শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Salbari Higher Secondary School) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমা অন্তৰ্গত এখন পুৰণি আৰু জনপ্ৰিয় শিক্ষানুষ্ঠান (সাধাৰণতে শালবাৰী মডেল এইচ.এছ. স্কুল বুলি কোৱা হয়)। বিদ্যাল়য়খন শালবাৰী অঞ্চলৰ উলুবাৰী গাঁও আৰু শালবাৰী বজাৰৰ মাজত অৱস্থিত। ১৯৫৫ চনত বাক্সা জিলাৰ গ্ৰাম্য আৰু আৰ্থিকভাৱে পিছপৰা শিশুসকলক বড়ো আৰু অসমীয়া মাধ্যমত মাধ্যমিক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।১
অৱস্থান
অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শালবাৰী বজাৰৰ নিচেই কাষত বিদ্যালয়খন অৱস্থিত। এই অঞ্চলটো ভূটান সীমান্তৰ ওচৰত মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষত অৱস্থিত, আৰু দ্ৰুতগতিত চহৰ হোৱাৰ দিশে আগবাঢ়িছে।
ইতিহাস
স্থানীয় সমাজকৰ্মী আৰু শুভাকাংক্ষীসকলৰ উদ্যোগত ১৯৫৫ চনত হাইস্কুল হিচাপে বিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিজ্ঞান আৰু কলা শাখাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ধাৰা প্ৰৱৰ্তনৰ জৰিয়তে পৰৱৰ্ত্তীকালত বিদ্যালয়খনক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে।
ব্যৱস্থাপনা
অধ্যক্ষ, উপাধ্যক্ষ আৰু জ্যেষ্ঠ শিক্ষকসকলে বিদ্যালয়খন পৰিচালনা কৰে। বিদ্যালয়খনৰ কিছুমান প্ৰশাসনিক কাম-কাজ আৰু উন্নয়নমূলক দিশৰ তদাৰক কৰা এখন শাসক পৰিষদ আছে। বিদ্যালয়খনৰ কামৰ সময় ৰাতিপুৱা ৯:০০ বজাৰ পৰা বিয়লি ৩ বজালৈ।
শিক্ষা
বিদ্যালয়খনে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ (১০ + ২) কলা আৰু বিজ্ঞানৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ মানলৈকে শিক্ষা প্ৰদান কৰে, যাৰ ফলত প্ৰমাণপত্ৰ (HSLC, HSSLC) পোৱা যায়। বহনক্ষম উন্নয়ন শিক্ষাৰ বাবে এইখন আদৰ্শ বিদ্যালয়। ২০১৩ চনত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া(WWF,I)ই তেওঁলোকৰ বহনক্ষম উন্নয়নৰ বাবে শিক্ষা প্ৰকল্পৰ আৰ্হি বিদ্যালয় হিচাপে নিৰ্বাচিত কৰে। ১২৩
তথ্যসূত্ৰ
- ↑ (27 October 2013). 4 Assam schools show way to protect nature. The Times of India. TNN
- ↑ Banga Chhokar, Kiran. (2014). Whole School Approach Approach Manual Manual. wwfindia.org. WWF-India. পৃ. 59
- ↑ Goswami, Roopak. (24 January 2013). Conservation lessons for students. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৩২৭২৯ (২১ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।