মীনাক্ষী শেষাদ্ৰী (ইংৰাজী: Meenakshi Seshadri; জন্ম: ১৬ নৱেম্বৰ ১৯৬৩) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, মডেল, নৃত্যশিল্পী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। মূলতঃ হিন্দী ছবিত কাম কৰাৰ লগতে তেওঁ কিছুসংখ্যক তেলেগু আৰু তামিল ভাষাৰ ছবিতো অভিনয় কৰিছিল। মনোজ কুমাৰে প্ৰযোজনা কৰা পেইণ্টাৰ বাবু (১৯৮৩) ছবিৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ ছবি জগতত প্ৰৱেশ কৰিছিল আৰু দ্বিতীয়খন ছবি হিৰোৰ (১৯৮৩) জৰিয়তে তেওঁ তাৰকা হিচাপে প্ৰতিস্থিত হৈছিল। এটা দশকজোৰা কেৰিয়াৰত তেওঁ সেই সময়ৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক মাননী পোৱা অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।
অভিনয় জীৱনৰ পূৰ্বে শেষাদ্ৰীয়ে ১৯৮১ চনত ১৭ বছৰ বয়সত ইভছ উইকলি মিছ ইণ্ডিয়া প্ৰতিযোগিতাত জয়ী হৈছিল।১২ ১৯৮০ আৰু ১৯৯০ চনত হিন্দী ছবিৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হয় আৰু অভিনয়, সৌন্দৰ্য্য আৰু নিপুণ নৃত্যৰ বাবে স্বীকৃতি লাভ কৰে।৩ হিৰো (১৯৮৩), '"আন্ধি-টুফান (১৯৮৫), মেৰী জং (১৯৮৫), স্বাতী (১৯৮৬), দিলৱালা (১৯৮৬), ডকাইত (১৯৮৭), ইনাম দছ হাজাৰ (১৯৮৭), পৰিৱাৰ (১৯৮৭), শ্বাহেনশ্বাহ (১৯৮৮), মহাদেৱ (১৯৮৯), আৱাৰগী (১৯৯০), জুৰম (১৯৯০), ঘায়ল (১৯৯০), ঘৰ হো তো এইছা (১৯৯০), ডামিনী (১৯৯৩), ডুৱেট (১৯৯৪) আৰু ঘাটক (১৯৯৬) আদি ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বিখ্যাত হৈছিল।৩ স্বাতী (১৯৮৬), '"ডাহলিজ (১৯৮৬), সত্যমেৱ জয়তে (১৯৮৭), আৱাৰগী (১৯৯০) আৰু ডামিনী (১৯৯৩)ৰ বাবে তেওঁ বিশেষ সমালোচকৰ প্ৰশংসা লাভ কৰে।৪ নব্বৈৰ দশকত খাজুৰাহো নৃত্য মহোৎসৱতো তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছিল।
তেওঁৰ ছবি ঘাটক মুক্তি পোৱাৰ পিছত তেওঁ চলচ্চিত্ৰ জগত এৰি স্বামী আৰু সন্তানৰ সৈতে আমেৰিকাত থাকিবলৈ লয়। তাত তেওঁ “চেৰিছ ডান্স স্কুল”ৰ পৰিচালনা কৰে। তেওঁৰ জীৱনৰ সম্পৰ্কে মীনাক্ষী এক্সেপ্ট হাৰ উইংছ নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল।৫৬
প্ৰাৰম্ভিক জীৱন
১৯৬৩ চনৰ ১৬ নৱেম্বৰত বিহাৰৰ সিন্দ্ৰীৰ (বৰ্তমান ঝাৰখণ্ডত) এক তামিল ব্ৰাহ্মণ পৰিয়ালত মীনাক্ষী শেষাদ্ৰীৰ জন্ম হৈছিল। প্ৰথমতে তেওঁৰ নাম আছিল শশীকলা শেষাদ্ৰী। ভেম্পতী চিন্না সত্যম আৰু জয়া ৰামা ৰাওৰ অধীনত তেওঁ ভাৰতনাট্যম, কুচিপুড়ি, কথক, আৰু ওড়িছী নামৰ চাৰিবিধ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ লৈছিল। ১৯৮১ চনত ১৭ বছৰ বয়সত ইভছ উইকলি মিছ ইণ্ডিয়া প্ৰতিযোগিতাত জয়ী হয় আৰু ১৯৮১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা মিছ ইণ্টাৰনেশ্যনেলত ভাৰতক প্ৰতিনিধিত্ব কৰে।
ব্যক্তিগত জীৱন
১৯৯৫ চনত বিনিয়োগ বেংকাৰ হৰিশ মহীশূৰৰ সৈতে মীনাক্ষী শেষাদ্ৰী বিবাহপাশত আবদ্ধ হৈছিল।৭ বিবাহৰ পিছত মীনাক্ষীয়ে চিনেমাৰ পৰা অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেওঁলোকৰ দুটা সন্তান; এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।৮ প্ৰথমে মীনাক্ষী টেক্সাছৰ প্লেনোত বাস কৰিছিল৯ আৰু তাত তেওঁ ভাৰতনাট্যম, কথক, ওডিছি আদিৰ শিক্ষা প্ৰদান কৰিছিল। কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা আমেৰিকান এছ'চিয়েচন অৱ ফিজিচিয়ানছ অৱ ইণ্ডিয়ান অৰিজিন (AAPI) কনভেনচনকে ধৰি বিভিন্ন চেৰিটি অনুষ্ঠান আৰু ধন সংগ্ৰহৰ অনুষ্ঠানৰ বাবে তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰে। তাৰ পিছত তাই ৱাশ্বিংটন ডি.চি.লৈ স্থানান্তৰিত হয়। তাত তেওঁ তেওঁ “চেৰিছ ডান্স স্কুল” নামৰ এখন নৃত্য প্ৰশিক্ষণ বিদ্যালয় পৰিচালনা কৰে
বঁটা আৰু স্বীকৃতি
মীনাক্ষী শেষাদ্ৰীয়ে তেওঁৰ চলচ্চিত্ৰ জীৱনত বহুতো বঁটা আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।
- ১৯৮৬ – স্বাতী ছবিৰ বাবে লাক্স শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা
- ১৯৯১ – জুৰ্ম ছবিৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন১০
- ১৯৯২ – আপদবন্ধৱুডু ছবিৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড চাউথ শ্ৰেষ্ঠ অভিনেত্ৰীৰ নমিনেছন
- ১৯৯৪ – ডামিনী ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ফিল্মফেয়াৰ মনোনয়ন১১
- ১৯৯৩ – ডামিনী ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে স্মিতা পাটিল স্মৃতি বঁটা
- ১৯৯৩ – আপদবন্ধৱুডু ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক বঁটা।
তথ্যসূত্ৰ
- ↑ Actress missing from Action – Meenakshi Seshadri. Zee News
- ↑ Miss India and their Bollywood breaks
- ↑ Boxofficeindia.com. Top Actress
- ↑ BoxOffice India.com. BoxOffice India.com
- ↑ Box Office 1996
- ↑ (30 December 2008). The Miraculous Meenakshi. lcahouston.com
- ↑ civil wedding
- ↑ (15 November 2019). Then and now: Damini actress Meenakshi Seshadri looks unrecognisable. mid-day
- ↑ (31 October 2013). Spurred by success: Meenakshi bares her claws!. Stardust
- ↑ The Nominations – 1990. Official Listings, Indiatimes
- ↑ The Nominations — 1993. Official Listings, Indiatimes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীনাক্ষী শেষাদ্ৰী” প্ৰবন্ধৰ সংশোধন ৫৮১৩০৯ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।