ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনস্থ এটি স্বায়ত্ত্বশাসিত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান।
ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানত বন্যজীৱৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ বৈজ্ঞানিক গৱেষণা হয়। জৈৱবৈচিত্ৰ্য, সংকটাপন্ন প্ৰজাতি, বন্যজীৱ নীতি, বন্যজীৱ ব্যৱস্থাপনা, বন্যজীৱ ফৰেনছিক, স্থানিক মডেলিং, ইক'-উন্নয়ন আৰু গোলকীয় উষ্ণতা বৃদ্ধি ইত্যাদি ক্ষেত্ৰৰ গৱেষণাত ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান অগ্ৰণী। ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান(WII)ত ফৰেনছিক, ৰিম'ট ছেনছিং আৰু জি আই এছ, হাৰ্বেৰিয়াম, ইলেক্ট্ৰনিক পুথিভঁৰাল, সু-সজ্জিত পৰীক্ষাগাৰ ইত্যাদিৰ সুবিধা উপলব্ধ। ১ ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান প্ৰতিষ্ঠাপক আছিল V.B.Saharia আৰু প্ৰথম সঞ্চালক আছিল H. S. Panwar। Panwar ১৯৮৫ চনৰ পৰা ১৯৯৪ চনলৈকে সঞ্চালকৰ পদত আছিল। ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান(WII)ৰ পৰা প্ৰশিক্ষিত ছাত্ৰ আৰু কৰ্মীসকলে ভাৰতৰ বন্যজীৱ সংৰক্ষণৰ ক্ষেত্ৰত কুশলতাৰ পৰিচয় দি সুনাম কঢ়িয়াই আনিছে। WII য়ে বন্যজীৱ অধ্যয়ন আৰু গৱেষণাক জনপ্ৰিয়কৰণ তথা কেৰিয়াৰ গঠনৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে।
লক্ষ্য তথা উদেশ্য
• বন্যজীৱ সম্পৰ্কীয় বৈজ্ঞানিক তথ্যৰ সম্প্ৰসাৰণ
• বন্যজীৱ সংৰক্ষণ তথা পৰিচালনা সম্পৰ্কত বিভিন্ন পৰ্য্যায়ত ব্যক্তিক প্ৰশিক্ষণ দিয়া
• ভাৰতবৰ্ষৰ বিভিন্ন বন্যসম্পদ সম্পৰ্কীয় গৱেষণা
• বন্যজীৱ সংৰক্ষণ তথা পৰিচালনা সম্পৰ্কীয় সমস্যা সমূহত তথ্য তথা পৰামৰ্শ আগবঢ়োৱা
• বন্যজীৱ তথা প্ৰাকৃতিক সংৰক্ষণ, পৰিচালনা আৰু প্ৰশিক্ষণৰ উদেশ্যে অন্যান্য আন্তৰ্জাতিক সংগঠন সমূহৰ সৈতে সহযোগিতা কৰা
বিভাগ সমূহ
• প্ৰাণী বাস্তব্যবিদ্যা আৰু সংৰক্ষণ জীৱবিদ্যা (Animal Ecology & Conservation Biology)
• ইক’ডেভেলপমেণ্ট পৰিকল্পনা আৰু অংশগ্ৰহণ (Ecodevelopment Planning and Participatory Management)
• সংকটাপন্ন প্ৰজাতিৰ পৰিচালনা (Endangered Species Management)
• বাসস্থান বাস্তব্যবিদ্যা (Habitat Ecology)
• লেণ্ডস্কেপ পৰ্য্যায়ৰ পৰিচালনা তথা পৰিকল্পনা (Landscape Level Planning and Management)
• সংৰক্ষিত বনাঞ্চল নেটৱৰ্ক, বন্যজীৱ পৰিচালনা তথা সংৰক্ষণৰ প্ৰশিক্ষণ (Protected Area Network, Wildlife Management and Conservation Education )
• জনবসতি পৰিচালনা, প্ৰগ্ৰহণ তথা পুনৰ্সংস্থাপন (Population Management, Capture and Rehabilitation)
• বন্যজীৱৰ স্বাস্থ্য পৰিচালনা (Wildlife Health Management)
পাঠ্যক্ৰম
• বন্যজীৱ বিজ্ঞানত স্নাতকোত্তৰ (Masters in Wildlife Science)-দুবছৰীয়া ১৯৮৮ চনত এই পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ভাৰতীয় বন্যজীৱ সংস্থানৰ এই দুবছৰীয়া পাঠ্যক্ৰমৰ মূল উদেশ্য হৈছে বন্যপ্ৰাণী সংৰক্ষণ তথা দেশৰ অন্যান্য প্ৰান্তত এই সমপৰ্কীয় জ্ঞান বিস্তাৰৰ অৰ্থে উপযুক্ত ভাৱে প্ৰশিক্ষিত বিজ্ঞানীৰ সৃষ্টি কৰা।
• উচ্চ বন্যজীৱ পৰিচালনাত স্নাতকোত্তৰ ডিপ্লমা (Post Graduate Diploma Course in Advanced Wildlife Management)- দহমহীয়া
• বন্যজীৱ পৰিচালনাৰ চাৰ্টীফিকেট পাঠ্যক্ৰম (Certificate Course in Wildlife Management)- তিনিমহীয়া
অৱস্থিতি
ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান উত্তৰাখণ্ড ৰাজ্যৰ ৰাজধানী চহৰ ডেৰাদুনৰ চন্দ্ৰবাণী অঞ্চলত অৱস্থিত। এই অঞ্চলটো ডেৰাদুনৰ দক্ষিণৰ বনাঞ্চলৰ সমীপৱৰ্তী।
২ অৰণ্য গৱেষণা সংস্থান আৰু ভাৰতীয় বন ব্যৱস্থাপনা সংস্থানৰো তত্ত্বাৱধানৰ কাম Indian Council of Forestry Research and Educationৰ দ্বাৰা পৰিচালিত হয়।
লগতে চাওক
- Wildlife of India
- Indian Institute of Forest Management (IIFM)
- Indian Forest Service (IFS)
- Forest Survey of India (FSI)
- Central Zoo Authority of India (CZA)
- Zoo Outreach Organisation, an NGO
- Forest Research Institute
বাহ্যিক সংযোগ
- ভাৰতীয় বন্যজীৱ সংস্থানৰ ৱেবছাইট
- ENVIS Centre: Wildlife & Protected Areas (Secondary Database); ভাৰতীয় বন্যজীৱ সংস্থান (WII)
- “Online Photo Galleries” on Nature and Wildlife of India at "India Nature Watch (INW)" - spreading the love of nature and wildlife in India through photography
- পৰিবেশ আৰু বন মন্ত্ৰালয়, ভাৰত চৰকাৰৰ চৰকাৰী ৱেবছাইট
Legislation from Official website of: Government of India, Ministry of Environment & Forests
- “Legislations on Environment, Forests, and Wildlife” from the Official website of: Government of India, Ministry of Environment & Forests
- “India’s Forest Conservation Legislation: Acts, Rules, Guidelines”, from the Official website of: Government of India, Ministry of Environment & Forests
- Wildlife Legislations, including - “The Indian Wildlife (Protection) Act” from the Official website of: Government of India, Ministry of Environment & Forests
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৩৯ (১৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।