অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২২ ২৮৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত। ১৮৬৫ চনৰ ১৭ নৱেম্বৰত প্ৰতিষ্ঠিত হোৱা বিদ্যালয় খন ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ নগাঁও চহৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।

ইতিহাস

১৮২৬খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ অহাৰ পিছত প্ৰথদ, দ্বিতীয়খন গৱৰ্ণমেণ্ট হাইস্কুল ব্ৰিটিছ চৰকাৰে কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু শিৱসাগৰ জিলাত প্ৰতিষ্ঠা কৰাৰ পিছতে ১৮৬৫ খ্ৰীষ্টাব্দৰ মে মাহত নগাঁও জিলাৰ সদৰ ঠাই নগাঁৱত এই চৰকাৰী বিদ্যালয় খন প্ৰতিষ্ঠা কৰিবলৈ ব্ৰিটিছ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি অনুমোদন প্ৰদান কৰে। বিদ্যালয় খনৰ নাম তেওঁলোকে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় নামেৰে ৰাখিছিল। বিদ্যালয় খনৰ প্ৰথম গৰাকী প্ৰধান শিক্ষক আচি বাবু জন্মেজয় দাস।

অৱস্থান

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খনৰ সন্মখভাগ অৰ্থাত্ উত্তৰ দিশে আছে কলং নদী সূতি, দক্ষিণ দিশে বৰ্তমানে থকা নুৰুল আমিন ষ্টেডিয়াম, পূৱ দিশে আছে বৰ্তমান যশোদা প্ৰেছ আৰু পশ্চিম দিশত আছে বৰ্তমান জিলা পুথিভঁৰাল আৰু জিলা পৰিষদৰ কাৰ্য্যালয়। পূৰ্বতে (বিদ্যালয় খনৰ বৰ্তমানৰ) উচ্চতৰ মাধ্যমিক শাখাৰ গৃহটোৰ মাজেদিয়েই নগাঁও মিশ্যন হাইস্কুলৰ আলিটোলৈকে পথাৰৰ মাজেদি এটা পথ আছিল। ইয়াৰ সোঁফালটোৰ নাম আছিল টাইগাৰ কেম্প আৰু ইয়াৰ বাওঁফালে খেৰী ঘৰেৰে সৈতে পি ডব্লিউ দি ৰ কাৰ্য্যালয় আছিল। পথটোৰ কাষতে এটা প্ৰকাণ্ড পুখুৰী আছিল। মহাৰাণী ভিক্টোৰীয়াই ভাৰতেশ্বৰী উপাধি গ্ৰহণৰ পৰা ৰূপালী জয়ন্তী উত্সৱ সেই টাইগাৰ কেম্পতে পতা বাবে পিছত ইয়াৰ নাম দিয় হয় জুবিলী খেল পথাৰ। পূৰ্বতে এই খেলপথাৰখনৰ এটা অংশ বিদ্যালয়ৰ নিজা খেলপথাৰ আছিল, কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত অসম চৰকাৰে গোটেই খেলপথাৰখন একেখন কৰি পেলায়।

অধ্যক্ষৰ তালিকা

১৮৬৫ চনৰপৰা ২০১৪ চনলৈকে মুঠ ৫০ জন অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে।

