অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

হিছ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত এখন উল্লেখযোগ্য প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। ১৯২৭ চনত ব্ৰিটিছ চৰকাৰে এই প্ৰতিষ্ঠান খন স্থাপন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা এইখন প্ৰথম প্ৰতিষ্ঠান।

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৩ ১৯৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হিছ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত এখন উল্লেখযোগ্য প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। ১৯২৭ চনত ব্ৰিটিছ চৰকাৰে এই প্ৰতিষ্ঠান খন স্থাপন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা এইখন প্ৰথম প্ৰতিষ্ঠান।১

অৱস্থান

প্ৰতিষ্ঠান খন যোৰহাটৰ গড়আলিৰ ৩১ একৰ মাটিত অৱস্থিত। ই যোৰহাট ৰে'ল ষ্টেচনৰ পৰা মাত্ৰ ১.৫ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ পৰা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৬ কিঃমিঃ আৰু যোৰহাট বাছ ষ্টেচন ৬.৫ কিঃমিঃ দূৰত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাট বিমানবন্দৰ।

শিক্ষা

প্ৰতিষ্ঠানখনে ব্যৱহাৰিক, যান্ত্ৰিক,বৈদ্যুতিক, কৃষি, অট'মোবাইল, অণুবিদ্যুৎ আৰু দূৰসংযোগ আৰু সঁজুলিবিদ্যা অভিযান্ত্ৰিক বিভাগত ৩ বছৰীয়া ডিপ্ল'মা পাঠ্যকম আগবঢ়ায়। এই সকলো পাঠ্যক্ৰম অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয় অধীনৰ ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত। ইয়াৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰতিবছৰে প্ৰযুক্তি শিক্ষা সঞ্চালকালয়, অসমে পলিটেকনিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।

বিভাগ সমূহ

  • ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগ (Department of Civil Engineering)
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Department of Electrical Engineering)
  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ (Department of Mechanical Engineering)
  • কৃষি অভিযান্ত্ৰিক বিভাগ (Department of Agricultural)
  • অণুবিদ্যুৎ আৰু দূৰসংযোগ অভিযান্ত্ৰিক বিভাগ (Department of Electronics & Telecommunication Engineering)
  • অট'মোবাইল অভিযান্ত্ৰিক বিভাগ

(Department of Automobile Engineering)

  • সঁজুলিবিদ্যা অভিযান্ত্ৰিক বিভাগ (Department of Instrumentation Engineering)
  • পদাৰ্থ বিজ্ঞান বিভাগ (Department of Physics)
  • ৰসায়ন বিজ্ঞান বিভাগ (Department of Chemistry)
  • গণিত বিভাগ (Department of Mathematics)
  • মানৱিকি বিভাগ (Department of Humanities)
  • কৰ্মশালা (Workshop Departments)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jorhat District, Assam. jorhat.gov.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহযোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৩৯৯৩৬০ (২৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।