সমাজ (Society) হৈছে সাধাৰণতে একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্টসম্পন্ন একে সামাজিক সম্পৰ্কেৰে জড়িত ব্যক্তিৰ এটা গোট, বা একে স্থানিক বা সামাজিক ক্ষেত্ৰত বসবাস কৰা এক বৃহৎ সামাজিক গোট(Group)। সমাজ মূলতঃ এনে এক প্ৰণালীক বুজায় য'ত একাধিক ব্যক্তি একত্ৰিত হৈ কিছুমান নীতি−নিয়ম প্ৰতিষ্ঠা কৰি একেলগে বাস কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। "সমাজ"ৰ ইংৰাজী "Society" শব্দটো দ্বাদশ শতিকাৰ ফৰাচী ভাষাৰ শব্দ চ'চিয়েটে (société)-ৰ (অৰ্থাৎ 'সংগ') পৰা আহৰণ কৰা হৈছে।১ মানুহৰ ক্ষেত্ৰত, একাধিক ব্যক্তিয়ে লিখিত বা অলিখিত নিয়ম প্ৰস্তুত কৰি একত্ৰিত হৈ বসবাস কৰা অৱস্থাকে সমাজ বুলি কোৱা হয়। মানুহৰ বাহিৰেও, নিম্নমানৰ প্ৰাণীৰ ক্ষেত্ৰতো সমাজ বিদ্যমান, কিন্তু মানুহৰ দৰে সংগঠিত সমাজৰ কোনো উদাহৰণ নাই। সমাজ কোনো এক স্বকীয় সংস্কৃতি আৰু প্ৰতিষ্ঠানৰ অন্তৰ্গত ব্যক্তিসকলৰ মাজৰ সম্পৰ্কৰ (সামাজিক সম্পৰ্ক) দ্বাৰা চিহ্নিত কৰা হয়; প্ৰদত্ত সমাজ এখনক ইয়াৰ অন্তৰ্গত সদস্যসকলৰ মাজত থকা এনে সম্পৰ্কৰ আধাৰত বৰ্ণনা কৰিব পাৰি।
সমাজে কিছুমান কাৰ্য বা কথা গ্ৰহণযোগ্য বা অগ্ৰহণযোগ্য বুলি গণ্য কৰি আচৰণ বিধি নিৰ্মাণ কৰে। কোনো এটা নিৰ্দিষ্ট সমাজৰ ভিতৰত এই আচৰণ বিধিবোৰক সামাজিক নিয়ম বুলি কোৱা হয়। সমাজ আৰু ইয়াৰ নিয়মবোৰ ক্ৰমান্বয়ে আৰু চিৰস্থায়ী পৰিৱৰ্তনৰ মাজেৰে সৃষ্টি হয়।
বহল অৰ্থত, আৰু বিশেষকৈ গাঁথনিবাদী চিন্তাধাৰাৰ ভিত্তিত, এখন সমাজক কেৱল ব্যক্তিৰ সমষ্টিৰ সলনি এক অৰ্থনৈতিক, সামাজিক, ঔদ্যোগিক বা সাংস্কৃতিক গোট হিচাপেও ভাগ কৰিব পাৰি।
যিদৰে সমাজৰ সদস্যসকলৰ মাজত সম্প্ৰীতি, সহযোগিতা, মমতা আছে; একেদৰে, ঘৃণা, লোভ, হিংসাৰো সৃষ্টি হ’ব পাৰি। সেয়েহে, সমাজৰ ভিতৰত শৃংখলা বজাই ৰখাৰ স্বাৰ্থত, বেছিভাগ ক্ষেত্ৰত, কিছুমান লিখিত বা অলিখিত নিয়ম থাকে, বেছিভাগ ক্ষেত্ৰত যাৰ উলংঘন অত্যন্ত অসন্মানজনক, আৰু সমাজৰ দৃষ্টিত শাস্তিৰ যোগ্য। এক সুন্দৰ আৰু নিৰপেক্ষ সামাজিক ব্যৱস্থাৰ বাবে সম্প্ৰীতি আৰু সহযোগিতা অপৰিহাৰ্য।
সমাজবিজ্ঞানী পিটাৰ এল বাৰ্জাৰৰ (Peter L. Berger) মতে সমাজ "... এক মানৱসৃষ্ট সামগ্ৰী, আৰু মানৱসৃষ্ট সামগ্ৰীৰ বাহিৰে আন একো নহয়, তথাপিও ই ইয়াৰ সৃষ্টিকৰ্তাসকলৰ বাবেই নিৰন্তৰ কাম কৰে।" তেওঁৰ মতে, সমাজখন মানুহে সৃষ্টি কৰিছিল, কিন্তু এই সৃষ্টি বিপৰীতমুখী হয় আৰু সমাজে প্ৰতিদিনে মানুহৰ সৃষ্টি বা নিৰ্মান কৰে।২
তথ্যসূত্ৰ
- ↑ Society. Merriam-webster dictionary
- ↑ Berger, Peter L. (1967). The Scared Canopy: Elements of a Sociological Theory of Religion. Doubleday & Company, Inc. পৃ. 3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমাজ” প্ৰবন্ধৰ সংশোধন ৬৩১৩৯৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।