ক্ৰমিক নংঅধ্যক্ষকাৰ্য্যকাল
১জন্মজয় দাস১৮৬৫ - ১৮৭২
২হৰেণ চেটাৰ্জী১৮৭২ - ১৮৭৯
৩প্ৰসন্ন চন্দ্ৰ দাস১৮৭৯ - ১৮৮৫
৪শৰত্ চন্দ্ৰ গাংগুলী১৮৮৫ - ১৮৯০
৫ৰাম মোহন মিত্ৰ১৮৯০-১৮৯৩
৬ৰামেশ্বৰ সেন১৮৯৩ - ১১৯০১
৭ৰজনীকান্ত দত্ত১৯০১ - ১৯০২
৮তাৰাশঙ্কৰ ভট্টাচাৰ্য্য১৯০২-১৯০৯
৯গোপাল চন্দ্ৰ কাৰ১৯০৯ - ১৯১২
১০ৰামেশ্বৰ বৰবৰা১৯১২ - ১৯১৮
১১উমেশ চন্দ্ৰ দত্ত১৯১৮-১৯২১
১২ঘনকান্ত বৰুৱা১৯২১ - ১৯২১
১৩কালিৰাম দত্ত১৯২১-১৯২২
১৪ব্ৰজদয়াল বিদ্যা বিনোদ১৯২২ - ১৯২৪
১৫ভাৰত চন্দ্ৰ চলিহা১৯২৪-১৯২৪
১৬ৰামেশ্বৰ বৰুৱা১৯২৪ - ১৯৩৩
১৭ভূপেন্দ্ৰ মোহন সেন১৯৩৩ - ১৯৪০
১৮মূখ্যদা মোহন দাস১৯৪০ - ১৯৪০
১৯ইন্দ্ৰেশ্বৰ বৰঠাকুৰ১৯৪০ - ১৯৪২
২০গোপাল বৰবৰা১৯৪২-১৯৪৬
২১মৌলবী তায়াবুল্লা১৯৪৬ - ১৯৪৭
২২প্ৰাণনাথ শৰ্ম্মা১৯৪৭-১৯৪৯
২৩পূৰ্ণানন্দ গোস্বামী১৯৪৯ - ১৯৫৩
২৪ৰেজিবুদ্দিন আহমেদ১৯৫৩ - ১৯৫৩
২৫গোপীনাথ মেধি১৯৫৩ - ১৯৫৪
২৬হৰেন্দ্ৰ নাথ ভট্টাচাৰ্য্য১৯৫৪ - ১৯৫৫
ক্ৰমিক নংনামকাৰ্য্যকাল
২৭পীৰ জাহান আলী১৯৫৫-১৯৫৬
২৮শ্বাৰিফুদ্দিন আহমেদ১৯৫৬ - ১৯৬০
২৯কৃষ্ণদাস বৰুৱা১৯৬০-৬৮
৩০যুগনাথ শৰ্ম্মা১৯৬৮ - ১৯৭১
৩১ললিত চন্দ্ৰ চৌধুৰী১৯৭২ - ১৯৭৪
৩২কালীনাথ শৰ্ম্মা১৯৭৪ - ১৯৭৫
৩৩আব্দুল হক১৯৭৬ - ১৯৮২
৩৪অক্ষয় চন্দ্ৰ মিশ্ৰ১৯৮২ - ১৯৮৪
৩৫অচ্যুতানন্দ দাস১৯৮৪ - ১৯৮৬,
৩৬তৰুণ শৰ্ম্মা১৯৮৬ - ১৯৯০
৩৭মাধৱানন্দ মহন্ত১৯৯০ - ১৯৯০
৩৮ক্ষীৰেশ্বৰ ভূঞা১৯৯১ - ১৯৯১
৩৯আলীমুদ্দিন জামান১৯৯১ - ১৯৯৩
৪০অতুল চন্দ্ৰ শইকীয়া১৯৯৩ - ১৯৯৬
৪১নিৰ্মালী হাজৰিকা১৯৯৭ - ১৯৯৮
৪২ভূপেন্দ্ৰনাথ শৰ্ম্মা১৯৯৮ - ১৯৯৯,
৪৩মুনু ৰজক১৯৯৯ - ২০০০
৪৪বিমল চন্দ্ৰ বৰা২০০০ - ২০০২
৪৫মাধৱ চন্দ্ৰ শৰ্ম্মা২০০২ - ২০০৩
৪৬নগেন্দ্ৰ নাথ শৰ্ম্মা (ভাৰপ্ৰাপ্ত)২০০৩ - ২০০৪
৪৭বিলিবালা দেৱী (ভাৰপ্ৰাপ্ত)২০০৪ - ২০০৭
৪৮এ.আৰ. চৌধুৰী (ভাৰপ্ৰাপ্ত)২০০৭ - ২০০৯
৪৯ৰাতুল কুমাৰ বৰা (ভাৰপ্ৰাপ্ত)২০০৯ - ২০১২
৫০দীপিকা লস্কৰ২০১২ - বৰ্তমান

শিক্ষা

উচ্চতৰ মাধ্যমিক

কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।

ছাত্ৰাবাস

নাম

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩১৪৪৮৪ (১৭ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।