বৰফি বা বৰ্ফি হৈছে ভাৰতীয় উপমহাদেশত বহুলভাৱে প্ৰচলিত গাখীৰ ভিত্তিক এবিধ মিঠাই। ইয়াৰ নামটো পাৰ্চী আৰু উৰ্দু শব্দ বৰ্ফৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে তুষাৰ। সমগ্ৰ ভাৰত আৰু পাকিস্তানত বিব্জিন্ন উপলক্ষত বৰফি খোৱা হয়। ই উত্তৰ ভাৰতত বিশেষভাৱে জনপ্ৰিয় ৷ ইয়াক প্ৰায়ে কোনো উপলক্ষ উদযাপন আৰু ধৰ্মীয় উৎসৱ যেনে দীপাৱলী আৰু হোলীত পৰিবেশন কৰা হয় ৷১
৩ ইয়াক উৎসৱসমূহত উপহাৰ হিচাপেও দিয়া যায়।
ইতিহাস
বৰফিৰ উৎপত্তি হৈছিল পাৰস্যত আৰু ষোড়শ শতিকাত মোগল ৰজাসকলে ভাৰতত ইয়াক প্ৰৱৰ্তন কৰিছিল।২৪ কিনা-বেচা কৰিব পৰা শ্ৰমিকৰ জৰিয়তে ইয়াক ১৯ শতিকাৰ মাজভাগত ইয়াক ট্ৰিনিদাদলৈ অনা হয় আৰু তাতো ই জনপ্ৰিয় হৈ পৰে। ৫
প্ৰস্তুতি
বৰফি প্ৰস্তুত কৰিবলৈ, খোয়া (ঘন গাখীৰ বা কণ্ডেন্সড মিল্ক) আৰু চেনি মিহলাই একেলগে সিজোৱা হয়। যেতিয়া মিশ্ৰণটো গাঢ় হয়, তেতিয়া ইয়াক তেল সানি লোৱা কাঁহী এখনত বিয়পাই দিয়া হয়। ঠাণ্ডা হোৱাৰ পিছত ইয়াক বৰ্গক্ষেত্ৰ, হীৰা বা বৃত্তৰ দৰে আকাৰত কাটি লোৱা হয়। ইয়াক বল হিচাপেও মুঠি মাৰি বনাব পাৰি,। বিশেষ অনুষ্ঠান যেনে দীপাৱলী, বিবাহ-বাৰ্ষিকীত পৰিবেশন কৰিলে ইয়াক প্ৰায়ে ভাৰ্কেৰে (খোৱা ৰূপালী ফইল) সজাই তোলা হয়। ইয়াক নাৰিকল, পিহি লোৱা বাদাম, বা গুড়ি গাখীৰেৰেও সজাব পাৰি ৷১২৩
প্ৰকাৰ
খোয়া বা ডাঠ গাখীৰ আৰু চেনিৰ যি মিশ্ৰণ তাত ফলমূল, বাদাম, মাহজাতীয় শস্য, মছলা আৰু অন্যান্য সোৱাদযুক্ত খাদ্যবস্তু যোগ কৰি বিভিন্ন ধৰণৰ বৰফি প্ৰস্তুত কৰিব পাৰি। সাধাৰণতে ফলৰ ভিতৰত মধুৰি আৰু তৰমুজৰ গুটি আদি অন্তৰ্ভুক্ত। ইয়াত ব্যৱহাৰ কৰা বাদামসমূহৰ ভিতৰত আলমণ্ড, কাজু, নাৰিকল, আৰু পিষ্টাচিঅ' আদি অন্তৰ্ভুক্ত। কেতিয়াবা মগুমাহ যোগ কৰিলে মুগ দালি বৰফি হয়গৈ ৷ সাধাৰণ সোৱাদ আৰু মছলাৰ ভিতৰত ইলাচি, সুগন্ধি স্ক্ৰুপাইন, কমলা, আম, কেশৰ, গোলাপ জল্ল, আৰু ভেনিলা আদি অন্তৰ্ভুক্ত কৰা হগ। খাদ্যৰ ৰঙো ইয়াত যোগ কৰিব পাৰি।১২৩ বৰফি একাধিক তৰপ কৰিও তৈয়াৰ কৰিব পাৰি।
তথ্যসূত্ৰ
- ↑ Goldstein. (2015). The Oxford Companion to Sugar and Sweets. Oxford University Press. পৃ. 174
- ↑ Chu. (2014). Field Guide to Candy: How to Identify and Make Virtually Every Candy Imaginable. Quirk Books. পৃ. 299
- ↑ Krondl. (2011). Sweet Invention: A History of Dessert. Chicago Review Press. পৃ. 37
- ↑ (February 19, 2023). https://www.hindustantimes.com/photos/lifestyle/gulab-jamun-to-jalebi-5-popular-indian-sweets-that-have-foreign-roots-101676783771699-1.html
- ↑ (2002). The Multi-Cultural Cuisine of Trinidad & Tobago. Naparima Girls' High School Cookbook. Naparima Girls' High School. পৃ. 93. ISBN 976-8173-65-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰফি” প্ৰবন্ধৰ সংশোধন ৪০৭২৭৬ (২৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।