অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নগা জনগোষ্ঠী

নগা জনগোষ্ঠী (Naga people) বুলিলে উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ স্থানীয় বিভিন্ন নৃগোষ্ঠীয় লোকৰ গোটক সামূহিকভাৱে বুজোৱা হয়। এই গোষ্ঠীবোৰৰ একে ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে আৰু তেওঁলোকে ভাৰতৰ নাগালেণ্ড ৰাজ্যত আৰু ম্যানমাৰৰ নগা স্বায়ত্ত্বশাসিত অঞ্চলত সংখ্যাগৰিষ্ঠা দেখা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০০ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নগা জনগোষ্ঠী (Naga people)১ বুলিলে উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ স্থানীয় বিভিন্ন নৃগোষ্ঠীয় লোকৰ গোটক সামূহিকভাৱে বুজোৱা হয়। এই গোষ্ঠীবোৰৰ একে ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে আৰু তেওঁলোকে ভাৰতৰ নাগালেণ্ড ৰাজ্যত আৰু ম্যানমাৰৰ নগা স্বায়ত্ত্বশাসিত অঞ্চলত সংখ্যাগৰিষ্ঠা দেখা যায়। ইয়াৰোপৰি ভাৰতৰ মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু অসম ৰাজ্য আৰু ম্যানমাৰৰ চাগাইং বিভাগ আৰু কাচিন ৰাজ্যত যথেষ্টসংখ্যক নগালোক বাস কৰে।

নগাসকল বিভিন্ন নগা জাতিগত গোষ্ঠীত বিভক্ত যাৰ সংখ্যা আৰু জনসংখ্যা অস্পষ্ট। তেওঁলোকে প্ৰত্যেকেই পৃথক নগা ভাষা কয় যিবোৰ প্ৰায়ে আনৰ নগা গোষ্ঠীৰ বাবে বোধগম্য নহয়।

ব্যুৎপত্তি

ব্ৰিটিছসকলৰ আগমনৰ আগতে, অসমীয়াসকলে 'নগা' শব্দটো কিছুমান বিচ্ছিন্ন নৃগোষ্ঠীক বুজাবলৈ ব্যৱহাৰ কৰিছিল।২ সেইসময়ত বৰ্তমানৰ নগাসকলক আন বহুতো নামেৰে নামকৰণ কৰা হৈছিল, যেনে মণিপুৰীসকলৰ 'হাও'৩ আৰু মানসকলৰ 'চিন'।৪ অৱশ্যে সময়ৰ লগে লগে 'নগা' সাধাৰণতে স্বীকৃত নামকৰণ হৈ পৰে। ব্ৰিটিছে শিথিল ভাষিক আৰু সাংস্কৃতিক সাদৃশ্যৰ আধাৰত কেইবাটাও জাতি-গোষ্ঠীক বুজাবৰ বাবে 'নগা' শব্দটোৰ ব্যৱহাৰ আৰম্ভ কৰে। বাৰ্মা গেজেটাৰৰ মতে, 'নাগা' শব্দটো সন্দেহজনক মূলৰ আৰু ইয়াক পূৰ্বতে পাহাৰীয়া জনজাতিবোৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।৫ বিংশ শতিকাত নগা হিচাপে শ্ৰেণীবদ্ধ কৰা গোষ্ঠীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ২০১৫ চনৰ ডিচেম্বৰলৈকে, বিভিন্ন উৎসৰ দ্বাৰা ৮৯টা গোটক নগা হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। নগা পৰিচয়ৰ এই সম্প্ৰসাৰণৰ কাৰণ হৈছে নাগালেণ্ডৰ সমাজত উৰ্ধগামী গতিশীলতাৰ অন্বেষণ আৰু আন গোটৰ দ্বাৰা আধিপত্যৰ বিৰুদ্ধে প্ৰতিৰোধৰ এক উমৈহতীয়া উদ্দেশ্য প্ৰতিষ্ঠা কৰাৰ আকাংক্ষা। সেয়ে 'নগা' পৰিচয়টো সময়ৰ সৈতে ভিন্ন আৰু নিৰ্দিষ্ট নহয়।৬

নগা জনগোষ্ঠীসমূহ

এছ আৰ টোহৰিঙে (২০১০) ৬৬টা গোষ্ঠীক নগা জনগোষ্ঠী ৰূপে আখ্যা দিছে,৭ আনহাতে কিবাংৱাৰ জামিৰে (২০১৬) ৬৭টা গোষ্ঠীক আখ্যা দিছে।৮ ১৯৯১ চনৰ ভাৰতৰ লোকপিয়লত ৩৫টা নাগা গোষ্ঠীক অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছিল, তাৰ মাজত আছে নাগালেণ্ডৰ ১৭ টা, মণিপুৰৰ ১৫টা আৰু অৰুণাচল প্ৰদেশৰ ৩টা গোষ্ঠী।৯

নগা ৰূপে স্বিকৃতিপ্ৰাপ্ত জনগোষ্ঠীসমূহ হৈছে:

  • আও
  • আংগামী
  • আনল
  • ইনপুই
  • ইমচাংগাৰ
  • কনিয়াক
  • খাৰাম
  • খিয়ামনিউঙ্গন
  • চাং
  • চাংটাম
  • চাখেচাং
  • চিৰ
  • চিৰু
  • চুমি
  • চোথে
  • জেম
  • টাংখুল
  • টিখিৰ
  • টাংছা
  • টুটচা
  • তাৰাও
  • থাংগল
  • নকটে
  • পাৰা
  • পুমাই
  • পোচুৰী
  • ফম
  • মনচাং
  • ময়ন
  • মাও
  • মাকুৰী
  • মাৰাম
  • মাৰিং
  • ৰংমেই
  • ৰেংমা
  • লাইনোং
  • লামকাং
  • লিয়াংমাই
  • লোথা
  • ৱাঞ্চো

তথ্যসূত্ৰ

  1. ↑ Nagas. Minority Rights Group
  2. ↑ Grierson. Linguistic Survey of India Vol iii part ii. পৃ. 194
  3. ↑ Hodson, TC. (1911). The Naga tribes of Manipur. পৃ. 9
  4. ↑ Upper Chindwin District vol A. Burma Gazetteer. পৃ. 22
  5. ↑ Burma Gazetteer, Upper chindwin vol A. page 23. published 1913
  6. ↑ Arkotong Longkumer. (4 May 2010). Reform, Identity and Narratives of Belonging: The Heraka Movement in Northeast India. Continuum. পৃ. 6–7. ISBN 978-0-8264-3970-3
  7. ↑ S. R. Tohring. (2010). Violence and identity in North-east India: Naga-Kuki conflict. Mittal Publications. পৃ. xv-xvii. ISBN 978-81-8324-344-5
  8. ↑ Jamir, Kibangwar. The Nagas with the three great nations
  9. ↑ U. A. Shimray. (2007). Naga population and integration movement. Mittal Publications. পৃ. 25–33. ISBN 978-81-8324-181-6

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহনাগালেণ্ড

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগা জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬৩১২৫৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।