ধনু যাত্ৰা (ଧନୁଯାତ୍ରା; Dhanu Jatra) ওড়িশাৰ বৰগড়ত অনুষ্ঠিত হোৱা মুক্তাঙ্গনত পৰিবেশিত নাট্যানুষ্ঠান। বৰগড়ৰ ৮ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ পৌৰ অঞ্চলত বিয়পি থকা ই পৃথিৱীৰ সৰ্ববৃহৎ মুক্তাঙ্গন থিয়েটাৰ আৰু ই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে।১২৩৪৫৬৭ ই কৃষ্ণ (স্থানীয়ভাবে ক্ৰুষ্ণা বুলি জনাজাত) আৰু তেওঁৰ মোমায়েক কংসৰ পৌৰাণিক কাহিনী আধাৰিত। বৰগড়ত উদ্ভৱ হোৱা এই যাত্ৰা বা নাট বৰ্তমান পশ্চিম উৰিষ্যাৰ বিভিন্ন ঠাইত পৰিবেশিত হয় যদিও বৰগড়ৰখনেই মুখ্য যাত্ৰা।৮ ইয়াত কৃষ্ণ আৰু বলোৰামে তেওঁলোকৰ মোমায়েক কংসই মথুৰাত অনুষ্ঠিত কৰা ধনু যাত্ৰা চাবলৈ যোৱাৰ কাহিনী বৰ্ণিত হৈছে। ধনু যাত্ৰাৰ কাহিনী কংসৰ ভনীয়েক দৈৱকী আৰু বসুদেৱৰ বিবাহ তথা ৰজা উগ্ৰসেনক ৰাজকুমাৰ কংসই সিংহাসনৰ পৰা নমাই নিজে ৰাজপাট দখল কৰাৰ ঘটনাৰে আৰম্ভ হৈ কংসৰ মৃত্যু আৰু ৰজা উগ্ৰসেন পুনৰ ৰাজপাটত বহাত শেষ হৈছে। ইয়াত কোনো লিখিত নাট্যৰূপ ব্যৱহাৰ কৰা নহয়। উৎসৱ চলি থকা অৱস্থাত কংসই ৰাইজক কোনো ভুলৰ বাবে শাস্তি স্বৰূপে জৰিমনা বিহিব পাৰে। এবাৰ উৰিষ্যাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বিজু পাটনায়ক আৰু তেওঁৰ মন্ত্ৰীসভাকো জৰিমনা বিহা হৈছিল।৭ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ২০১৪ৰ নবেম্বৰত ধনু যাত্ৰাক ৰাষ্ট্ৰীয় উৎসৱৰ মৰ্যাদা দিছে।৯
ইতিহাস

কিছুমান বয়োজ্যেষ্ঠ লোকে কয় যে ভাৰতে নতুনকৈ লাভ কৰা স্বাধীনতাৰ আনন্দত শ্ৰমিক শ্ৰেণীৰ মানুহে এই উৎসৱৰ আৰম্ভণি কৰিছিল। কংসৰ মৃত্যু উপনিবেশিক শাসনৰ অন্ত পৰাৰ প্ৰতীকী ৰূপ আছিল।১০
মঞ্চ
বৰগড়ৰ মূল পৌৰ অঞ্চলটো মথুৰা নগৰীলৈ ৰূপান্তৰিত হয়। জীৰা নৈখন হয় গৈ যমুনা। বৰ্তমান বৰগড় নগৰৰ এটা ৱাৰ্ড অম্বাপলি গাঁও গোপপুৰৰ, অম্বাপলিৰ গাঁৱৰ মাজৰ এটা পুখুৰী কালিন্দী হ্ৰদৰ আৰু গোবিন্দপল্লীক আশ্ৰমৰ, নিশামণি স্কুলৰ চোতালক ৰংমহলৰ দৃশ্যপট হিচাপে ব্যৱহাৰ কৰা হৈ আহিছে।
তথ্যসূত্ৰ
- ↑ Dash, Prakash. Dhanu Yatra World's biggest open-air theatre. Newsonair.com. News on Air: All India Radio
- ↑ Dhanu Jatra. Festivalsofindia.in
- ↑ Mohapatra, Prabhukalayan. (2005). Dhanuyatra of Bargarh: World's Biggest Open-Air-Theatre. Orissa Review
- ↑ Mishra, Biranchi. Dhanu Yatra: Largest Open Air Ethnic Theatre. ISKCON News
- ↑ (2008). The Hindu: Other States / Orissa News: Bargarh gears up for Dhanu Yatra. hindu.com
- ↑ (2011). All of Bargarh's a stage for Dhanu Yatra - Times Of India. indiatimes.com
- ↑ Dehury, Chinmaya. (27 December 2015). Odisha town turns into Mathura for world's biggest open air theatre. Sify. Sify News
- ↑ Koshal Discussion and Development Forum
- ↑ National fest tag to Bargarh Dhanu Yatra. The Times Of India
- ↑ Bargarh Dhanu Yatra Govt. website, maintained by National Informatics Centre
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনু যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৬৩৭২৫৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।