অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শালবাৰী মহাবিদ্যালয়

শালবাৰী মহাবিদ্যালয় (English: Salbari College) এখন প্ৰাদেশিক মহাবিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ইয়াত স্নাতক(কলা), স্নাতক (বিজ্ঞান) আৰু স্নাতকোত্তৰ (দূৰ শিক্ষা) পাঠ্যক্ৰম প্ৰদান কৰা হয়।

হালনাগাদ: ৪ জুলাই ২০২৬ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শালবাৰী মহাবিদ্যালয় (English: Salbari College) এখন প্ৰাদেশিক মহাবিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত১২ ইয়াত স্নাতক(কলা), স্নাতক (বিজ্ঞান) আৰু স্নাতকোত্তৰ (দূৰ শিক্ষা) পাঠ্যক্ৰম প্ৰদান কৰা হয়।

ইতিহাস

বৃহত্তৰ শালবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ সুব্যৱস্থা অভাৱ উদ্দেশ্যে দুৰ্বল আৰ্থ-সামাজিক অৱস্থাৰ মাজতে স্থানীয় সচেতন শিক্ষাবিদ আৰু স্থানীয় সমাজসেৱকসকলৰ উদ্যোগত কেৱল ৰাজহুৱা অনুদানৰে নিজ মাটিত ১৯৮৩ চনৰ ১৪ নৱেম্বৰত শালবাৰী মহাবিদ্যালয় স্থাপন কৰা হয়। মহাবিদ্যালয়খন অসমৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ(বি. টি.চি.) বাক্সা জিলাৰ (অভিবক্ত বৰপেটা) নৱনিৰ্মিত শালবাৰী মহকুমাধিপতি কাৰ্য্লয় আৰু শালবাৰী ষ্টেডিয়াম (উঠীয়াগুৰি) ৰ মাজ-মজিয়াত অৱস্থিত, আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে অৱস্থিত। ই ভাৰত-ভূটান সীমান্তৰপৰা প্ৰায় ১৫ কিলোমিটাৰ দক্ষিণে আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা ২৫ কিলোমিটাৰ উত্তৰে। মহাবিদ্যালয়ৰ চৌহদ প্ৰায় ৩৮ বিঘাৰো অধিক মাটিৰে আৱৰি আছে। ২০২২ চনলৈকে গুৱহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পাঠ্যক্ৰম চলি থাকি মহাবিদ্যালয়খন বৰ্তমান বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত পাঠ্যক্ৰম চলি আছে। পূৰ্বতে মহাবিদ্যালয়খন একক ধাৰা (কেৱল কলা) শাখা শিক্ষানুষ্ঠান আছিল। কলা ধাৰাটোৰ উপৰি ২০২৩ চনত অসম চৰকাৰে অতিৰিক্ত ধাৰা হিচাপে মহাবিদ্যালয়খনত বিজ্ঞানৰ ধাৰা(শাখা)টো সংযোজন কৰিছে। বি.এ. আৰু বি. for Four Year Undergraduate Program (FYUGP) under NEP 2020 ৰ বাবে ২০২৩-২৪ বৰ্ষৰ শৈক্ষিক অধিৱেশনত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হয়।৩

পাঠ্যক্ৰম

স্নাতক(কলা) শাখা৪

  1. স্নাতক (বড়ো)
  2. স্নাতক (অসমীয়া)
  3. স্নাতক (ইংৰাজী)
  4. স্নাতক (ইতিহাস)
  5. স্নাতক (অৰ্থনীতি)
  6. স্নাতক (ৰাজনীতি বিজ্ঞান)
  7. স্নাতক (দৰ্শন)
  8. স্নাতক (শিক্ষা)

স্নাতক (বিজ্ঞান) শাখা

  1. স্নাতক (উদ্ভিদ বিজ্ঞান)
  2. স্নাতক (ৰসায়ন বিজ্ঞান)
  3. স্নাতক (গণিত)
  4. স্নাতক (পদাৰ্থ বিজ্ঞান)
  5. স্নাতক (প্ৰাণীবিজ্ঞান)

স্নাতকোত্তৰ(কলা) পাঠ্যক্ৰম( গুৱাহাটী বিশ্ববিদ্যালয় দূৰ শিক্ষা)৫

  1. স্নাতকোত্তৰ (অসমীয়া)
  2. স্নাতকোত্তৰ (ইংৰাজী)
  3. স্নাতকোত্তৰ (শিক্ষা)
  4. স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান)
  5. স্নাতকোত্তৰ (MSc IT)
  6. স্নাতকোত্তৰ (বাণিজ্য)

অধ্যক্ষসকল

কলেজখন প্ৰতিষ্ঠাৰপৰা বৰ্তমানলৈকে অধ্যক্ষৰ কালক্ৰম:

  1. ৰত্নেশ্বৰ দাস ১৯৮৩-১৯৮৯
  2. ৰমেন মেধি ১৯৮৯-১৯৯৫
  3. বসন্ত বসুমতাৰী ১৯৯৬
  4. অৰ্জুন চন্দ্ৰ দাস ১৯৯৭-২০০৪
  5. ডা° জগত চন্দ্ৰ বসুমতাৰী ২০০৪ চনৰপৰা আজিলৈকে

তথ্যসূত্ৰ

  1. ↑ Affiliated Colleges. Gauhati University
  2. ↑ Provincialised colleges affiliated to Gauhati University. Directorate of Higher Education, Assam
  3. ↑ Salbari College. salbari College.ac.in
  4. ↑ Salbari College A. Shiksha.com
  5. ↑ Gauhati University/Salbari College. gucdoe.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহবাক্সা জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালবাৰী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৫৭০৪ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।