অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্বীপ (চলচ্চিত্ৰ)

দ্বীপ (Dweepa)) হৈছে গিৰীশ কাছাৰৱল্লী পৰিচালিত ২০০২ চনৰ এখন কানাড়া ভাষাৰ ছবি, যিখন না ডিছুজাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ইয়াত সৌন্দৰ্য, অবিনাশ আৰু এম ভি বাসুদেৱ ৰাৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বান্ধ নিৰ্মাণ আৰু থলুৱা লোকৰ স্থানচ্যুতি ছবিখনৰ বিষয়।

হালনাগাদ: ৫ এপ্ৰিল ২০২৪ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দ্বীপ (Dweepa)) হৈছে গিৰীশ কাছাৰৱল্লী পৰিচালিত ২০০২ চনৰ এখন কন্নড় ভাষা ভাষাৰ ছবি, যিখন না ডিছুজাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত। ১ ইয়াত সৌন্দৰ্য, অবিনাশ আৰু এম ভি বাসুদেৱ ৰাৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বান্ধ নিৰ্মাণ আৰু থলুৱা লোকৰ স্থানচ্যুতি ছবিখনৰ বিষয়। দ্বীপে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২ চাৰিটা কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ লাভ কৰিবলৈ সক্ষম হৈছে। ৩

কাহিনীৰ সাৰাংশ

সীতা পৰ্বত নিম্নভূমিত অৱস্থিত এখন দ্বীপ-গাঁও। অবিৰত বৰষুণৰ ফলত গাঁওখন ডুব যোৱাৰ উপক্ৰম হৈছে। চৰকাৰে গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ দি আঁতৰাই নিয়াত সফল হয়। মন্দিৰৰ পুৰোহিত দুগ্গজ্জা, পুত্ৰ গণপা আৰু বোৱাৰী নাগীয়ে সামান্য ক্ষতিপূৰণেৰে গৃহভূমি এৰি জীৱিকা নিৰ্বাহ কৰাটো অসম্ভৱ বুলি বিবেচনা কৰে। তেওঁলোকৰ মাত্ৰ এটা সৰু জুপুৰি, যাৰ ফলত তেওঁলোকৰ ক্ষতিপূৰণ মাত্ৰ ২৫,০০০ টকাহে পাব। গণপাৰ নিজৰ ভাষাত এই ক্ষতিপূৰণে তেওঁলোকক খাদ্য আৰু বাসস্থান দিব পাৰে, কিন্তু তেওঁলোকে লাভ কৰা মানুহৰ মৰম আৰু সন্মানৰ ক্ষতিপূৰণ দিব নোৱাৰে। দ্বীপগাঁওখনত তেওঁলোক সন্মানীয় মানুহ; কিন্তু ইয়াৰ পৰা আঁতৰি যোৱাৰ পাছত, বাহিৰত তেওঁলোক জীৱিকা নিৰ্বাহৰ বাবে সংগ্ৰাম কৰা শ শ পৰিয়ালৰ ভিতৰত এটা হ’ব। এই জটিল বিষয়বস্তুক কেন্দ্ৰ কৰি ছবিখনত পৰিয়ালটোৰ সংগ্ৰাম আৰু শেষত কেনেকৈ তেওঁলোকে দ্বীপটোত জীৱন অব্যাহত ৰাখিবলৈ সক্ষম হয়, সেই বিষয়ে বৰ্ণনা কৰিছে।

অভিনয়

  • সৌন্দৰ্যা (নাগী)
  • অবিনাশ য়েলেন্দুৰ (গণপা)
  • এণ ভি বাসুদেৱ ৰাও (দুগ্গজ্জ)
  • হৰিশ ৰাজ (কৃষ্ণ)
  • পুৰুষোত্তম
  • সিদ্দাৰাজ কল্যাণকাৰ
  • মালতি
  • বিজয়সাৰথি
  • ৰাধা ৰামচন্দ্ৰ
  • শ্ৰীংগেৰী ৰামান্না
  • সাৱন্ত

বঁটা আৰু প্ৰদৰ্শন

৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০১)৪

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (স্বৰ্ণকমল)
  • শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফী- এইচ.এম. ৰামচন্দ্ৰ হালকেৰে

২০০১-০২ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা৪

  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালনা- গিৰিশ কাছাৰাৱল্লী
  • মুখ্য চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী- সৌন্দৰ্যা
  • শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফী-এইচ.এম. ৰামচন্দ্ৰ হালকেৰে

৫০তম ফিল্মফেয়াৰ বঁটা দক্ষিণ

  • কানাড়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালক- গিৰিশ কাছাৰাৱল্লী
  • মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী- সৌন্দৰ্যা

প্ৰদৰ্শন

  • হিউমেন ৰাইটচ্ ৱাচ্চ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিফেল- নিউয়ৰ্ক
  • ৩৩তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৫
  • ফুকৌপা চলচ্চিত্ৰ মহোৎসৱ, জাপান
  • ডাৰবান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
  • ৰোটাৰডাম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
  • চিনেমা ভিনটেজ প্ৰোগ্ৰাম, IsolaCinema, KinoOtok
  • মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৬

তথ্যসূত্ৰ

  1. ↑ Vishwanatha, Vanamala. (31 May 2014). The region writes back. দ্য হিন্দু
  2. ↑ (26 July 2002). 49TH National Film Award. Ministry of Information & Broadcasting
  3. ↑ (26 May 2003). Dweepa is showered with accolades. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (3 October 2002). Dweepa, Ekaangi, Neela bag best Kannada film awards. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (26 September 2002). International Film Festival of India-2002. Press Information Bureau
  6. ↑ (2003-12-31). 2003 Year Round Up. chitraloka.com

সম্পৰ্কিত শ্ৰেণী

কানাড়া চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী২০০২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বীপ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৬৯৬৯ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।