নান (/nɑːn/)এবিধ লুণীয়া স্বাদৰ, টাণ্ডুৰত সিজোৱা বা তাৱাত ভজা চেপেটা ৰুটি, যাক অ’ভেনতো বনাব পাৰি। ইয়াৰ বৈশিষ্ট্য হৈছে কোমল, পাতল আৰু ফুলি উঠা টেক্সচাৰ আৰু বেকিং প্ৰক্ৰিয়াৰ দ্বাৰা সোণালী-বাদামী বৰণৰ দাগ থাকে।১নান মুখ্যভাৱে মধ্য এছিয়া, দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু কেৰিবিয়ানৰ খাদ্যত পোৱা যায়।২৩৪
প্ৰস্তুত প্ৰণালী
নান সাধাৰণতে ময়দা বা ঘেঁহুৰ আটাৰে বনোৱা হয়, য’ত নান কোমলহৈ ফুলি উঠা উপাদান হিচাপে সাধাৰণতে ইষ্ট ব্যৱহাৰ কৰা হয়। ইষ্টৰ প্ৰভাৱতে নানৰ ওপৰি অংশত সৰু সৰু বায়ু খোপ সৃষ্টি হয়, যাৰ ফলত ই কোমল আৰু পাতল হয়।
নান বনোৱাৰ বাবে গৰম পানী, নিমখ, ঘিউ আৰু দৈ ব্যৱহাৰ কৰা হয়। ইচ্ছানুসৰি স্বাদ আৰু গঠন উন্নত কৰাৰ বাবে গাখীৰ, কণী বা মৌ যোগ কৰা হয়। ইষ্টৰ পৰিবৰ্তে বেকিং পাউডাৰ বা বেকিং সোডা ব্যৱহাৰ কৰিলে অতি কম সময়তে নান প্ৰস্তুত কৰিব পাৰি।
নান প্ৰস্তুত কৰিবলৈ টাণ্ডুৰ ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াত টাণ্ডুৰ ভিতৰৰ বেৰত ময়দাগুৰি চটিয়াই চেপেটা কৰি লোৱা নান লাগি ধৰিবলৈ হেঁচা মাৰি ধৰা হয়। টাণ্ডুৰৰ ভিতৰৰ উষ্ণতা ৪৮০ ডিগ্ৰী চেলছিয়াছ (৯০০ ডিগ্ৰী ফাৰেনহাইট) পৰ্যন্ত হব পাৰে। এই পদ্ধতিৰে ৰুটিখন মিনিটৰ ভিতৰতে বেক কৰিব পাৰি। ফলত তীব্ৰ গৰমৰ বাবে সোণালী-বাদামী দাগ যুক্ত নান তৈয়াৰ হয়। টাৱা ব্যৱহাৰ কৰিও ষ্ট’ভৰ ওপৰত নান প্ৰস্তুত কৰিব পাৰি। ৰুটিৰ পৃষ্ঠত সোণালী-বাদামী ৰং লাভ কৰিবলৈ কেৰাহীখন জুইৰ ওপৰত ওলোটাকৈ পাতি লবও পাৰি।
এবাৰ বেক কৰিলে নান ঘিউ বা ঘিউৰে লেতিয়াই লৈ গৰমকৈ পৰিবেশন কৰা হয়। এই কোমল আৰু নমনীয় ৰুটিৰ লগত, চচ, ঝোল আৰু তৰকাৰী থাকে। কেতিয়াবা ইয়াক শুকান খাদ্য যেনে টাণ্ডুৰী চিকেনৰ সৈতে পৰিবেশন কৰা হয়।৫
ব্যুৎপত্তিবিজ্ঞান

"নান" শব্দটো পাৰ্চী ভাষাৰ nân (পাৰ্চী: نان)ৰ পৰা আহিছে, যাৰ অৰ্থ যিকোনো ধৰণৰ ৰুটি।
এই শব্দটো আটাইতকৈ প্ৰাচীন ইংৰাজী ভাষাত লিখা ১৮০৩ চনৰ উইলিয়াম টুকে লিখা এক ভ্ৰমণবৃত্তান্তত পোৱা গৈছিল।৬ টুকে আৰু অন্যান্য প্ৰাৰম্ভিক উৎসসমূহে ইয়াক "নান" বুলি বানান কৰিছিল যদিও ১৯৭০ চনৰ পৰা "নান" বানানটো বেছি প্ৰচলিত হৈ পৰিছে।৭৮
ভাৰতীয় উপমহাদেশত নানৰ প্ৰচলন
