অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত। মুদ্ৰাৰ বিষয়ত গোলকীয় সহযোগিতা বৃদ্ধি, বিত্তীয় স্থিৰতা, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰত সহযোগ, ৰোজগাৰ বৃদ্ধি, দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়ন আৰু বিশ্বত দৰিদ্ৰতা হ্ৰাসকৰণ সংস্থাটোৰ মূল উদ্দেশ্য।১ ১৯৪৪ চনত ব্ৰেটন ৱুডছ কনফাৰেঞ্চত আন্তঃৰাষ্ট্ৰীয় ধন আদায় ব্যৱস্থাটোৰ পুনৰ্গঠনৰ উদ্দেশ্যেৰে ২৯খন সদস্য ৰাষ্ট্ৰৰে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ১৯৪৫ চনতহে আনুষ্ঠানিক ৰূপ পায়। সদস্য ৰাষ্ট্ৰসমূহে এক সংৰক্ষণ ব্যৱস্থাৰ যোগেদি এটা নিধিলৈ বৰঙনি আগবঢ়াইছিল আৰু প্ৰায়োজনীয়তাত ভোগা দেশসমূহে এই নিধিৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিছিল। ২০১০ চনত সেই সময়ৰ বিনিময় হাৰৰ হিচাপত নিধিটোত প্ৰায় ৭৫৫.৭ বিলিয়ন আমেৰিকান ডলাৰ জমা আছিল।২

উক্ত নিধি আৰু অন্যান্য কাৰ্যাৱলীৰ জৰিয়তে আই এম এফে সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক উন্নয়নৰ হকে কাম কৰে।৩ সংস্থাটোৰ আৰ্টিকলছ অফ এগ্ৰীমেণ্টত উল্লেখ থকা মতে ইয়াৰ উদ্দেশ্যসমূহ হৈছে৪ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় বেহা-বেপাৰ,ৰ্বেলেঞ্চ অফ পেমেণ্টৰ সমতা স্থাপনৰ অৰ্থে সদস্য ৰাষ্ট্ৰসমূহক বিত্তৰ যোগানকে ধৰি ৰোজগাৰ আৰু বিনিময় হাৰৰ স্থিৰতা।৫

ইতিহাস

১৯৪৪ চনত মূলতে ব্ৰেটন ৱুডছ ব্যৱস্থাৰ এক অংশ হিচাপে আই এম এফ স্থাপন কৰা হৈছিল।৬ মহা মন্দাৱস্থাৰ সময়ত ৰাষ্ট্ৰসমূহে পতনমুখী অৰ্থনীতিসমূহৰ অৱস্থা উন্নীত কৰাৰ উদ্দেশ্যেৰে বেহা-বেপাৰৰ বাধা-নিষেধ বঢ়াই তোলে। ফলস্বৰূপে জাতীয় মুদ্ৰাসমূহৰ মান নিম্নগামী হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ অৱনতি ঘটে।৭

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সহযোগৰ পতনে এক উন্নীতকৰণ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ জন্ম দিয়ে। ইয়াৰ ফলত ৪৫খন দেশৰ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰস্থিত ব্ৰেটন ৱুডছত এক আলোচনাত মিলিত হয় আৰু আই এম এফৰ প্ৰতিষ্ঠা কৰে।

প্ৰথমাৱস্থাত, ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত ২৯খন সদস্য ৰাষ্ট্ৰৰে আই এম এফৰ আৰম্ভণি ঘটে।৮ ১৯৪৬ চনলৈ এই সংখ্যা ৩৯ লৈ বৃদ্ধি পায়।৯ ১৯৪৭ চনৰ ১ মাৰ্চৰ পৰা সংস্থাটোৱে নিজৰ কাম কাজ আৰম্ভ কৰে১০ আৰু ৮ মে’ত ফ্ৰান্সে প্ৰথমে সংস্থাটোৰ পৰা ঋণ গ্ৰহণ কৰে।৯

সদস্য ৰাষ্ট্ৰসমূহ

আৰ্টিকল VIII-ৰ ধাৰা ২, ৩ আৰু ৪ গ্ৰহণ নকৰা সদস্য ৰাষ্ট্ৰসমূহ<sup class=১১}}" loading="lazy" data-zoom="আৰ্টিকল VIII-ৰ ধাৰা ২, ৩ আৰু ৪ গ্ৰহণ নকৰা সদস্য ৰাষ্ট্ৰসমূহ১১}}">
আৰ্টিকল VIII-ৰ ধাৰা ২, ৩ আৰু ৪ গ্ৰহণ নকৰা সদস্য ৰাষ্ট্ৰসমূহ১১}}ছবি: Alinor (talk) · CC BY-SA 3.0

