অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় গণনাট্য সংঘ

ভাৰতীয় গণনাট্য সংঘ ( Indian People's Theatre Association, IPTA) ভাৰতৰ থিয়েটাৰ শিল্পীসকলৰ আটাইতকৈ পুৰণি সংস্থা। ব্ৰিটিছৰ শাসন কালত ১৯৪৩ চনত গণনাট্য সংঘ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত বিষয়-বস্তুৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছিল।

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় গণনাট্য সংঘ ( Indian People's Theatre Association, IPTA) ভাৰতৰ থিয়েটাৰ শিল্পীসকলৰ আটাইতকৈ পুৰণি সংস্থা। ব্ৰিটিছৰ শাসন কালত ১৯৪৩ চনত গণনাট্য সংঘ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত বিষয়-বস্তুৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছিল। সংস্থাটোৰ উদ্দেশ্য আছিল ভাৰতীয় জণগণৰ মাজত সাংস্কৃতিক সচেতনতা বঢ়োৱা।১

সূত্ৰপাত

ছট্টিশগড় গণনাট্য সংঘৰ নাট্য সমাৰোহ
ছট্টিশগড় গণনাট্য সংঘৰ নাট্য সমাৰোহছবি: Pankaj Oudhia · CC BY-SA 3.0

গণনাট্য সংঘৰ বাঙ্গালোৰ গোট স্থাপন হৈছিল ১৯৪১ চনত।২ শিল্পীসকলো যাতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশীদাৰ হ’ব পাৰে, সেই উদ্দেশ্য আগত ৰাখি সৰ্ব ভাৰতীয় পৰ্যায়ত ১৯৪৩ চনৰ ২৫ মে’ত মুম্বাইৰ মাৰোৱাৰী স্কুলত অনুষ্ঠিত হোৱা থিয়েটাৰ শিল্পীসকলৰ ৰাষ্ট্ৰীয় অভিবৰ্তনত ভাৰতীয় গণনাট্য সংঘ প্ৰতিষ্ঠা হৈছিল। প্ৰকৃতাৰ্থত ১৯৩৬ চনত অনুষ্ঠিত হোৱা প্ৰগতিশীল লেখকসকলৰ অভিবৰ্তনত ইয়াৰ অঙ্কুৰণ হৈছিল। ১৯৪০ চনত কলকাতাত যুব সাংস্কৃতিক প্ৰতিষ্ঠান স্থাপিত হৈছিল আৰু ১৯৪১ চনত বাঙ্গালোৰত অনিল দে চিলভাৰ দ্বাৰা গণনাট্যসংঘ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰাৰম্ভিক সদস্যসকলৰ মাজত বিভিন্ন প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠী আৰু থিয়েটাৰ গোটৰ সদস্য তথা অন্যান্য প্ৰগতিশীল সাংস্কৃতিক কৰ্মী আছিল। গণনাট্য বা পিপ'লছ থিয়েটাৰ নামটো প্ৰসিদ্ধ বিজ্ঞানী হোমি জাহাঙ্গীৰ ভাবাৰ পৰামৰ্শ মতে দিয়া হৈছিল আৰু এই ক্ষেত্ৰত ভাবাই ৰোমেইন ৰোলেণ্ডৰ কিতাপখনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।৩

ইয়াৰ প্ৰাৰম্ভিক কাৰ্য-কলাপৰ ভিতৰত অন্যতম আছিল বঙ্গ সাংকৃতিক গোষ্ঠীৰ বিনয় ৰায়ৰ বাটৰ নাট। ৰায়ে বাটৰ নাটৰ যোগে ১৯৪২ চনৰ বঙ্গৰ মানৱ-সৃষ্ট দুৰ্ভিক্ষৰ বিষয়ে অৱগত কৰিব বিচাৰিছিল। তেওঁলোকে পৰিবেশন কৰা এটা কোৰাচ ‘ভুখা হ্যায় বেঙ্গল’ ৰচনা কৰিছিল বাল্মিক জৌনপুৰীয়ে। সাংস্কৃতিক গোষ্ঠীটোত আছিল- যাদুকৰ প্ৰেম ধাৱান, ঢোলবাদক দশৰথ লাল, কণ্ঠশিল্পী ৰেবা ৰায় আৰু অভিনেত্ৰী উষা দত্ত। এওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ আগ্ৰা সাংস্কৃতিক গোষ্ঠী তথা অন্যান্য বহুকেইটা গোষ্ঠী সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত এই স্থানীয় গোটবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠিত কৰিবলৈ গণনাট্য গঠন কৰা হৈছিল।৩

আদৰ্শগত ভাবে এই গোটবোৰ বাম আন্দোলন আৰু সেই সময়ৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক পি.চি. যোশী প্ৰগতিশীল লেখক সংস্থাৰ সাধাৰণ সম্পাদক চাজ্জাদ জাহিৰৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।৩

প্ৰাৰম্ভিক সদস্য

গণনাট্য সংঘৰ আৰম্ভণি পৰ্যায়ৰ কিছু সদস্য হ’ল- পৃথ্বীৰাজ কাপুৰ, খাজা আহমেদ আব্বাছ, বিনয় ভট্টাচাৰ্য, বলৰাজ সাহনী, ঋত্বিক ঘটক, উৎপল দত্ত, এচ. তেৰা সিং চান, জগদীশ ফৰিয়াদী, খলিল ফৰিয়াদী, ৰাজেন্দ্ৰ ৰঘুবংশী, চফদৰ মীৰ, হাচান প্ৰেমানী, অমিয় বসু, সুধীন দাশগুপ্ত আদি। দ্বিতীয় বিশ্বযুদ্ধ, বঙ্গৰ দুৰ্ভিক্ষ আৰু ইয়াৰ ফলত হোৱা মৃত্যু, ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰত জুৰি গঢ়ি উঠা ভাৰত ত্যাগ আন্দোলন আদিৰ পৃষ্ঠভূমিত এইসকল ১৯৪২ চনত গোট খাইছিল। ১৯৪৩ চনত মুম্বাইত হোৱা অভিবৰ্তনত এনেহেন সংকটপূৰ্ণ সময়ক থিয়েটাৰৰ মাধ্যমেৰে তুলি ধৰা আৰু ৰাইজক নিজৰ অধিকাৰ আৰু দায়িত্বৰ বিষয়ে সচেতন কৰাৰ বিষয়ে এই গোটটোৱে তেওঁলোকৰ ধাৰণা আৰু উদ্দেশ্য উপস্থাপন কৰিছিল। এই অভিবৰ্তনৰ পিছতে ভাৰত জুৰি গণনাট্য সংঘৰ কমিটি গঠন হৈছিল। গণনাট্য৪

তথ্যসূত্ৰ

  1. ↑ Bengali Theatre and Performing Arts. Article in Bangla-online.info
  2. ↑ Indian People's Theatre Association – Oxford Reference
  3. ↑ About IPTA and its history. IPTA
  4. ↑ Constitution of IPTA. IPTA

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাট্যকলাঅনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় গণনাট্য সংঘ” প্ৰবন্ধৰ সংশোধন ৩৮৪২২০ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।