নেচাৰ্চ বেকন হৈছে উত্তৰ-পূব ভাৰতৰ এক বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন। ১৯৮২ চনত সামাজিক উদ্যোগীৰ সংস্থা অশোকৰ সদস্য১ সৌম্যদ্বীপ দত্তই নেচাৰ্চ বেকনৰ প্ৰতিষ্ঠা কৰে আৰু ১৯৯১ চনত সংগঠনটোৱে ভাৰতৰ ৰেজিষ্ট্ৰাৰ অফ ছ’চাইটীজ এক্ট বা সমিতি পঞ্জীকৰণ আইনৰ অধীনত পঞ্জীয়ণ লাভ কৰে। সংগঠনটোৰ মুখ্য কাৰ্যালয় ধুবুৰীত আছে। আৰম্ভণিৰে পৰাই নেচাৰ্চ বেকনে বন্যপ্ৰাণী সংৰক্ষণ, এই বিষয়ে সজাগতা সৃষ্টি, পৰিৱেশ শিক্ষা, বৈজ্ঞানিক গৱেষণা আৰু তথ্যসজ্জা, আৰু উত্তৰ-পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ হকে প্ৰচেষ্টা চলাই আহিছে।২৩
উদ্দেশ্যসমূহ
- জনতাৰ সহযোগত অৰণ্য আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ
- বনানীকৰণ আৰু জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণৰ লগতে অৰণ্যৰ কাষৰীয়া গাঁওসমূহৰ কৃষকসকলক পৰম্পৰাগত শাক-পাচলিৰ খেতি কৰিবলৈ উৎসাহ প্ৰদান
- সাধাৰণ লোকৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা গঢ়ি তোলা
- শিক্ষাৰ্থীসকলক পৰিৱেশ শিক্ষা দিয়াৰ লগতে যুৱচামক সংৰক্ষণ কাৰ্যৰ বাবে প্ৰ্শিক্ষিত কৰি গঢ়ি তোলা
- সামাজিক ন্যায়ৰ হকে কাম কৰা

লক্ষ্য
“নেচাৰ্চ বেকনৰ লক্ষ্য হৈছে জনগণৰ লাভাৰ্থে জনগণৰ সহযোগত বন্যপ্ৰাণী, উদ্ভিদ আৰু ইহঁতৰ বাসস্থানসমূহৰ সংৰক্ষণ, সুৰক্ষা আৰ পৰিৱৰ্দ্ধন।” ("The mission of Nature's Beckon is working with the people to conserve, protect and increase wildlife, plants and their habitats for the continuing benefit of the people.")
উল্লেখনীয় সফলতা
নেচাৰ্চ বেকনে ধুবুৰী জিলাৰ চক্ৰশিলা অভয়াৰণ্যত সোণালী বান্দৰৰ অৱস্থিতি দাবী কৰে।৪ চক্ৰশীলাক অভয়াৰণ্যৰ মৰ্যাদা প্ৰাদান কৰাত প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে মুখ্য ভূমিকা গ্ৰহণ কৰে। ইয়াৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন অৰণ্যাঞ্চল আৰু জলাহভূমিত ভালেকেইবিধ লুপ্তপ্ৰায় জীৱ-জন্তু চিনাক্ত কৰাৰ লগতে এনে বন্যপ্ৰাণীসমূহৰ সংৰক্ষণত সংস্থাটোৱে অগ্ৰণী ভূমিকা লৈ আহিছে।৪
গ্ৰন্থ প্ৰকাশ
নেচাৰ্চ বেকনে ইয়াৰ সদস্যসমূহে ৰচনা কৰা আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰা ইংৰাজী আৰু অসমীয়া ভাষাৰ কেইবাখনো গ্ৰন্থ, গৱেষণা পত্ৰ, আৰু প্ৰবন্ধ প্ৰকাশ কৰিছে।
নেচাৰ্চ বেকনৰ গ্ৰন্থসমূহ:
| গ্ৰন্থৰ নাম | লেখক | ভাষা |
|---|---|---|
| Chakrashila Wildlife Sanctuary | সৌম্যদ্বীপ দত্ত, মৃদুপৱন ফুকন | ইংৰাজী |
| অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান | সৌম্যদ্বীপ দত্ত, মৃদুপৱন ফুকন | অসমীয়া |
| অৰণ্যৰ ছাঁ পোহৰ | সৌম্যদ্বীপ দত্ত | অসমীয়া |
| প্ৰকৃতি আৰু আমি | দেৱেন্দ্ৰনাথ শৰ্মা | অসমীয়া |
| ধনেশ | বিকাশ বৰদলৈ, তুষাৰ শইকীয়া | অসমীয়া |
| অসমৰ প্ৰাইমেট | সৌম্যদ্বীপ দত্ত | অসমীয়া |
| প্ৰসঙ্গ প্ৰকৃতি | ৰূপম বৰুৱা | অসমীয়া |
| উদ্গীৰণ | সৌম্যদ্বীপ দত্ত | অসমীয়া |
| প্ৰতিবাদ আৰু প্ৰত্যাশা | সৌম্যদ্বীপ দত্ত | অসমীয়া |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেচাৰ্চ বেকন” প্ৰবন্ধৰ সংশোধন ৩৯৩৪৫১ (২৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।