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ সকলো সদস্য ৰাষ্ট্ৰ স্বতন্ত্ৰ নহয় আৰু সেয়ে ৰাষ্ট্ৰসংঘৰ সদস্যও নহয়। ১২ ইয়াৰ ভিতৰত এৰুবা, কিউৰাকাও, হংকং, মাকাও আৰু ক’ছ’ভ’ উল্লেখযোগ্য।১৩১৪

প্ৰাক্তন সদস্যৰ ভিতৰত আছে কিউবা১৫ আৰু চীন।১৬ অৱশ্যে চীনশাসিত টাইৱান আই এম এফৰ সূচীভুক্ত।১৭

কিউবাৰ বাহিৰেও ৰাষ্ট্ৰসংঘৰ সদস্যৰ ভিতৰত আই এম এফৰ সদস্যভুক্ত নোহোৱা দেশসমূহ হৈছে এণ্ডোৰা, লাইকটেনষ্টাইন, মোনাকো, নাওৰো আৰু উত্তৰ কোৰিয়া।

চেক’শ্লাভিয়াক ১৯৫৪ চনত বৰ্খাস্ত কৰা হৈছিল যদিও ১৯৯০ চনত দেশখনত পুনৰ অন্তৰ্ভুক্ত কৰা হয়।১৮

টোকা আৰু তথ্যসংগ্ৰহ

টোকা

a.There is no world-wide consensus on the status of the Republic of Kosovo: it is recognised as independent by 110 countries, while others consider it an autonomous province of Serbia. See: International recognition of Kosovo.

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ About the IMF. IMF
  2. ↑ imf.org: "IMF Executive Board Approves Major Overhaul of Quotas and Governance" 5 Nov 2010
  3. ↑ Escobar, Arturo. 1980. Power and Visibility: Development and the Invention and Management of the Third World. Cultural Anthropology 3 (4): 428–443
  4. ↑ imf.org: "Articles of Agreement, International Monetary Fund" (2011)
  5. ↑ Articles of Agreement of the International Monetary Fund, Article I – Purposes
  6. ↑ Jensen, Nathan. (2004). Crisis, Conditions, and Capital: The Effect of the International Monetary Fund on Foreign Direct Investment. Journal of Conflict Resolution. পৃ. 194–210
  7. ↑ Cooperation and Reconstruction (1944–71). About the IMF
  8. ↑ Somanath, V. S. (1 February 2011). International Financial Management. পৃ. 79. ISBN 9789381141076
  9. ↑ De Vries, Margaret G. (1986). The IMF in a Changing World: 1945–85. পৃ. 66–68. ISBN 9781455280964
  10. ↑ Kenwood, George; Lougheed, Alan. (1 June 2002). Growth of the International Economy 1820–2000: An Introductory Text. পৃ. 269. ISBN 9780203199350
  11. ↑ Articles of Agreement of the International Monetary Fund, Article VIII – General Obligations of Members Section 2: Avoidance of restrictions on current payments; Section 3: Avoidance of discriminatory currency practices; Section 4: Convertibility of foreign-held balances
  12. ↑ www.imf.org/external/country/index.htm
  13. ↑ (29 June 2009). Republic of Kosovo is now officially a member of the IMF and the World Bank. The Kosovo Times
  14. ↑ (29 June 2009). Kosovo Becomes the International Monetary Fund's 186th Member. International Monetary Fund
  15. ↑ (27 April 2009). Brazil calls for Cuba to be allowed into IMF. Caribbean Net News
  16. ↑ Andrews, Nick; Bob Davis. (7 May 2009). Kosovo Wins Acceptance to IMF. The Wall Street Journal
  17. ↑ (17 April 2012). World Economic Outlook Database for April 2012 – Country information. Imf.org
  18. ↑ II The IMF and the Transition from Central Planning. International Monetary Fund. পৃ. 255

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থাৰাষ্ট্ৰসংঘ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি” প্ৰবন্ধৰ সংশোধন ৬২৪৯২৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।