ইছলামিক দিল্লী চুলতানী যুগত নান ভাৰত উপমহাদেশলৈ বিয়পি পৰে। এই অঞ্চলত নানৰ আটাইতকৈ আগতীয়া উল্লেখ ১৩০০ খ্ৰীষ্টাব্দত ভাৰতত বাস কৰা ভাৰত-পাৰ্চী চুফী কবি আমিৰ খুছৰাউৰ স্মৃতিগ্ৰন্থৰ পৰা পোৱা গৈছে। খুছৰৌৱে মুছলমান সম্ভ্ৰান্ত লোকে খোৱা দুবিধ নানৰ কথা উল্লেখ কৰিছে; নান-ই-টুনুক আৰু নান-ই-তানুৰি। নান-ই-টুনুক আছিল লঘু বা পাতল ৰুটি, আনহাতে নান-ই-তানুৰী আছিল গধুৰ ৰুটি আৰু ইয়াক তণ্ডুৰত বেক কৰা হৈছিল।৯ ১৫২০ চনত ভাৰতৰ মোগল যুগত নান আছিল এক সুস্বাদু খাদ্য যিটো কেৱল সম্ভ্ৰান্ত আৰু ৰাজকীয় পৰিয়ালেহে উপভোগ কৰিছিল কাৰণ খমিৰযুক্ত ৰুটি বনোৱাৰ দীঘলীয়া প্ৰক্ৰিয়া আৰু কাৰণ নান বনোৱাৰ কলা আছিল কমসংখ্যকেহে জনা এক শ্ৰদ্ধাৰ দক্ষতা। তৃতীয় মোগল সম্ৰাটৰ ৰাজত্বকালৰ ৰেকৰ্ড আইন-ই-আকবাৰীত কাবাব বা খীমা থকা নান খোৱাৰ কথা উল্লেখ কৰা হৈছে। ১৭০০ চনৰ ভিতৰত দক্ষিণ এছিয়াৰ মোগল সাংস্কৃতিক কেন্দ্ৰসমূহত নান জনসাধাৰণৰ মাজলৈ গৈছিল।১০
তথ্যসূত্ৰ
- ↑ (1987). Bernard Clayton's New Complete Book of Breads By ((Bernard Clayton Jr.)), Donnie A Cameron. Simon and Schuster. ISBN 9780671602222
- ↑ Qmin by Anil Ashokan, Greg Elms
- ↑ The Science of Cooking, Peter Barham, Springer: 2001. . p. 118
- ↑ The Bread Lover's Bread Machine Cookbook by Beth Hensperger
- ↑ Naan | Description, History, Ingredients, Preparation, & Varieties | Britannica
- ↑ Russia, or a Complete Historical Account of all the Nations which compose that Empire, London, p. 168: "The most common dishes are onoschi, or vermicelli; plav, or boiled rice; nan, pancakes, and the meats which the law permits." (referring to the eating habits of the central Turks). Other attestations in English can be found in the Oxford English Dictionary, s.v. naan
- ↑ Home: Oxford English" Dictionary. oed.com
- ↑ Milton Glaser and Jerome Snyder. "Delhi Delights", New York Magazine, August 11, 1975, p. 73
- ↑ (Jun 11, 2020). History of Naan. Times of India
- ↑ Dash, MadhulIka. (2015). Breaking Bread. Forbes life india
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নান” প্ৰবন্ধৰ সংশোধন ৫৬৯২২৮ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।