অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Film and Television Institute of India বা চমুকৈ FTII) ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত এক স্বয়ংশাসিত প্ৰতিষ্ঠান। ই পুনেৰ পূৰ্বৰ প্ৰভাত ফিল্ম কোম্পানীৰ পৰিসৰত অৱস্থিত। ১৯৬০ চনত আৰম্ভ হোৱাৰ পিছত, এফ.

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Film and Television Institute of India বা চমুকৈ FTII) ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত এক স্বয়ংশাসিত প্ৰতিষ্ঠান। ই পুনেৰ পূৰ্বৰ প্ৰভাত ফিল্ম কোম্পানীৰ পৰিসৰত অৱস্থিত। ১৯৬০ চনত আৰম্ভ হোৱাৰ পিছত, এফ. টি. আই. আই. ভাৰতৰ আগশাৰীৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত পৰিণত হৈছে, য’ৰপৰা বহুতো কাৰিকৰী ব্যক্তি, অভিনেতা আৰু পৰিচালক ওলাই আহিছে।১

এফ.টি.আই.আই. হৈছে আন্তৰ্জাতিক চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান সমন্বয় কেন্দ্ৰৰ (CILECT) সদস্য।২

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনীয়াতাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচলতো এটা চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান স্থাপন কৰা হ’ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড॰ জীতেন্দ্ৰ সিঙে ঘোষণা কৰিছে।

ইতিহাস

১৯৬০ চনত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানখনত ১৯৬১ চনৰ পৰা পাঠ্যক্ৰম আৰম্ভ হয়। নতুন দিল্লীত চলি থকা দূৰদৰ্শন প্ৰশিক্ষণ শাখাটো ১৯৭৪ চনত পুণেলৈ স্থানান্তৰিত কৰা হয়। তাৰপিছৰে পৰা ই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পূৰ্ণ সাহায্যপ্ৰাপ্ত প্ৰতিষ্ঠানলৈ পৰিণত হয়। ২০১১ৰ জুলাইত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অম্বিকা সোণীয়ে কয় যে এফ.টি.আই.আই.ক বিকাশ কৰাৰ বাবে সংসদত এখন বিল উত্থাপন কৰা হ’ব। ইয়াৰ ফলত প্ৰতিষ্ঠানটোৱে বিশ্ববিদ্যালয় পৰ্যায়ৰ শৈক্ষিক মৰ্যাদা আৰু সা-সুবিধা লাভ কৰিব।

পাঠ্যক্ৰম

প্ৰতিষ্ঠানটোৱে চলচ্চিত্ৰ পৰিচালনা, সম্পাদনা আৰু চিত্ৰগ্ৰহণৰ তিনিবছৰীয়া স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম, অভিনয় আৰু কলা নিৰ্দেশনাৰ দুবছৰীয়া পাঠ্যক্ৰম, কম্পিউটাৰ গ্ৰাফিকচ এণ্ড এনিমেচনৰ দেৰবছৰীয়া পাঠ্যক্ৰম আৰু কাহিনী-ছবিৰ চিত্ৰনাট্য লেখনৰ এবছৰীয়া পাঠ্যক্ৰম আগবঢ়ায়। ইয়াৰোপৰি আছে এবছৰীয়া পৰিচালনাৰ চাৰ্টিফিকেট পাঠ্যক্ৰম, ইলেক্ট্ৰ’নিক চিনেমেট’গ্ৰাফী, ভিডিঅ’ সম্পাদনা, শব্দগ্ৰহণৰ পাঠ্যক্ৰম আদি।

পৰিচালন

সমিতি পঞ্জীয়ন অধিনিয়ম, ১৮৬০ৰ অধীনত প্ৰতিষ্ঠানখন পঞ্জীয়নভূক্ত কৰা হৈছে। সমিতিখনৰ নেতৃত্বত এজন সভাপতি থাকে, যিয়ে কাৰ্যবাহী পৰিষদ, শৈক্ষিক পৰিষদ আৰু স্থায়ী বিত্তীয় সমিতিৰো অধ্যক্ষতা কৰে। কাৰ্যবাহী পৰিষদখন সমিতিৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰি গঠন কৰা হয়। কাৰ্যবাহী পৰিষদখন প্ৰতিষ্ঠানখনৰ মুখ্য নীতি-নিৰ্দ্ধাৰণৰ দাযিত্ব পালন কৰা শীৰ্ষ সংস্থা। এই পৰিষদখনে শৈক্ষিক পৰিষদ আৰু স্থায়ী বিত্তীয় সমিতিৰ সদস্যসকলক নিযুক্তি দিয়ে, যি দুখন পৰিষদ ক্ৰমে শৈক্ষিক আৰু বিত্ত সম্বন্ধীয় নীতি বা সিদ্ধান্তৰ বাবে দায়বদ্ধ। এজন সঞ্চালক প্ৰতিষ্ঠানখনৰ প্ৰধান কাৰ্যবাহী, যিয়ে সকলো নীতি আৰু কাৰ্যসূচী কাৰ্যকৰী কৰে।৩৪

এফ.টি.আই.আই.ৰ প্ৰাক্তন অসমৰ শিক্ষাৰ্থী

তথ্যসূত্ৰ

  1. ↑ FTII Ministry of Information and Broadcasting, ভাৰত চৰকাৰ Official website
  2. ↑ (2008-11-14). About Us. Film and Television Institute of India
  3. ↑ (13 July 2015). On Gajendra Chauhan's plate, admin and academics. The Indian Express
  4. ↑ (13 July 2015). FTII Administrative Structure. FTII

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৩৮২৩১৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।