অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

খাদ্য

খাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ। খাদ্যত সাধাৰণত উদ্ভিদ বা প্ৰাণীজ উৎস থাকে আৰু প্ৰয়োজনীয় পুষ্টি উপাদান যেনে শৰ্কৰা, চৰ্বী, প্ৰটিন, ভিটামিন বা খনিজ লৱণ থাকে। শক্তি আহৰণ, জীৱন ধাৰণ আৰু বৃদ্ধি উদ্দীপনৰ বাবে জীৱই বা জীৱকোষে খাদ্য গ্ৰহণ কৰে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২০ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

খাদ্য হৈছে জীৱৰ পুষ্টিত সহায়তা প্ৰদানৰ বাবে খোৱা কিছুমান পদাৰ্থ১। খাদ্যত সাধাৰণত উদ্ভিদ বা প্ৰাণীজ উৎস থাকে আৰু প্ৰয়োজনীয় পুষ্টি উপাদান যেনে শৰ্কৰা, চৰ্বি, মাংসসাৰ, ভিটামিন বা খনিজ লৱণ থাকে। শক্তি আহৰণ, জীৱন ধাৰণ আৰু বৃদ্ধি উদ্দীপনৰ বাবে জীৱই বা জীৱকোষে খাদ্য গ্ৰহণ কৰে।

ঐতিহাসিকভাৱে, মানুহে দুটা পদ্ধতিৰ মাধ্যমেৰে খাদ্য সুৰক্ষা কৰিছিল: চিকাৰ আৰু সংগ্ৰহ আৰু কৃষিকাৰ্যৰ দ্বাৰা, ফলত আধুনিক মানুহ প্ৰধানকৈ সৰ্বভক্ষী হয়। বিশ্বজুৰি মানৱ সমাজে ঔষধি, মছলা আদিকে ধৰি খাদ্যৰ বিভিন্ন প্ৰকাৰৰ কৌশল আৰু অসংখ্য ৰন্ধন প্ৰকৰণ আৱিষ্কাৰ কৰিছে।

বৰ্তমান, বিশ্বৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ বাবে প্ৰয়োজনীয় খাদ্যশক্তিৰ সিংহভাগেই খাদ্য শিল্পই সৰবৰাহ কৰে। খাদ্য সুৰক্ষা আৰু খাদ্য সংৰক্ষণ International Association for Food Protection, World Resources Institute, World Food Programme, Food and Agriculture Organization, আৰু International Food Information Councilৰ দৰে সংস্থাৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হয়। এই সংস্থাবোৰে খাদ্যৰ স্থায়িত্ব, জৈৱ বৈচিত্ৰ্য, জলবায়ু পৰিবৰ্তন, পুষ্টি অৰ্থনীতি, জনসংখ্যা বৃদ্ধি, জল সৰবৰাহ আৰু উপলভ্যতাৰ দৰে বিষয়সমূহ পৰিচালনা কৰে।

খাদ্যৰ উৎস

বেছিভাগ খাদ্য উদ্ভিদৰ পৰা আহৰণ কৰা হয়। কিছুমান খাদ্য উদ্ভিদৰ পৰা পোনপতীয়াকৈ আহৰণ কৰা হয়; আনকি খাদ্য উত্স হিচাপে ব্যবহৃত প্ৰাণীসমূহেও উদ্ভিদকেই খাদ্য হিচাপে গ্ৰহণ কৰে। চিৰিয়াল শস্য হ'ল বিশ্বৰ সকলোতকৈ বেছি খাদ্য শক্তি নিহিত শস্য।২ সকলো প্ৰকাৰৰ শস্যৰ ভিতৰত ভুট্টা (ভুট্টা), ঘেঁহু আৰু চাউলৰ পৰা বিশ্বব্যাপী সমস্ত শস্য উত্পাদনৰ ৮৭% আহৰণ কৰা হয়।৩৪৫ বিশ্বব্যাপী উত্পাদিত বেছিভাগ শস্য পোহনীয়া প্ৰাণীক খাবলৈ দিয়া হয়।

কিছুমান খাদ্য উদ্ভিদ বা প্ৰাণীৰ পৰা আহৰণ কৰা নহয়, যেনে কাঠফুলা। এইবিলাক বিভিন্ন ধৰণৰ ভেঁকুৰৰ পৰা আহৰণ কৰা হয়। পাওৰুটি, সুৰাজাতীয় পানীয়, পনীৰ, আচাৰ, দৈ আদি প্ৰস্তুতকৰণত ভেঁকুৰ বা বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। খাদ্যৰ সংৰক্ষণ তথা ৰূপান্তৰণৰ বাবে নিমখ, বেকিং চডা আদিৰ দৰে অজৈৱিক পদাৰ্থও ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ food. Encyclopedia Britannica
  2. ↑ Society, National Geographic. (2011-03-01). food. National Geographic Society
  3. ↑ ProdSTAT. FAOSTAT
  4. ↑ Favour, Eboh. Design and Fabrication of a Mill Pulverizer
  5. ↑ Engineers, NIIR Board of Consultants &. (2006). The Complete Book on Spices & Condiments (with Cultivation, Processing & Uses) 2nd Revised Edition: With Cultivation, Processing & Uses. Asia Pacific Business Press Inc. ISBN 978-81-7833-038-9

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাদ্য” প্ৰবন্ধৰ সংশোধন ২৪৫৭৯০ (১১ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।