অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসম কৃষি বিশ্ববিদ্যালয়

অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি-শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।

হালনাগাদ: ২২ ডিচেম্বৰ ২০২৫ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি-শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে। প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰবিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল।

বিশ্বৰ কেৱল এই বিশ্ববিদ্যালয়তেই চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰা হয়। ছশৰো অধিক শিক্ষক, গৱেষক আৰু সম্প্ৰসাৰণ বিশেষজ্ঞই এই বিশ্ববিদ্যালয়ৰ যোগেদি কৃষি আৰু পশু-চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত সেৱা আগবঢ়াই আছে।১

মহাবিদ্যালয়

বিশ্ববিদ্যালয়ৰ অধীনত নখন মহাবিদ্যালয় আছে।

গৱেষণা কেন্দ্ৰ

এই বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ ছটা কৃষি অঞ্চলতে একোটাকৈ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ আছে।

এই বিশ্ববিদ্যালয়ৰ দ্বাৰা অসমৰ প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰএকোটাকৈ স্থাপন কৰা হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ চিত্ৰ-বিচিত্ৰ অসম. (২০০৩). অসম কৃষি বিশ্ববিদ্যালয়. জ্যোতি প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানযোৰহাট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম কৃষি বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৬৫৫৬১ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।