত কৃষিৰ বিকাশ অন্যতম আছিল। এই ভৱনটো ভাৰতীয় কৃষি শিক্ষানুষ্ঠানসমূহৰ মাজত এক উজ্জ্বল নক্ষত্ৰ হিচাপে বিদ্যমান। বৰ্তমান এই ভৱনটোৰ সৈতে পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰী, ৪৬ জন শিক্ষক আৰু এশৰো অধিক কৰ্মচাৰী নিয়োজিত হৈ আছে।

বাংলাদেশ ভৱন

২০১৮ চনৰ ২৫ মে’ত পশ্চিম বংগৰ শান্তিনিকেতনত বাংলাদেশ ভৱনটো উদ্বোধন কৰা হয়৷ উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷ আধুনিক দুমহলীয়া ভৱনটোত এটা প্ৰেক্ষাগৃহ, সংগ্ৰহালয় আৰু পুথিভঁৰাল আছে। প্ৰায় ৪৬ হাজাৰ বৰ্গফুটৰ এই ভৱনটোত বাংলাদেশৰ পৰা অহা শিল্পী আৰু শ্ৰমিকসকলে উদ্বোধনীৰ আগৰ নিশালৈকে কামত ব্যস্ত আছিল। প্ৰায় ৪০০০ বৰ্গফুট এলেকাৰে মুকলি কৰা হৈছে এই সংগ্ৰহালয়টো। পিছত ইয়াক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই ভৱনলৈ বাংলাদেশৰ পৰা প্ৰায় ৩৫০০ খন কিতাপ পুথিভঁৰালৰ বাবে অনা হৈছে। ভাৰতত সহজলভ্য নোহোৱা ৰবীন্দ্ৰচাৰ্চা আৰু ৰবীন্দ্ৰ গৱেষণাৰ আধাৰত এনে বহু গ্ৰন্থ ইয়াত সংৰক্ষণ কৰা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ অমিয়কুমাৰ সেন. (১৯৭৩,). "বিশ্বভাৰতী", ভাৰতকোষ. বঙ্গীয় সাহিত্য পৰিষদ, কলকাতা. পৃ. পৃ. ১১২-১৪ পঞ্চম খণ্ড
  2. ↑ Santiniketan
  3. ↑ ৰুচিকা কুমাৰী. (৩ ফেব্ৰুৱাৰী, ২০২৩). বিশ্ববিদ্যালয়-এ-১০০ বছৰীয়া-উত্তৰ-উত্তৰ-পিছলৈ-চাওক-ইয়াৰ-প্ৰতিষ্ঠাপক-আৰু- famous- alumni-article-97572415 বিশ্বভাৰতী বিশ্ববিদ্যালয়: ১০০ বছৰেৰ ঐতিহ্যেৰ দিকে ফিৰে দেখা, এৰ প্ৰতিষ্ঠাতা এবং বিশিষ্ট প্ৰাক্তন ছাত্ৰছাত্ৰী
  4. ↑ বিশ্বভাৰতী সম্পৰ্কীয় তথ্য. কলকাতা, সোমবাৰ, ২৯ জুন ২০২০

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৬৯৮৪৬ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।