অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আই ইউ চি এন ৰঙা তালিকা

আই ইউ চি এন ৰঙা তালিকা (IUCN Red List বা IUCN Red List of Threatened Species) ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৫ ৫০৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আই ইউ চি এন ৰঙা তালিকা (IUCN Red List বা IUCN Red List of Threatened Species) ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়। আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰতি বছৰে এই তালিকা প্ৰকাশ কৰে।

কোনো কাৰণে নিৰ্দিষ্ট কোনো প্ৰজাতি বা উপ-প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হ'লে সেইটো নিৰূপনৰ বাবে সঠিক মানদণ্ড প্ৰয়োগ কৰা হয়। এই মানদণ্ড বিশ্বৰ সকলো দেশত বা সকলো ঠাইত একে। এই তালিকা তৈয়াৰ কৰাৰ অন্যতম উদ্দেশ্য হৈছে জনসাধাৰণক সচেতন কৰা আৰু নিৰ্দিষ্ট প্ৰজাতিটোৱে সন্মুখীন হোৱা ভাবুকি প্ৰতিহত কৰা। প্ৰজাতিটো যাতে বিলুপ্ত নহয়, তাৰবাবে ৰাজনীতিকসকলেও সচেতন হয় আৰু প্ৰয়োজনীয় কাৰ্য-ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উদ্যোগী হয়।

আই ইউ চি এ ৰঙা তালিকাৰ কিছু নীতি-নিৰ্দ্ধাৰক সংগঠন আছে, যিয়ে কোনটো প্ৰজাতি কোনটো শ্ৰেণীৰ অন্তৰ্ভূক্ত হব, সেইটো নিৰ্দ্ধাৰণ কৰে। বাৰ্ডলাইফ ইণ্টাৰনেচনেল, জুল'জিকেল চোচাইটি অৱ লণ্ডনৰ গৱেষণা শাখা, স্পেছিচ চাৰ্ভাইভেল কমিচন,ইন্সটিটিউট অব জুল'জী, ৱাৰ্ল্ড কনজাৰ্ভেচন মণিটৰিং চেণ্টাৰ আদি সংগঠনৰ যোগেদি ৰঙা তালিকাৰ প্ৰায় আধা প্ৰজাতিৰ অন্তৰ্ভূক্তি হৈছে।

আই এ চি ইউৰ লক্ষ্য হৈছে প্ৰতি পাঁচ বছৰৰ মূৰত তালিকাভূক্ত প্ৰতিটো প্ৰজাতিৰ অৱস্থা মূল্যায়ন কৰা। এই মূল্যায়ন বিভিন্ন সংগঠন আৰু গোটৰ মাধ্যমেদি কৰা হয়। এই সংগঠন বা গোটবোৰ কোনো নিৰ্দিষ্ট জীৱ-বৰ্গৰ মূল্যায়নৰ বাবে দায়বদ্ধ হয়। উদাহৰণস্বৰূপে সমগ্ৰ পক্ষী-বৰ্গ মূল্যায়নৰ বাবে দায়বদ্ধ বাৰ্ডলাইফ ইণ্টাৰনেচনেল নামৰ সংগঠনটো।১

বিভাগ

#D59D00}}অসুৰক্ষিত বিভাগত তালিকাভূক্ত হোৱা বিভিন্ন প্ৰজাতিৰ গোটসমুহৰ শতকৰা হাৰ।
#D59D00}}অসুৰক্ষিত বিভাগত তালিকাভূক্ত হোৱা বিভিন্ন প্ৰজাতিৰ গোটসমুহৰ শতকৰা হাৰ।ছবি: Original IUCN_Red_List_2007.png: H2g2bob Vectorization by B. Jankuloski (talk) D · CC0

আই ইউ চি এন ৰঙা তালিকাত প্ৰজাতিসমূহক মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, আৱাদী আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ওপৰত ভিত্তি কৰি নটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে।

  • সংকটজনক (Threatened, T):
    • ঘোৰ সংকটজনক (Critically Endangered, CR): প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
    • সংকটজনক (Endangered, EN): প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
    • অসুৰক্ষিত (Vulnerable, VU): প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
  • কম সংকটজনক (Lower Risk, LR):
    • সংকটাসন্ন (Near Threatened, NT): অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতা দেখা গৈছে।
    • ন্যূনতম উদ্বেগজনক (Least Concern, LC): সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
  • বিলুপ্ত (Extinct, EX): এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।
  • অৰণ্যত বিলুপ্ত (Extinct in the Wild, EW): বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্যক সদস্য জীয়াই আছে।
  • অপৰিমিত তথ্য (Data Deficient, DD): কোনটো বিভাগৰ অন্তৰ্ভূক্ত হ'ব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
  • অমূল্যাঙ্কিত প্ৰজাতি (Not Evaluated, NE): আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।২

কিছুমান পৰিভাষাত সংকটগ্ৰস্থ, বিপদগ্ৰস্থ, সংকটাসন্ন, বিপদাসন্ন, সংকটাপন্ন, বিপদাপন্ন, আদি শব্দও ব্যৱহাৰ কৰা হয়।

গ্ৰন্থপঞ্জী

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Red List Overview. IUCN Red List. International Union for Conservation of Nature
  2. ↑ IUCN About the IUCN Red List

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই ইউ চি এন ৰঙা তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩৯৫২৬ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।