অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ধেমেলীয়া সম্পৰ্ক

নৃতত্ত্বত ধেমেলীয়া সম্পৰ্ক (Joking Relationship) হ’ল দুজন মানুহৰ মাজত গঢ় লৈ উঠা এক সম্পৰ্ক য’ত জোকাবলৈ বা ঠাট্টা কৰাৰ উদ্দেশ্য ধেমেলীয়া আচাৰ-ব্যৱহাৰ জড়িত হৈ থাকে। এই সম্পৰ্কত দুজন আত্মীয়ই অতি আন্তৰিক সম্পৰ্ক বজাই ৰাখি ইজনে সিজনক ধেমালি কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নৃতত্ত্বত ধেমেলীয়া সম্পৰ্ক (Joking Relationship) হ’ল দুজন মানুহৰ মাজত গঢ় লৈ উঠা এক সম্পৰ্ক য’ত জোকাবলৈ বা ঠাট্টা কৰাৰ উদ্দেশ্য ধেমেলীয়া আচাৰ-ব্যৱহাৰ জড়িত হৈ থাকে। এই সম্পৰ্কত দুজন আত্মীয়ই অতি আন্তৰিক সম্পৰ্ক বজাই ৰাখি ইজনে সিজনক ধেমালি কৰে। উদাহৰণস্বৰূপে, ভাৰতীয় পৰম্পৰাগত সমাজত দেৱৰ-বৌ, ভিনী-খুলশালীৰ মাজত এনে এক আন্তৰিক সম্পৰ্ক বজাই ৰখা হয়। এই ধৰণৰ সম্পৰ্কৰ ধেমালিবোৰ যৌনতাৰ ওপৰত আপত্তিজনক উল্লেখৰ আদান-প্ৰদানৰ সমান হ’ব পাৰে।

গাঁথনি

১৯৪০ চনত ব্ৰিটিছ সামাজিক নৃতত্ত্ববিদ আলফ্ৰেড ৰেডক্লিফ-ব্ৰাউনে বিশ্লেষণ কৰিছিল১ যে- এই ধৰণৰ সম্পৰ্কত এক প্ৰকাৰৰ আচাৰ-ব্যৱহাৰৰ জড়িত হৈ থাকে, যিটো নেকি সংঘটিত হয়। উদাহৰণস্বৰূপে দক্ষিণ আফ্ৰিকাৰ কিছুমান থলুৱা সমাজত এজন পুৰুষ আৰু তেওঁৰ শাহুৰ মাজত এই ধৰণৰ সম্পৰ্ক সৃষ্টি কৰি ধেমালি কৰা হয়। আলফ্ৰেডৰ বিশ্লেষণত দুটা মূল ভিন্নতা বৰ্ণনা কৰা হৈছে: এটা অসমতাপূৰ্ণ সম্পৰ্ক য'ত এটা পক্ষই আনটো পক্ষৰ দ্বাৰা পোৱা উপহাসত কোনো ধৰণৰ আপত্তি নকৰে, আৰু এটা প্ৰতিসম সম্পৰ্ক য'ত প্ৰতিটো পক্ষই আনটোৰ প্ৰতি এই ধৰণে ধেমালি অব্যাহত ৰাখে।

ধেমেলীয়া সম্পৰ্কটো হৈছে এনে এক পাৰস্পৰিক ক্ৰিয়া যিয়ে সামাজিক সম্পৰ্কৰ মধ্যস্থতা কৰে আৰু সুস্থিৰ কৰে য'ত শহুৰেকৰ মাজত আৰু বংশ আৰু জনগোষ্ঠীৰ মাজত উত্তেজনা, প্ৰতিযোগিতা বা সম্ভাৱ্য সংঘাত থাকে।২

লগতে পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Radcliffe-Brown, A. R. (July 1940). On Joking Relationships. Journal of the International African Institute. পৃ. 195–210
  2. ↑ Radcliffe-Brown, Alfred. (1952). Structure and Function in Primitive Society. New York Free Press of Glencoe. পৃ. 95. ISBN 0710019866

সম্পৰ্কিত শ্ৰেণী

সমাজতত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধেমেলীয়া সম্পৰ্ক” প্ৰবন্ধৰ সংশোধন ৬২৪৮২৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।