মিচিং আগম কেবাং(Mising Agom Kébang (MAK)) হৈছে এটা বেচৰকাৰী সাহিত্যিক সংস্থা যিয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ মিছিং ভাষাক সংৰক্ষণ আৰু বিকাশৰ বাবে কাম কৰি আহিছে। ১৯৭২ চনৰ ১৮ এপ্ৰিলত অসমৰ শিৱসাগৰ জিলাৰ দিছাংমুখত এই সংস্থাৰ প্ৰতিষ্ঠা কৰা হয়।১ এম এ কেৰ অধিকাৰক্ষেত্ৰ অসম ৰাজ্য, আৰু ইয়াৰ শাখাসমূহৰ নাম বাংকে আগম কেবাং (BAK)।
বুৰঞ্জী
গৌহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ নহেন্দ্ৰ পাডুন আৰু গুৱাহাটীৰ কটন কলেজৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা অধ্যাপক টাবু টাইদে গুৱাহাটী মিছিং কেবাঙক মিছিং সম্প্ৰদায়ৰ পৰ্যায়ত সামগ্ৰিকভাৱে কঢ়িয়াই নিয়াৰ কথা চিন্তা কৰিছিল। ১৯৭২ চনৰ ১৭ আৰু ১৮ এপ্ৰিলত তেওঁলোকে অসমৰ শিৱসাগৰ জিলাৰ দিছাংমুখত এখন মুকলি বৈঠকৰ আয়োজন কৰে। বিবেচনাৰ অন্তত ১৯৭২ চনৰ ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা বৈঠকত টাবু টাইদৰ সৈতে মিছিং আগম কেবাং (MAK) নামৰ এটা সংগঠন গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ প্ৰথম সভাপতি হিচাপে ৰাম টাইদ আৰু প্ৰথম সম্পাদক হিচাপে নহেন্দ্ৰ পাদুনক দায়িত্ব অৰ্পন কৰা হয়।
কাৰ্যকলাপ
মিছিং আগম কেবাঙে মিচিং ভাষাৰ বাবে এটা লিপি ব্যৱহাৰৰ বিষয়ত গুৰুত্বৰ প্ৰশ্ন উত্থাপন কৰে। কেইবাখনো চেমিনাৰ আৰু আলোচনাৰ অন্তত ৰোমান লিপি ধ্বনিবিজ্ঞান আৰু গ্ৰাফ'লজী ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হয়।২ মিছিং আগম কেবাঙে স্কুলৰ প্ৰাইমাৰ প্ৰকাশৰ পৰা আৰম্ভ কৰি মিছিং ভাষাৰ লগতে মিছিং ভাষা, সাহিত্য, আৰু সংস্কৃতিৰ ওপৰত লিখা ভিন্ন কিতাপ আৰু সাময়িকীসমূহৰ প্ৰকাশনো মুকলি কৰিছে। মিছিং গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত মিছিং ভাষা প্ৰৱৰ্তনৰ বাবে অসম চৰকাৰৰ লগত মিছিং আগম কেবাঙে সহযোগিতা আগবঢ়ায়, আৰু ১৯৮৫ চনত চৰকাৰে প্ৰাথমিক বিদ্যালয়ত মিছিং ভাষা প্ৰৱৰ্তন কৰিবলৈ সন্মত হয়।
তথ্যসূত্ৰ
- ↑ Mising Agom Kebang session at Dhemaji from today
- ↑ (2014-12-29). Language builds a bond. archive.ph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচিং আগম কেবাং” প্ৰবন্ধৰ সংশোধন ৪৩১২৬৪ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।